--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে জোাৰি যোৱা দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল যোগীৰ ৰাজ্য উত্তৰপ্ৰদেশত।ৰাজ্য খনত এজন যুৱকে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি মৃতদেহটো  শৰীৰটো টুকুৰা টুকুৰা কৰি কাটি পেলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।দিল্লীত শ্ৰদ্ধা হত্যাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই  উত্তৰ প্ৰদেশত একেধৰণৰ ভয়ংকৰ ঘটনা এটা ঘটিছে। আৰক্ষীয়ে আজমগড়ৰ এজন যুৱকক তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি   শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলোৱাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱকজনক ৰাজকুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে। 

আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ ৩৫ টুকুৰা কাটিছিল আৰু ৰাজকুমাৰে তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ শৰীৰটো ৬ টুকুৰাকৈ কাটি পেলাইছে। ১৫ নৱেম্বৰত আজমগড়ৰ পশ্চিমী গাঁৱৰ এটা কুঁৱাত এগৰাকী যুৱতীৰ এটা বিকৃত মৃতদেহ ওপঙি থকা অৱস্থাত পোৱা গৈছিল। তাৰ পিছতে আৰম্ভ হৈছিল আৰক্ষীৰ  তদন্ত । অৰ্ধ-উলংগ অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহৰ ছয়টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।  কটা মূৰটো কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল। ইফালে, মূৰটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত অভিযুক্ত ৰাজকুমাৰৰ সৈতে আৰক্ষীৰ এনাউণ্টাৰ হৈছিল।  আৰক্ষীৰ মতে ৰাজকুমাৰৰ  ওচৰত এটাদেশীয় বন্দুক আছিল। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ আৰক্ষীক লক্ষ্য কৰি  গুলীচালনা কৰিছিল। আৰক্ষীয়েও গুলীচালনা কৰাত হত্যাকাৰী ৰাজকুমাৰ গুৰুতৰভাবে আহত হৈছিল।

আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই কয় যে মৃত যুৱতীগৰাকীক  আৰাধনা বুলি চিনাক্ত কৰা হৈছে। তেওঁ ইছাকপুৰ গাঁৱৰ বাসিন্দা আছিল। জেৰাৰ সময়ত ৰাজকুমাৰে কয়  যে তেওঁ আৰাধনাক তেওঁৰ  সৈতে সম্পৰ্ক ছেদ কৰি   আন কাৰোবাৰ সৈতে  বিয়া হ’বলৈ কৈছিল। কিন্তু আৰাধনাই তেনে কৰিবলৈ অসন্মত হোৱাত তেওঁক হত্যা কৰে। ৰাজকুমাৰে তেওঁৰ সম্পৰ্কীয় ভাই সৰ্বেশৰ সৈতে মিলি আৰাধনাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। দুয়োজনে পিছত  আৰাধনাৰ  শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলাইছিল। মৃতদেহটো এটা ক'লা পলিথিনৰ মোনাত ভৰাই গাওঁখনৰ এটা কুঁৱাত পেলাই দিয়া হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু