--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশত কংগ্ৰেছ তেনে নিশকটীয়া। দলটোক শক্তিশালী কৰি তোলাৰ বাবে চেষ্টাৰ অন্ত নাই যদিও উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাবে যিগৰাকী ব্যক্তিক দায়িত্ব দিয়া হৈছে তেওঁৰ সক্ষমতাকলৈ বহুতৰে সন্দেহ হৈছে।  উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ব্ৰজলাল খাবৰীয়ে ২০২২ আৰু ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত   তেওঁৰ নিৰ্বাচনী আমানতৰ ধনো হেৰুৱাইছিল। 

তেওঁ যোৱা উত্তৰ প্ৰদেশ নিৰ্বাচনত আমানতৰ হেৰুওৱা ৯৭ শতাংশ  কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰৰে এজন আছিল। এজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ ১৬ শতাংশতকৈ কম ভোট পালে তেওঁৰ আমানতৰ ধন  হেৰুৱায়। খাবৰীয়ে যোৱা বিধানসভা নিৰ্বাচনত মেহৰোনি আসনৰ পৰা তেওঁৰ আমানতৰ ধন  হেৰুৱাইছিল। তেওঁ  মাত্ৰ ৪,৩৪৪ টা ভোট লাভ কৰিছিল।

 যি সেই আসনখনত লাভ কৰা  মুঠ ভোটৰ ১.২৯ শতাংশ  আছিল। লক্ষ্যণীয় কথাটো হ’ল উত্তৰ প্ৰদেশত  কংগ্ৰেছে  প্ৰতিদ্বন্দিতা কৰা ৩৯৯ খন আসনৰ ভিতৰত কংগ্ৰেছে ৩৮৭ খন আসনতে আমানতৰ ধন  হেৰুৱাইছিল। দলৰ ৰাজ্যিক মুৰব্বী অজয় কুমাৰ লালুৱে দলৰ েনে অৱস্থাৰ  পিছত পদত্যাগ কৰিছিল । কংগ্ৰেছে এই সপ্তাহত ১৯৯৯ চনত বিএছপিৰ সাংসদ হিচাপে বিজয়ী হোৱা খাবৰীক দলটোৰ নতুন ৰাজ্যিক মুৰব্বী হিচাপে নিযুক্তি দিছে।

 ভাৰতীয় নিৰ্বাচন আয়োগৰ এক  বিশ্লেষণে দেখুৱাইছে যে জয়ন্ত চৌধুৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক দলে (আৰএলডি) উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কংগ্ৰেছতকৈ অধিক ভোট লাভ কৰিছিল। আৰএলডিয়ে মাত্ৰ ৩৩ খন আসনত যুঁজিছিল কিন্তু ২৬.৩ লাখ ভোট লাভ কৰিছিল । আনহাতে কংগ্ৰেছে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নেতৃত্বত ৩৯৯ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ পিছতো মুঠ ২১.৫ লাখ ভোট লাভ কৰিব পাৰিছিল।

মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) এই বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৭১% তকৈও অধিক আসনত জমা ধন হেৰুৱাইছিল।  বিএছপিয়ে মাত্ৰ এখন আসনত জিকিব পাৰিছিল যদিও দলটোৱে  ৰাজ্যখনত প্ৰায় ১.১৮ কোটি ভোট লাভ কৰিছিল। 

দলটোৰ  ভোটৰ অংশ আছিল ১২.৮৮শতাংশ  । সমাজবাদী পাৰ্টি (এছপি)য়ে ৩২ শতাংশ  ভোটৰ সৈতে দ্বিতীয় স্থানত আছিল। আম আদমী পাৰ্টীয়ে উত্তৰ প্ৰদেশত প্ৰতিদ্বন্দিতা কৰা ৩৪৯ খন আসনতে আমানতৰ ধন  হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু