--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত যোৱা নিশা পৌড়ী গড়ৱালত বাছ দুৰ্ঘটনাত ২৫ জন লোকৰ মৃত্যু হয়। নিশা আৰক্ষী আৰু এছডিআৰএফে ২১ জন লোকক উদ্ধাৰ কৰে; আহত সকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডিজিপি অশোক কুমাৰে এই কথা নিশ্চিত কৰিছে।স্থানত স্থানীয় লোকৰ সহায়ত আৰক্ষী আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলাই আছে।

উত্তৰাখণ্ডৰ পৌড়ীত সংঘটিত হোৱা বাছ দুৰ্ঘটনাই হৃদয় বিদাৰক বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, "এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। যিসকল লোক আহত হৈছে তেওঁলোকে যাতে সোনকালে সুস্থ হৈ উঠে তাৰ প্ৰাৰ্থনা।" ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তথ্য অনুসৰি উত্তৰাখণ্ডৰ পৌড়ী জিলাৰ বীৰখাল অঞ্চলত ৪৫-৫০ জন লোক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত পৰি ২৫ জন লোকৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ বীৰখালৰ এখন গাঁও অভিমুখে গৈ থকা বাছখনে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত কৰে।

স্থানীয় ৰাইজৰ সহযোগত নিশা উদ্ধাৰ অভিযান আৰম্ভ হৈছিল যদিও আন্ধাৰৰ বাবে উদ্ধাৰকৰ্মীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনাস্থলীত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। গাঁওবাসীয়ে মোবাইলৰ টৰ্চৰ সহায়ত ৰাইজক তালাচী চলায়।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-প্ৰশাসনৰ বিষয়া। উদ্ধাৰ কাৰ্য্যৰ বাবে এম্বুলেন্স, জীৱন ৰক্ষাকাৰী সামগ্ৰীও সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। পৌড়ীত সংঘটিত বাছ দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক