--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত দেশৰ সকলো প্ৰান্ততে সাপৰ উপদ্ৰব বৃদ্ধি পাইছে। দেশৰ বহু ঠাইত এতিয়ালৈকে বহু লোকে সৰ্প দংশনত মৃত্যুক সাৱটি লৈছে। এডাল বিষাক্ত সাপ সোমাই আছিল এটি শিশুৰ জোতাৰ ভিতৰত।   শিশুটিয়ে জোতা পিন্ধিবলৈ গৈছিল। জোতাৰ কাষতে শিশুটিয়ে  ভৰি ৰাখিছিল আৰু তাৰ পিছত...ঘটনাটো  তামিলনাডুৰ কুড্ডালোৰত ঘটিছে।  সৌভাগ্যক্ৰমেহে শিশুটিৰ প্ৰাণ ৰক্ষা পৰিছে। শিশুটিটোৱে জোতা পিন্ধিবলৈ প্ৰস্তুতি চলাই আছিল। সেই সময়তে শিশুটিয়ে  জোতাৰ ভিতৰত  এটা অদ্ভুত শব্দ শুনিছিল । 

ফোঁচ ফোঁচ শব্দ কৰি ফনা তুলি জোতাত লুকাই থকা ফেঁটী সাপৰ পোৱালিটো  ওলাই আহিছিল। সাপডাল শিশুটোৱে ভয় খাইছিল আৰু  পিছুৱাই আহিছিল। পৰিয়ালৰ লোকে ঘটনাটো দেখি  লগে লগে অঞ্চলটোৰ বিখ্যাত সাপ ধৰা এক এজনক খবৰ দিয়ে। সাপ ধৰা লোকে আহি সাপডাল ধৰি লৈ যোৱাৰ পিছতহে পৰিয়ালটোৰ মুখলৈ পানী আহে। সাপডাল পিছত  অৰণ্যত এৰি দিয়া হয়।  মঞ্জকুপ্পামৰ বাসিন্দা ৩৬ বছৰীয়া ছেলা নামৰ লোকজনে কয়  যে তেওঁ  ৰবিচন্দ্ৰন নামৰ এজন ব্যক্তিৰ পৰা ফোন পাইছিল আৰু জোতাৰ ভিতৰত সাপ সোমাই থকাৰ বিষয়ে জানিব পাৰিছিল।  

এখবৰ পোৱাৰ পিছতে  ঘটনাস্থলীত তেওঁ উপস্থিত হৈছিল আৰু সাপডাল ধৰিছিল। এই ঘটনাৰ পিছতে সাপ ধৰা ব্যক্তি ছেলাই কয় যে এই সময়ছোৱাত সকলোৱে  জোতা পিন্ধাৰ সময়ত সাৱধান হ’ব  লাগে। জোতা পিন্ধাৰ আগতে নিশ্চিত কৰিব যাতে তাত একো সোমাই থকা নাই। বহুসময়ত বিষাক্ত সাপ আৰু অন্যান্য প্ৰাণী জোতাৰ ভিতৰত লুকাই থাকে। উল্লেখ্য ছেলাই এতিয়ালৈকে  পঞ্চাশ হাজাৰৰো অধিক বিষাক্ত সাপ উদ্ধাৰ কৰিছে। 

তেওঁ কয় যে সাধাৰণতে মানুহে অব্যৱহৃত সামগ্ৰী বোৰ য’তে-ত’তে  পেলাই থব নালাগে। কাৰণ তাত সাপে আশ্ৰয় ল’ব পাৰে। ছেলাই কয় যে পোৱালি হ’লেও ফেঁটী সাপৰ পোৱালিও সমানেই বিষাক্ত। সৰ্প দংশনৰ ঘটনাত কেতিয়াও বেজ-কবিৰাজ আদিৰ ওচৰলৈ নগৈ চিকিৎসালয়লৈ যাব লাগে বুলিও তেওঁ কয়। আজিকালি এণ্টিভেনম বা পলিভেনম ব্যৱহাৰ কৰি সৰ্পদংশনৰ বলি হোৱা লোকৰ জীৱন সহজে ৰক্ষা কৰিব পাৰি বুলিও তেওঁ কয়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা