--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ চলিছে ব্যাপক জল্পনা-কল্পনা৷ ৮০খন লোকসভাৰ আসন থকা প্ৰায় ২১ কোটিৰ জনসংখ্যাৰ উত্তৰ প্ৰদেশত আছে ৪০৩খনকৈ বিধানসভাৰ আসন। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে৷ কিয়নো উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ দেশৰে ৰাজনীতি নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয়। যোগী চৰকাৰৰ বিৰুদ্ধে অধিষ্ঠানবিৰোধী ঢৌ থকাৰ পৰিপ্ৰেক্ষিতত অন্য বিভিন্ন ধৰণৰ কৌশলেৰে ক্ষমতা দখলৰ অংক চলিছে বিজেপিয়ে। এতিয়া দেখা গৈছে উত্তৰ প্ৰদেশত আশংকা কৰাৰ দৰেই পুনৰ গা-কৰি উঠিছে হিন্দু-মুছলমানৰ ৰাজনীতিয়ে৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশত মুঠ ৮০ শতাংশ অ-মুছলমান আৰু ২০ শতাংশ মুছলিম লোকে বাস কৰে৷ শেহতীয়াকৈ যোগীৰ এটা মন্তব্যই উত্তৰ প্ৰদেশত পুনৰ ধৰ্মীয় ৰাজনীতিৰ উক-মুকনিৰ সৃষ্টি কৰিছে৷ যোগীৰ বক্তব্য অনুসৰি, উত্তৰ প্ৰদেশৰ ৮০ শতাংশ লোকৰহে ভোট লাগে তেওঁক৷ তেওঁৰ এই মন্তব্যই স্পষ্ট ইংগিত দিছে যে, উত্তৰ প্ৰদেশৰ মুঠ ৮০শতাংশ লোক অ-মুছলমান অৰ্থাৎ সেইসকল লোকৰহে ভোট লাগে যোগীক বাকী ২০ শতাংশ মুছলিমৰ ভোট নালাগে ৷

উত্তৰ প্ৰদেশত এতিয়া উন্নয়ন, নিৱনুৱা, প্ৰব্ৰজিত শ্ৰমিক, ক’ভিড ১৯ মহামাৰীয়ে দৰে গুৰুতৰ সমস্যবোৰক একাষৰীয়া ৰাখি যোগীয়ে ধৰ্মীয় আৱেগেৰে ভোট ভিক্ষা কৰাত নামিছে বুলি এতিয়া অভিযোগ উঠিছে৷ এতিয়া উত্তৰ প্ৰদেশত বিৰাজ কৰিছে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি৷ অ-হিন্দুসকলক বাৰাণসীত গংগাৰ পাৰলৈ যাবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ঘাটৰ চাৰিওফালে এই নিষেধাজ্ঞাৰে পোষ্টাৰ লগাই আছে৷

পোষ্টাৰবোৰত লিখা আছিল ‘এইটো এটা সতৰ্কবাণী, অনুৰোধ নহয়। বাৰাণসী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি। গেৰুৱা পোছাক পৰিহিত ব্যক্তিসকলে লগোৱা এই পোষ্টাৰবোৰ চহৰখনৰ পঞ্চগংগা ঘাট, ৰাম ঘাট, দশশ্বমেধ ঘাট, আচি ঘাট আৰু মণিকৰ্ণিকা ঘাটত দেখিবলৈ পোৱা গৈছে৷ আৰক্ষীয়ে এতিয়ালৈকে এই পোষ্টাৰবোৰ লগোৱাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আলোকচিত্ৰত এইসকল লোকৰ চেহেৰা ধৰা পৰিছে যদিও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো লক্ষ্যণীয় বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু