--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত যোৱা নিশা পৌড়ী গড়ৱালত বাছ দুৰ্ঘটনাত ২৫ জন লোকৰ মৃত্যু হয়। নিশা আৰক্ষী আৰু এছডিআৰএফে ২১ জন লোকক উদ্ধাৰ কৰে; আহত সকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডিজিপি অশোক কুমাৰে এই কথা নিশ্চিত কৰিছে।স্থানত স্থানীয় লোকৰ সহায়ত আৰক্ষী আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলাই আছে।

উত্তৰাখণ্ডৰ পৌড়ীত সংঘটিত হোৱা বাছ দুৰ্ঘটনাই হৃদয় বিদাৰক বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, "এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। যিসকল লোক আহত হৈছে তেওঁলোকে যাতে সোনকালে সুস্থ হৈ উঠে তাৰ প্ৰাৰ্থনা।" ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তথ্য অনুসৰি উত্তৰাখণ্ডৰ পৌড়ী জিলাৰ বীৰখাল অঞ্চলত ৪৫-৫০ জন লোক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত পৰি ২৫ জন লোকৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ বীৰখালৰ এখন গাঁও অভিমুখে গৈ থকা বাছখনে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত কৰে।

স্থানীয় ৰাইজৰ সহযোগত নিশা উদ্ধাৰ অভিযান আৰম্ভ হৈছিল যদিও আন্ধাৰৰ বাবে উদ্ধাৰকৰ্মীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনাস্থলীত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। গাঁওবাসীয়ে মোবাইলৰ টৰ্চৰ সহায়ত ৰাইজক তালাচী চলায়।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-প্ৰশাসনৰ বিষয়া। উদ্ধাৰ কাৰ্য্যৰ বাবে এম্বুলেন্স, জীৱন ৰক্ষাকাৰী সামগ্ৰীও সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। পৌড়ীত সংঘটিত বাছ দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু