--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ দুৰ্ঘটনা হোৱা সুৰংগটোৰ সৈতে নাম সাঙোৰ খাইছে গৌতম আদানীৰ নাম৷কিন্তু এই ঘটনাৰ  লগত নাম জড়িত হৈ পৰাৰ পাছতে স্পষ্টীকৰণ দিছে আদানী গ্ৰুপে৷গৌতম আদানীৰ আদানী গ্ৰুপে উত্তৰাখণ্ডৰ ছিল্ক্যৰা সুৰংগ নিৰ্মাণৰ কামত গৌতম আদানীৰ কোনো সহযোগী কোম্পানী জড়িত নহয় বুলি এক বিবৃতি প্ৰকাশ কৰিছে। গোটটোৱে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অসত্য বুলি অভিহিত কৰিছে য’ত সুৰংগ নিৰ্মাণ কৰা কোম্পানীটোৰ শ্বেয়াৰ আছে বুলি কোৱা হৈছিল।
छवि


দৰাচলতে ছচিয়েল মিডিয়াত অবিৰতভাৱে কোৱা হৈছিল যে ছিল্ক্যৰা সুৰংগ নিৰ্মাণৰ লগত জড়িত কোম্পানীটোৰ আদানী গ্ৰুপৰ সৈতে সম্পৰ্ক আছে আৰু আদানী গ্ৰুপৰ নিৰ্মাণ কোম্পানীটোৰ শ্বেয়াৰ আছে। ইয়াৰ পাছত আদানী গ্ৰুপে এই অভিযোগ অস্বীকাৰ কৰি কয় যে সুৰংগ নিৰ্মাণৰ সৈতে গোটটোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো সম্পৰ্ক নাই। আদানী গ্ৰুপৰ মুখপাত্ৰই কয় যে সুৰংগ নিৰ্মাণ কোম্পানীটোত গ্ৰুপৰ কোনো শ্বেয়াৰ নাই। আদানী গ্ৰুপে কয় যে, আমি জোৰ দি স্পষ্ট কৰিব বিচাৰোঁ যে আদানী গ্ৰুপ বা ইয়াৰ কোনো সহযোগী কোম্পানীয়ে সুৰংগটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণে জড়িত নাই। লগতে উল্লেখ কৰে যে আমি এইটোও স্পষ্ট কৰিব বিচাৰো যে নিৰ্মাণৰ লগত জড়িত কোম্পানীটোৰ কোনো শ্বেয়াৰ আমাৰ স্বতাধিকাৰী বা সহযোগীৰ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন