--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে জোাৰি যোৱা দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল যোগীৰ ৰাজ্য উত্তৰপ্ৰদেশত।ৰাজ্য খনত এজন যুৱকে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি মৃতদেহটো  শৰীৰটো টুকুৰা টুকুৰা কৰি কাটি পেলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।দিল্লীত শ্ৰদ্ধা হত্যাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই  উত্তৰ প্ৰদেশত একেধৰণৰ ভয়ংকৰ ঘটনা এটা ঘটিছে। আৰক্ষীয়ে আজমগড়ৰ এজন যুৱকক তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি   শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলোৱাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱকজনক ৰাজকুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে। 

আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ ৩৫ টুকুৰা কাটিছিল আৰু ৰাজকুমাৰে তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ শৰীৰটো ৬ টুকুৰাকৈ কাটি পেলাইছে। ১৫ নৱেম্বৰত আজমগড়ৰ পশ্চিমী গাঁৱৰ এটা কুঁৱাত এগৰাকী যুৱতীৰ এটা বিকৃত মৃতদেহ ওপঙি থকা অৱস্থাত পোৱা গৈছিল। তাৰ পিছতে আৰম্ভ হৈছিল আৰক্ষীৰ  তদন্ত । অৰ্ধ-উলংগ অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহৰ ছয়টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।  কটা মূৰটো কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল। ইফালে, মূৰটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত অভিযুক্ত ৰাজকুমাৰৰ সৈতে আৰক্ষীৰ এনাউণ্টাৰ হৈছিল।  আৰক্ষীৰ মতে ৰাজকুমাৰৰ  ওচৰত এটাদেশীয় বন্দুক আছিল। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ আৰক্ষীক লক্ষ্য কৰি  গুলীচালনা কৰিছিল। আৰক্ষীয়েও গুলীচালনা কৰাত হত্যাকাৰী ৰাজকুমাৰ গুৰুতৰভাবে আহত হৈছিল।

আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই কয় যে মৃত যুৱতীগৰাকীক  আৰাধনা বুলি চিনাক্ত কৰা হৈছে। তেওঁ ইছাকপুৰ গাঁৱৰ বাসিন্দা আছিল। জেৰাৰ সময়ত ৰাজকুমাৰে কয়  যে তেওঁ আৰাধনাক তেওঁৰ  সৈতে সম্পৰ্ক ছেদ কৰি   আন কাৰোবাৰ সৈতে  বিয়া হ’বলৈ কৈছিল। কিন্তু আৰাধনাই তেনে কৰিবলৈ অসন্মত হোৱাত তেওঁক হত্যা কৰে। ৰাজকুমাৰে তেওঁৰ সম্পৰ্কীয় ভাই সৰ্বেশৰ সৈতে মিলি আৰাধনাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। দুয়োজনে পিছত  আৰাধনাৰ  শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলাইছিল। মৃতদেহটো এটা ক'লা পলিথিনৰ মোনাত ভৰাই গাওঁখনৰ এটা কুঁৱাত পেলাই দিয়া হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement