--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত হোৱা জম্মু-কাশ্মীৰৰ পুলৱামা কাণ্ডই সমগ্ৰ দেশকে কন্দুৱাইছিল। পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০ গৰাকীকৈ চিআৰপিএফ জোৱান। চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰকভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত বিস্ফোৰণ ঘটি শ্বহীদ হৈছিল ৪০জনকৈ চিআৰপিএফ জোৱান। জোৱানসকলৰ এই বলিদান দেশবাসীয়ে কেতিয়াও নাপাহৰে।

পুনৰ পুলৱামা কাণ্ড সংঘটিত কৰি ভাৰতৰ বুকু ৰক্তাক্ত কৰাৰ হুংকাৰ দিছে এগৰাকী মাদ্ৰাছা ছাত্ৰই। উত্তৰ প্ৰদেশৰৰ চাহাৰনপুৰৰ দেওবন্দৰৰ ছাত্ৰজনে পুলৱামাৰ দৰে আক্ৰমণ সংঘটিত কৰাৰ ভাবুকি দিয়ে। এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ছাত্ৰজনক জেৰা কৰিছে। কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ ৰাজৌৰীতো এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আৰক্ষী সষ্টম হৈ আছে। 

এই বিষয়টো পোহৰলৈ আহে যেতিয়া এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে উত্তৰ প্ৰদেশ আৰক্ষীক টেগ কৰি ‘পুলৱামাৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণ’ৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়ে। ছাত্ৰজনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছিল, “ইনশ্বাল্লাহ, অতি সোনকালে আন এক পুলৱামা 
কাণ্ড হ’ব।”

অভিযুক্ত ছাত্ৰজনৰ নাম মহম্মদ তালহা, তেওঁৰ ঘৰ ঝাৰখণ্ডৰ জামছেদপুৰ চৰাই কালেখানত। ধৰ্মীয় শিক্ষা লাভ কৰিবলৈ তেওঁ দেওবন্দৰৰ এখন মাদ্ৰাছাত নামভৰ্তি কৰিছিল আৰু ইয়াতে থাকি ছাত্ৰজনে অধ্যয়ন কৰি আছিল। 

ছাত্ৰজনক বৰ্তমান কঠোৰ জেৰা কৰি আছে আৰক্ষীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত