--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ উত্তৰ ভাৰত এতিয়া শীতৰ কবলত। প্ৰচণ্ড শীতৰ প্ৰবাহে উত্তৰ ভাৰতৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে। এই সময়ছোৱাত জম্মু-কাশ্মীৰ, পঞ্জাব, ৰাজস্থান, চণ্ডীগড়, হিমাচল আৰু ৰাজধানী দিল্লীতো প্ৰচণ্ড শীতৰ প্ৰবাহ দেখা গৈছে৷ 

শীতৰ লগে লগে ডাঠ কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিছে উত্তৰ ভাৰতৰ ৰাজ্যসমূহ। ইয়াৰ ফলত ৰাজ্যসমূহত আৰ্থ-সামাজিক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিছে। দিল্লীত অভাৱনীয় কুঁৱলীৰ বাবে ৰে’ল আৰু বিমানৰ চলাচলত ব্যাপক প্ৰভাৱ পৰিছে। এতিয়া দিল্লীৰ ৰাষ্ট্রীয় ৰাজধানী এলেকাত শূন্য দূৰত্বতো একো দেখা পোৱা নাযায়। দিনৰ ১০ বজালৈকে এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। 

তাৰ ফলত দিল্লীৰ পৰা চলাচল কৰিবলগীয়া শতাধিক বিমান আৰু ২৫খনৰো অধিক ৰে’লৰ সেৱা ব্যাহত হৈছে। কেইবাখনো ৰে’ল আৰু বিমান নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাচল কৰিবলগীয়া হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে জম্মু-কাশ্মীৰৰ বহু অংশত তাপমাত্ৰা এতিয়াও শূন্য ডিগ্ৰীৰ তলত। তাত কিছুদিনলৈ বতৰ ডাৱৰীয়া হৈ থাকিব। নৱবৰ্ষৰ সময়ছোৱাত জম্মু-কাশ্মীৰত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

তেতিয়া আৰু অধিক তললৈ নামিব পাৰে তাপমাত্ৰা। ইপিনে, মধ্য ভাৰততো তাপমাত্ৰা হ্ৰাস পাই আহিছে। মধ্য প্ৰদেশৰ উত্তৰ অংশ, ওড়িশা আৰু উত্তৰাখণ্ডৰ কোনো কোনো অংশ শীতৰ কবলত পৰিছে। অহা সপ্তাহত আৰু অধিক শীতে চুই যাব এই ৰাজ্যকেইখনক। উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনতো শীতৰ লহৰ দেখা গৈছে। তাৰ সমানে সমানে কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে দক্ষিণ ভাৰতৰ কোনো কোনো ৰাজ্যত ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চৰ প্ৰভাৱ পৰিব। তাৰ ফলত অহা চলিত সপ্তাহত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক