দেশৰ আটাইতকৈ পুৰণি অৰ্ধসাময়িক বাহিনী অসম ৰাইফলছৰ শীৰ্ষ সেনাপতিসকলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে এক বিস্তৃত পৰ্যালোচনা বৈঠক সম্পন্ন কৰিছে। মেঘালয়স্থিত অসম ৰাইফলছৰ মূল কাৰ্যালয়ত অনুষ্ঠিত হোৱা দুদিনীয়া এই উচ্চস্তৰীয় সন্মিলনখন শুক্ৰবাৰে সমাপ্ত হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে।
অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত বিভিন্ন গঠনৰ সেনাপতি, বেটেলিয়ন কমাণ্ডাৰ আৰু নিৰ্দেশালয়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। বৈঠকত উত্তৰ-পূৰ্ণৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এক সূত্ৰৰ তথ্য অনুসৰি, মিপুৰৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰ নিৰাপত্তা পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে বুলি বিষয়াসকলে মত প্ৰকাশ কৰে। মণিপুৰত বৰ্তমানো চলি থকা জাতিগত সংঘৰ্ষ আৰু জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকত বিশেষভাৱে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।