--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আগন্তুক ২০ জানুৱাৰীত ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনক কেন্দ্র কৰি তৎপৰ হৈছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। সম্প্ৰতি তুংগত নিৰ্বাচনী প্ৰচাৰৰ বাকযুদ্ধ। স্বায়ত্তশাসিত পৰিষদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱেই এতিয়া সকলো ৰাজনৈতিক দলৰে প্ৰধান উদ্দেশ্য হৈ পৰা দেখা গৈছে।

কিন্তু এই পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত অজাপৰ ভেটিত দেখা গৈছে ব্যাপক খহনীয়া। ‘কা' আন্দোলনৰ গইনা লৈ ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পাছতে ৰাজ্যৰ ৰাজনীতিত দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল। দুয়োটা ৰাজনৈতিক দলৰ ভিতৰত অন্যতম দল হিচাপে দৃষ্টি আকৰ্ষণ কৰিছিল 'অসম জাতীয় পৰিষদ'-এ। প্ৰতীক্ষাৰ অৱসান ঘটাই ২০২১ৰ বিধানসভা নিৰ্বাচনত গভীৰ প্ৰত্যাশাৰে প্ৰতিনিধিত্ব কৰিছিল দলটোৱে। দুৰ্ভাগ্যৱশতঃ লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা এই দলটোৰ ভেটিত এতিয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নাহৰকটীয়া সমষ্টিত আৰম্ভ হৈছে ব্যাপক খহনীয়া।


নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি বিদ্যুৎ বিকাশ গগৈ, দীঘলীয়া পঞ্চায়তৰ সম্পাদক পাপু দত্ত, উপ-সভাপতি যাদব দত্ত, ডিব্ৰুগড় জিলাৰ কৃষক শক্তিৰ সাংগঠিনক সম্পাদক প্ৰবীন চাওদাং, ধাদুমীয়া পঞ্চায়তৰ সভাপতি দিলীপ দাস আৰু বৰবাম পঞ্চায়তৰ সভাপতি টুখেশ্বৰ গগৈয়ে বিজেপি দলত যোগদান কৰে।

অন্যহাতেদি, অসম জাতীয় পৰিষদৰ ভেটিত ব্যাপক খহনীয়া কৰি পৰৱৰ্তী সময়ত দলটোৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰিব বুলিও ন-বিজেপিসকলে সদৰী কৰিছে। সেয়েহে এতিয়া বিজেপিৰ একাংশ নেতাই দলটোৰ সভাপতি লুৰীণজ্যেতি গগৈক কঠোৰ সমালোচনা কৰি কয়, ‘এয়া মাথোঁ দুদিনীয়া চমক আৰু জাতীয় পৰিষদৰ বেলি মাৰ যোৱা সময় নিচেই ওচৰত। লক্ষ্যণীয় বিষয়টো হ'ল বিজেপিয়ে কোৱাৰ দৰে সঁচাকৈয়ে অজাপৰ বেলি ডুবি যাব নেকি? নে কাৰোবাক জিকোৱাৰ স্বাৰ্থত এজেন্ট হিচাপে ৰাজনীতিৰ পাশাখেল খেলিয়ে থাকিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু