--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশত কংগ্ৰেছ তেনে নিশকটীয়া। দলটোক শক্তিশালী কৰি তোলাৰ বাবে চেষ্টাৰ অন্ত নাই যদিও উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাবে যিগৰাকী ব্যক্তিক দায়িত্ব দিয়া হৈছে তেওঁৰ সক্ষমতাকলৈ বহুতৰে সন্দেহ হৈছে।  উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ব্ৰজলাল খাবৰীয়ে ২০২২ আৰু ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত   তেওঁৰ নিৰ্বাচনী আমানতৰ ধনো হেৰুৱাইছিল। 

তেওঁ যোৱা উত্তৰ প্ৰদেশ নিৰ্বাচনত আমানতৰ হেৰুওৱা ৯৭ শতাংশ  কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰৰে এজন আছিল। এজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ ১৬ শতাংশতকৈ কম ভোট পালে তেওঁৰ আমানতৰ ধন  হেৰুৱায়। খাবৰীয়ে যোৱা বিধানসভা নিৰ্বাচনত মেহৰোনি আসনৰ পৰা তেওঁৰ আমানতৰ ধন  হেৰুৱাইছিল। তেওঁ  মাত্ৰ ৪,৩৪৪ টা ভোট লাভ কৰিছিল।

 যি সেই আসনখনত লাভ কৰা  মুঠ ভোটৰ ১.২৯ শতাংশ  আছিল। লক্ষ্যণীয় কথাটো হ’ল উত্তৰ প্ৰদেশত  কংগ্ৰেছে  প্ৰতিদ্বন্দিতা কৰা ৩৯৯ খন আসনৰ ভিতৰত কংগ্ৰেছে ৩৮৭ খন আসনতে আমানতৰ ধন  হেৰুৱাইছিল। দলৰ ৰাজ্যিক মুৰব্বী অজয় কুমাৰ লালুৱে দলৰ েনে অৱস্থাৰ  পিছত পদত্যাগ কৰিছিল । কংগ্ৰেছে এই সপ্তাহত ১৯৯৯ চনত বিএছপিৰ সাংসদ হিচাপে বিজয়ী হোৱা খাবৰীক দলটোৰ নতুন ৰাজ্যিক মুৰব্বী হিচাপে নিযুক্তি দিছে।

 ভাৰতীয় নিৰ্বাচন আয়োগৰ এক  বিশ্লেষণে দেখুৱাইছে যে জয়ন্ত চৌধুৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক দলে (আৰএলডি) উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কংগ্ৰেছতকৈ অধিক ভোট লাভ কৰিছিল। আৰএলডিয়ে মাত্ৰ ৩৩ খন আসনত যুঁজিছিল কিন্তু ২৬.৩ লাখ ভোট লাভ কৰিছিল । আনহাতে কংগ্ৰেছে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নেতৃত্বত ৩৯৯ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ পিছতো মুঠ ২১.৫ লাখ ভোট লাভ কৰিব পাৰিছিল।

মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) এই বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৭১% তকৈও অধিক আসনত জমা ধন হেৰুৱাইছিল।  বিএছপিয়ে মাত্ৰ এখন আসনত জিকিব পাৰিছিল যদিও দলটোৱে  ৰাজ্যখনত প্ৰায় ১.১৮ কোটি ভোট লাভ কৰিছিল। 

দলটোৰ  ভোটৰ অংশ আছিল ১২.৮৮শতাংশ  । সমাজবাদী পাৰ্টি (এছপি)য়ে ৩২ শতাংশ  ভোটৰ সৈতে দ্বিতীয় স্থানত আছিল। আম আদমী পাৰ্টীয়ে উত্তৰ প্ৰদেশত প্ৰতিদ্বন্দিতা কৰা ৩৪৯ খন আসনতে আমানতৰ ধন  হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement