--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মেকডনাল্ডছ ইণ্ডিয়া - নৰ্থ এণ্ড ইষ্টৰ  ব্ৰেণ্ড এম্বেচেডৰ হিচাবে নিযুক্তি দিয়া হৈছে অভিনেতা কাৰ্তিক আৰিয়ানক । কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিপত্ৰত  স্বাক্ষৰ কৰি অভিনেতাগৰাকীয়ে কয় যে যুৱসকলৰ সৈতে তেওঁৰ শক্তিশালী সংযোগে  কোম্পানীটো ব্যৱসায়  শক্তিশালী কৰিব বুলি তেওঁ আশাবাদী। 

কোম্পানীটোৰ ভাৰতীয় শাখাৰ অধ্যক্ষ সঞ্জীৱ আগৰৱালাই  কয়, "কাৰ্তিক আৰ্যন এজন যুৱ আইকন আৰু পৰিয়ালসমূহৰ মাজত  এক জনপ্ৰিয় নাম। আমি অনুভৱ কৰোঁ যে দৰ্শকৰ সৈতে তেওঁৰ শক্তিশালী সম্পৰ্ক, গণ আবেদন আৰু মনোমোহা ব্যক্তিত্ই তেওঁক ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এক আইকন হিচাপে প্ৰতিষ্ঠা  কৰিছে । আমি তেওঁক 'মেকফেমিলি'লৈ স্বাগতম জনাবলৈ পাই উৎসাহিত।"  

অভিনেতাজনে সকলো বয়সৰ লোকক কোম্পানীটোৰ বিপনীলৈ স্বগতম জনায়।  উচ্চ ব্ৰেণ্ডৰ খাদ্যই সকলোকে আনন্দিত কৰিব বুলিও তেওঁ কয়। উল্লেখ্য এই অঞ্চলৰ ব্যৱসায় কনট প্লাজা ৰেষ্টুৰেণ্ট প্ৰাইভেট লিমিটেডে পৰিচালনা কৰে আৰু সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত ইয়াৰ ১৫০  খন  বিপনী আছে।কোম্পানীটোৱে ৫,০০০ লোকক নিযুক্তি প্ৰদান কৰিছে। গুৱাহাটীতো মেকডনাল্ডছ ইণ্ডিয়াৰ বিপনী আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু