--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈ থকা ছিলকাৰা সুৰংগৰ এটা অংশ ভাঙি পৰাত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে যুদ্ধৰ ভিত্তিত উদ্ধাৰৰ কাম চলি আছে। প্ৰতিদিনে সকলো ভাল খবৰৰ অপেক্ষাত আছে। ছিলকাৰা সুৰংগত ৪১ জন শ্ৰমিক আবদ্ধ হৈ থকা ১৩ দিন হ’ল আৰু এতিয়ালৈকে তেওঁলোক ওলাই আহিব পৰা নাই। 

আজি উদ্ধাৰ অভিযানৰ ১৪ দিন আৰু এই আটাইকেইজন শ্ৰমিকে পাহাৰ ভাঙি ওলাই আহিব বুলি আশা কৰা হৈছে। কিন্তু আজি তেওঁলোক কেতিয়া ওলাব সেইটো স্পষ্টকৈ কোৱাটো অলপ কঠিন হৈ পৰিছে কিয়নো কাৰণ ড্ৰিলিঙৰ কামত অহৰহ ব্যাঘাত জন্মিছে। অনুমান কৰা হৈছে যে প্ৰায় ৫০ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰা হৈছে আৰু উদ্ধাৰকাৰী দল আৰু শ্ৰমিকৰ মাজত মাত্ৰ ১০ মিটাৰ দূৰত্ব বাকী আছে।

১৩ দিন উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকৰ তিনিজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। ডাক্তৰে পাইপৰ জৰিয়তে প্ৰয়োজনীয় ঔষধ পঠিয়াইছে। তিনিজন শ্ৰমিকে মূৰৰ বিষ, বমি আৰু বুকুৰ বিষৰ অভিযোগ উত্থাপন কৰিছে। একাংশ শ্ৰমিকে খোৱা বন্ধ কৰি দিছে। পুৱাৰে পৰা আহাৰ খোৱা নাই শ্ৰমিকসকলে। পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আৱেগিক হৈ পৰে শ্ৰমিকসকল, লগে লগে তিনিজন মনোৰোগ বিশেষজ্ঞক সেই স্থানলৈ প্ৰেৰণ কৰা হয় যিয়ে এতিয়া শ্ৰমিকৰ সৈতে কথা পাতিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক