--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আগন্তুক ২০ জানুৱাৰীত ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনক কেন্দ্র কৰি তৎপৰ হৈছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। সম্প্ৰতি তুংগত নিৰ্বাচনী প্ৰচাৰৰ বাকযুদ্ধ। স্বায়ত্তশাসিত পৰিষদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱেই এতিয়া সকলো ৰাজনৈতিক দলৰে প্ৰধান উদ্দেশ্য হৈ পৰা দেখা গৈছে।

কিন্তু এই পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত অজাপৰ ভেটিত দেখা গৈছে ব্যাপক খহনীয়া। ‘কা' আন্দোলনৰ গইনা লৈ ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পাছতে ৰাজ্যৰ ৰাজনীতিত দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল। দুয়োটা ৰাজনৈতিক দলৰ ভিতৰত অন্যতম দল হিচাপে দৃষ্টি আকৰ্ষণ কৰিছিল 'অসম জাতীয় পৰিষদ'-এ। প্ৰতীক্ষাৰ অৱসান ঘটাই ২০২১ৰ বিধানসভা নিৰ্বাচনত গভীৰ প্ৰত্যাশাৰে প্ৰতিনিধিত্ব কৰিছিল দলটোৱে। দুৰ্ভাগ্যৱশতঃ লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা এই দলটোৰ ভেটিত এতিয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নাহৰকটীয়া সমষ্টিত আৰম্ভ হৈছে ব্যাপক খহনীয়া।


নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি বিদ্যুৎ বিকাশ গগৈ, দীঘলীয়া পঞ্চায়তৰ সম্পাদক পাপু দত্ত, উপ-সভাপতি যাদব দত্ত, ডিব্ৰুগড় জিলাৰ কৃষক শক্তিৰ সাংগঠিনক সম্পাদক প্ৰবীন চাওদাং, ধাদুমীয়া পঞ্চায়তৰ সভাপতি দিলীপ দাস আৰু বৰবাম পঞ্চায়তৰ সভাপতি টুখেশ্বৰ গগৈয়ে বিজেপি দলত যোগদান কৰে।

অন্যহাতেদি, অসম জাতীয় পৰিষদৰ ভেটিত ব্যাপক খহনীয়া কৰি পৰৱৰ্তী সময়ত দলটোৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰিব বুলিও ন-বিজেপিসকলে সদৰী কৰিছে। সেয়েহে এতিয়া বিজেপিৰ একাংশ নেতাই দলটোৰ সভাপতি লুৰীণজ্যেতি গগৈক কঠোৰ সমালোচনা কৰি কয়, ‘এয়া মাথোঁ দুদিনীয়া চমক আৰু জাতীয় পৰিষদৰ বেলি মাৰ যোৱা সময় নিচেই ওচৰত। লক্ষ্যণীয় বিষয়টো হ'ল বিজেপিয়ে কোৱাৰ দৰে সঁচাকৈয়ে অজাপৰ বেলি ডুবি যাব নেকি? নে কাৰোবাক জিকোৱাৰ স্বাৰ্থত এজেন্ট হিচাপে ৰাজনীতিৰ পাশাখেল খেলিয়ে থাকিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ