--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত দেশৰ সকলো প্ৰান্ততে সাপৰ উপদ্ৰব বৃদ্ধি পাইছে। দেশৰ বহু ঠাইত এতিয়ালৈকে বহু লোকে সৰ্প দংশনত মৃত্যুক সাৱটি লৈছে। এডাল বিষাক্ত সাপ সোমাই আছিল এটি শিশুৰ জোতাৰ ভিতৰত।   শিশুটিয়ে জোতা পিন্ধিবলৈ গৈছিল। জোতাৰ কাষতে শিশুটিয়ে  ভৰি ৰাখিছিল আৰু তাৰ পিছত...ঘটনাটো  তামিলনাডুৰ কুড্ডালোৰত ঘটিছে।  সৌভাগ্যক্ৰমেহে শিশুটিৰ প্ৰাণ ৰক্ষা পৰিছে। শিশুটিটোৱে জোতা পিন্ধিবলৈ প্ৰস্তুতি চলাই আছিল। সেই সময়তে শিশুটিয়ে  জোতাৰ ভিতৰত  এটা অদ্ভুত শব্দ শুনিছিল । 

ফোঁচ ফোঁচ শব্দ কৰি ফনা তুলি জোতাত লুকাই থকা ফেঁটী সাপৰ পোৱালিটো  ওলাই আহিছিল। সাপডাল শিশুটোৱে ভয় খাইছিল আৰু  পিছুৱাই আহিছিল। পৰিয়ালৰ লোকে ঘটনাটো দেখি  লগে লগে অঞ্চলটোৰ বিখ্যাত সাপ ধৰা এক এজনক খবৰ দিয়ে। সাপ ধৰা লোকে আহি সাপডাল ধৰি লৈ যোৱাৰ পিছতহে পৰিয়ালটোৰ মুখলৈ পানী আহে। সাপডাল পিছত  অৰণ্যত এৰি দিয়া হয়।  মঞ্জকুপ্পামৰ বাসিন্দা ৩৬ বছৰীয়া ছেলা নামৰ লোকজনে কয়  যে তেওঁ  ৰবিচন্দ্ৰন নামৰ এজন ব্যক্তিৰ পৰা ফোন পাইছিল আৰু জোতাৰ ভিতৰত সাপ সোমাই থকাৰ বিষয়ে জানিব পাৰিছিল।  

এখবৰ পোৱাৰ পিছতে  ঘটনাস্থলীত তেওঁ উপস্থিত হৈছিল আৰু সাপডাল ধৰিছিল। এই ঘটনাৰ পিছতে সাপ ধৰা ব্যক্তি ছেলাই কয় যে এই সময়ছোৱাত সকলোৱে  জোতা পিন্ধাৰ সময়ত সাৱধান হ’ব  লাগে। জোতা পিন্ধাৰ আগতে নিশ্চিত কৰিব যাতে তাত একো সোমাই থকা নাই। বহুসময়ত বিষাক্ত সাপ আৰু অন্যান্য প্ৰাণী জোতাৰ ভিতৰত লুকাই থাকে। উল্লেখ্য ছেলাই এতিয়ালৈকে  পঞ্চাশ হাজাৰৰো অধিক বিষাক্ত সাপ উদ্ধাৰ কৰিছে। 

তেওঁ কয় যে সাধাৰণতে মানুহে অব্যৱহৃত সামগ্ৰী বোৰ য’তে-ত’তে  পেলাই থব নালাগে। কাৰণ তাত সাপে আশ্ৰয় ল’ব পাৰে। ছেলাই কয় যে পোৱালি হ’লেও ফেঁটী সাপৰ পোৱালিও সমানেই বিষাক্ত। সৰ্প দংশনৰ ঘটনাত কেতিয়াও বেজ-কবিৰাজ আদিৰ ওচৰলৈ নগৈ চিকিৎসালয়লৈ যাব লাগে বুলিও তেওঁ কয়। আজিকালি এণ্টিভেনম বা পলিভেনম ব্যৱহাৰ কৰি সৰ্পদংশনৰ বলি হোৱা লোকৰ জীৱন সহজে ৰক্ষা কৰিব পাৰি বুলিও তেওঁ কয়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল