--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন আইএএছ বিষয়া অৰুণ গোৱেলে আজি দেশৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। পঞ্জাব কেডাৰৰ ১৯৮৫ বৰ্ষৰ আইএএছ বিষয়া গোৱেলে ১৮ নৱেম্বৰত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁক শনিবাৰে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

তেওঁ ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পাছত চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া লাগিছিল। তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ সৈতে নিৰ্বাচনী পেনেলত যোগদান কৰিছে।
এই বছৰৰ মে’ত মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে সুশীল চন্দ্ৰৰ অৱসৰৰ পিছত আয়োগত এটা খালী পদ আছিল। 

গোৱেল তেতিয়ালৈ উদ্যোগ সচিব আছিল। তেওঁ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰণালয়তো সেৱা আগবঢ়াইছে।
গুজৰাটত এক আৰু পাঁচ ডিচেম্বৰত দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কেইদিনমান পূৰ্বে তেওঁ নিযুক্তি লাভ ৰৰিছে।
অহা মাহত নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আৰু কৰ্ণাটকৰ নিৰ্বাচনৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ সময়ত নিৰ্বাচনী পেনেলৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু