--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ দুৰ্ঘটনা হোৱা সুৰংগটোৰ সৈতে নাম সাঙোৰ খাইছে গৌতম আদানীৰ নাম৷কিন্তু এই ঘটনাৰ  লগত নাম জড়িত হৈ পৰাৰ পাছতে স্পষ্টীকৰণ দিছে আদানী গ্ৰুপে৷গৌতম আদানীৰ আদানী গ্ৰুপে উত্তৰাখণ্ডৰ ছিল্ক্যৰা সুৰংগ নিৰ্মাণৰ কামত গৌতম আদানীৰ কোনো সহযোগী কোম্পানী জড়িত নহয় বুলি এক বিবৃতি প্ৰকাশ কৰিছে। গোটটোৱে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অসত্য বুলি অভিহিত কৰিছে য’ত সুৰংগ নিৰ্মাণ কৰা কোম্পানীটোৰ শ্বেয়াৰ আছে বুলি কোৱা হৈছিল।
छवि


দৰাচলতে ছচিয়েল মিডিয়াত অবিৰতভাৱে কোৱা হৈছিল যে ছিল্ক্যৰা সুৰংগ নিৰ্মাণৰ লগত জড়িত কোম্পানীটোৰ আদানী গ্ৰুপৰ সৈতে সম্পৰ্ক আছে আৰু আদানী গ্ৰুপৰ নিৰ্মাণ কোম্পানীটোৰ শ্বেয়াৰ আছে। ইয়াৰ পাছত আদানী গ্ৰুপে এই অভিযোগ অস্বীকাৰ কৰি কয় যে সুৰংগ নিৰ্মাণৰ সৈতে গোটটোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো সম্পৰ্ক নাই। আদানী গ্ৰুপৰ মুখপাত্ৰই কয় যে সুৰংগ নিৰ্মাণ কোম্পানীটোত গ্ৰুপৰ কোনো শ্বেয়াৰ নাই। আদানী গ্ৰুপে কয় যে, আমি জোৰ দি স্পষ্ট কৰিব বিচাৰোঁ যে আদানী গ্ৰুপ বা ইয়াৰ কোনো সহযোগী কোম্পানীয়ে সুৰংগটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণে জড়িত নাই। লগতে উল্লেখ কৰে যে আমি এইটোও স্পষ্ট কৰিব বিচাৰো যে নিৰ্মাণৰ লগত জড়িত কোম্পানীটোৰ কোনো শ্বেয়াৰ আমাৰ স্বতাধিকাৰী বা সহযোগীৰ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক