--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ উত্তৰ ভাৰত এতিয়া শীতৰ কবলত। প্ৰচণ্ড শীতৰ প্ৰবাহে উত্তৰ ভাৰতৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে। এই সময়ছোৱাত জম্মু-কাশ্মীৰ, পঞ্জাব, ৰাজস্থান, চণ্ডীগড়, হিমাচল আৰু ৰাজধানী দিল্লীতো প্ৰচণ্ড শীতৰ প্ৰবাহ দেখা গৈছে৷ 

শীতৰ লগে লগে ডাঠ কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিছে উত্তৰ ভাৰতৰ ৰাজ্যসমূহ। ইয়াৰ ফলত ৰাজ্যসমূহত আৰ্থ-সামাজিক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিছে। দিল্লীত অভাৱনীয় কুঁৱলীৰ বাবে ৰে’ল আৰু বিমানৰ চলাচলত ব্যাপক প্ৰভাৱ পৰিছে। এতিয়া দিল্লীৰ ৰাষ্ট্রীয় ৰাজধানী এলেকাত শূন্য দূৰত্বতো একো দেখা পোৱা নাযায়। দিনৰ ১০ বজালৈকে এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। 

তাৰ ফলত দিল্লীৰ পৰা চলাচল কৰিবলগীয়া শতাধিক বিমান আৰু ২৫খনৰো অধিক ৰে’লৰ সেৱা ব্যাহত হৈছে। কেইবাখনো ৰে’ল আৰু বিমান নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাচল কৰিবলগীয়া হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে জম্মু-কাশ্মীৰৰ বহু অংশত তাপমাত্ৰা এতিয়াও শূন্য ডিগ্ৰীৰ তলত। তাত কিছুদিনলৈ বতৰ ডাৱৰীয়া হৈ থাকিব। নৱবৰ্ষৰ সময়ছোৱাত জম্মু-কাশ্মীৰত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

তেতিয়া আৰু অধিক তললৈ নামিব পাৰে তাপমাত্ৰা। ইপিনে, মধ্য ভাৰততো তাপমাত্ৰা হ্ৰাস পাই আহিছে। মধ্য প্ৰদেশৰ উত্তৰ অংশ, ওড়িশা আৰু উত্তৰাখণ্ডৰ কোনো কোনো অংশ শীতৰ কবলত পৰিছে। অহা সপ্তাহত আৰু অধিক শীতে চুই যাব এই ৰাজ্যকেইখনক। উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনতো শীতৰ লহৰ দেখা গৈছে। তাৰ সমানে সমানে কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে দক্ষিণ ভাৰতৰ কোনো কোনো ৰাজ্যত ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চৰ প্ৰভাৱ পৰিব। তাৰ ফলত অহা চলিত সপ্তাহত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক