--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ চলিছে ব্যাপক জল্পনা-কল্পনা৷ ৮০খন লোকসভাৰ আসন থকা প্ৰায় ২১ কোটিৰ জনসংখ্যাৰ উত্তৰ প্ৰদেশত আছে ৪০৩খনকৈ বিধানসভাৰ আসন। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে৷ কিয়নো উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ দেশৰে ৰাজনীতি নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয়। যোগী চৰকাৰৰ বিৰুদ্ধে অধিষ্ঠানবিৰোধী ঢৌ থকাৰ পৰিপ্ৰেক্ষিতত অন্য বিভিন্ন ধৰণৰ কৌশলেৰে ক্ষমতা দখলৰ অংক চলিছে বিজেপিয়ে। এতিয়া দেখা গৈছে উত্তৰ প্ৰদেশত আশংকা কৰাৰ দৰেই পুনৰ গা-কৰি উঠিছে হিন্দু-মুছলমানৰ ৰাজনীতিয়ে৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশত মুঠ ৮০ শতাংশ অ-মুছলমান আৰু ২০ শতাংশ মুছলিম লোকে বাস কৰে৷ শেহতীয়াকৈ যোগীৰ এটা মন্তব্যই উত্তৰ প্ৰদেশত পুনৰ ধৰ্মীয় ৰাজনীতিৰ উক-মুকনিৰ সৃষ্টি কৰিছে৷ যোগীৰ বক্তব্য অনুসৰি, উত্তৰ প্ৰদেশৰ ৮০ শতাংশ লোকৰহে ভোট লাগে তেওঁক৷ তেওঁৰ এই মন্তব্যই স্পষ্ট ইংগিত দিছে যে, উত্তৰ প্ৰদেশৰ মুঠ ৮০শতাংশ লোক অ-মুছলমান অৰ্থাৎ সেইসকল লোকৰহে ভোট লাগে যোগীক বাকী ২০ শতাংশ মুছলিমৰ ভোট নালাগে ৷

উত্তৰ প্ৰদেশত এতিয়া উন্নয়ন, নিৱনুৱা, প্ৰব্ৰজিত শ্ৰমিক, ক’ভিড ১৯ মহামাৰীয়ে দৰে গুৰুতৰ সমস্যবোৰক একাষৰীয়া ৰাখি যোগীয়ে ধৰ্মীয় আৱেগেৰে ভোট ভিক্ষা কৰাত নামিছে বুলি এতিয়া অভিযোগ উঠিছে৷ এতিয়া উত্তৰ প্ৰদেশত বিৰাজ কৰিছে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি৷ অ-হিন্দুসকলক বাৰাণসীত গংগাৰ পাৰলৈ যাবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ঘাটৰ চাৰিওফালে এই নিষেধাজ্ঞাৰে পোষ্টাৰ লগাই আছে৷

পোষ্টাৰবোৰত লিখা আছিল ‘এইটো এটা সতৰ্কবাণী, অনুৰোধ নহয়। বাৰাণসী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি। গেৰুৱা পোছাক পৰিহিত ব্যক্তিসকলে লগোৱা এই পোষ্টাৰবোৰ চহৰখনৰ পঞ্চগংগা ঘাট, ৰাম ঘাট, দশশ্বমেধ ঘাট, আচি ঘাট আৰু মণিকৰ্ণিকা ঘাটত দেখিবলৈ পোৱা গৈছে৷ আৰক্ষীয়ে এতিয়ালৈকে এই পোষ্টাৰবোৰ লগোৱাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আলোকচিত্ৰত এইসকল লোকৰ চেহেৰা ধৰা পৰিছে যদিও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো লক্ষ্যণীয় বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ