--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  নতুন দিল্লীত বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পীসকলৰ বাবে 'পিএম বিশ্বকৰ্মা আঁচনি' মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ লোগো, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। তেওঁ অনুষ্ঠানটোত এটা  ষ্টাম্প শ্বীট, এটা টুল কিট ই-বুকলেট আৰু ভিডিঅ' মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ১৮ জন হিতাধিকাৰীক বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে আৰু কয়  যে এই আঁচনি  পৰম্পৰাগত শিল্পী আৰু শিল্পীসকলৰ বাবে সমৰ্পিত। তেওঁ সমগ্ৰ দেশৰ লাখ লাখ বিশ্বকৰ্মাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰি আনন্দ প্ৰকাশ কৰে। তেওঁ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা  প্ৰদৰ্শনী পৰিদৰ্শন কৰে  আৰু  শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ মহান অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ নাগৰিকসকলক অনুষ্ঠানটো দৰ্শন কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ শিল্পী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আশাৰ ৰেঙণি  হিচাপে  পৰিগণিত হ’ব।

                                                      

গুৱাহাটীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা  আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ এই মহৎ পদক্ষেপত প্ৰধানমন্ত্ৰীৰ সৈতে যোগদান কৰে।


কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা  ৰাজহুৱা উদ্যোগ , সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল; গুৱাহাটীৰ সাংসদ (লোকসভা) কুইন  ওজা; ৰমেন ডেকা, উপাধ্যক্ষ, চিটা; সাংসদ (ৰাজ্যসভা), পবিত্ৰ মাৰ্ঘেৰিটা; মৃগেন শৰণীয়া, মেয়ৰ, গুৱাহাটী পৌৰ নিগম (জিএমচি)ৰ লগতে অন্যান্য বিষয়াসকল। অনুষ্ঠানটোত বহু  শিল্পী আৰু শিল্পৰ সৈতে জড়িত কৰ্মী উপস্থিত আছিল, যিসকলে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ সুবিধা লাভ কৰিব পাৰিব।

শিলচৰত  বংগ ভৱনত জনজাতীয় পৰিক্ৰমা আৰু জল শক্তি দপ্তৰৰ মন্ত্ৰী   বিশ্বেশ্বৰ টুডু, অসমৰ যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী মন্ত্রী নন্দিতা গাৰ্লোছা, কাছাৰৰ উপায়ুক্ত ৰোহন কুমাৰ ঝা, শিলচৰৰ বিধায়ক শ্ৰী দ্বিপায়ন চক্ৰৱৰ্তী, শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়, লক্ষীপুৰৰ  বিধায়ক কৌশিক ৰায়ৰ উপস্থিতিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভাৰম্ভ কৰা হয়।  

লগতে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি দুলীয়াজান ক্লাবত আৰম্ভ কৰা হয়। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা  শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী  ৰামেশ্বৰ তেলী আৰু ৰাজ্যিক চাহ জনজাতি কল্যাণ তথা  শ্ৰমিক  কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে আঁচনিখন আৰম্ভ কৰা অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা