--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত ৰেমণ্ড গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম সিংঘানিয়াৰ বিবাহ বিচ্ছেদক ​​লৈ বৰ্তমান চৰ্চা চলি আছে। পত্নী নৱাজ মোদীৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিলে গৌতম সিংঘানিয়াই।

এই ঘোষণাৰ পাছত ৰেমণ্ডৰ শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। কোম্পানীটোৰ শ্বেয়াৰ ১২ শতাংশ হ্ৰাস পাইছে। বিনিয়োগকাৰী আৰু শ্বেয়াৰ হোল্ডাৰসকলে আত্মবিশ্বাস হেৰুৱাই পেলাইছে।

কোম্পানীটোৰ মাৰ্কেট কেপ ১৫০০ কোটি টকা হ্ৰাস পাইছে। এই বিবাহ বিচ্ছেদ বিতৰ্কই গৌতম সিংঘানিয়াৰ লগতে ৰেমণ্ডৰ ভাবমূৰ্তিত ডাঙৰ আঘাত হানিছে, যাৰ প্ৰভাৱ কোম্পানীটোৰ শ্বেয়াৰত দেখা গৈছে।

প্ৰতিদিনে গৌতম সিংঘানিয়াৰ স্বৰূপ সম্পৰ্কে নতুন নতুন কথা প্ৰকাশ হৈছে। পত্নী নৱাজ মোদী সিংঘানিয়াই যেতিয়া স্বামী গৌতম সিংঘানিয়াৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছিল, তেতিয়া ৰেমণ্ডৰ প্ৰতিষ্ঠাপক তথা গৌতম সিংঘানিয়াৰ পিতৃ বিজয়পত সিংঘানিয়াই বহু কথা প্ৰকাশ কৰিছে।

এটা সৰু কম্বল নিৰ্মাণ কোম্পানীক ৰেমণ্ডৰ দৰে বিখ্যাত ব্ৰেণ্ড কৰি তোলা বিজয়পত সিংঘানিয়াই পুত্ৰক লৈ এক ডাঙৰ প্ৰকাশ কৰিছে। ৰেমণ্ড গ্ৰুপৰ প্ৰতিষ্ঠাপক বিজয়পত সিংঘানিয়াই এক সাক্ষাৎকাৰত পুত্ৰৰ বিষয়ে যিবোৰ কথা কৈছিল, সেইবোৰে আপোনাক আচৰিত কৰি তুলিব।

বিজয়পত সিংঘানিয়াৰ কথাৰ পৰা গৌতম এজন অতি খঙাল আৰু অহংকাৰী ব্যক্তি বুলি জানিব পৰা গৈছে। বিজয়পত সিংঘানিয়াই নিজৰ উত্তৰাধিকাৰ পুত্ৰক গতাই দিয়াৰ বাবে অনুশোচনা কৰি কয় যে এয়া তেওঁৰ আটাইতকৈ ডাঙৰ ভুল আছিল।

তেওঁ ৰেমণ্ডৰ কমাণ্ড গৌতম সিংঘানিয়াৰ হাতত অৰ্পণ কৰিছিল। ২০১৫ চনত তেওঁ ৰেমণ্ডৰ বাঘজৰী গৌতমৰ হাতত অৰ্পণ কৰিছিল, তাৰ পিছত গৌতমে পিতৃ বিজপত সিংঘানিয়াক কোম্পানী আৰু ঘৰ দুয়োটাৰে পৰা বাহিৰ কৰি দিছিল।

তেওঁ ক’লে যে মই মোৰ ল’ৰাৰ হাতত সকলো গতাই দি মূৰ্খৰ দৰে ভুল কৰিলোঁ৷ বিজয়পত সিংঘানিয়াই যি ঘৰ সাজিছিল, যি কোম্পানী তেওঁ প্ৰতিষ্ঠা কৰিছিল, পুতেকে তেওঁৰ পৰা সকলো কাঢ়ি লৈ ​​গ’ল।

সাক্ষাৎকাৰত তেওঁ নিজৰ দুখ প্ৰকাশ কৰিছিল। বিজয়পত সিংঘানিয়াই কয় যে ''মই মোৰ ল’ৰাৰ হাতত সকলো গতাই দিলোঁ, মোৰ এতিয়া একো নাই৷ মই মূৰ্খ হৈ পৰিছিলো তাক সকলো দি। ভুলতে মোৰ হাতত কিছু টকা থাকি গ’ল, যাৰ সহায়ত মই এতিয়া কেনেবাকৈ জীৱন নিৰ্বাহ কৰি আছো। নহ’লে মই ৰাজপথত থাকিলোঁহেঁতেন৷ বিজয়পত সিংঘানিয়াই গৌতমৰ স্বভাৱ উদঙাই দি ক’লে যে ৰাস্তাত মোক দেখি তেওঁ আনন্দিত হ’লহেঁতেন৷ এই বিষয়ে মই নিশ্চিত। যদি তেওঁ ঘৈণীয়েকক এনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰে, বুঢ়া দেউতাকক ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে, মই নাজানো তেওঁ আচলতে কি।

পিতৃ-পুত্ৰৰ বিবাদ আদালতত উপনীত হৈছে। এতিয়া বিজয়পত সিংঘানিয়া সৰু ঘৰ এটাত ভাড়াত থাকে।

বিজয়পত সিংঘানিয়াই কয় যে ''যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানক সকলো বস্তু দিয়ে তেওঁলোকে প্ৰথমে অতি ভালদৰে চিন্তা কৰিব লাগে। জীয়াই থকা অৱস্থাত সন্তানক সকলো নিদিব। জীৱনকালত নিজৰ সকলো সম্পত্তি সন্তানক গতাই দিয়াসকলে বহুত পস্তাব লগা হয়।''

বোৱাৰী নৱাজ মোদীৰ পক্ষত সদায় থাকিম বুলি কয় বিজয়পত সিংঘানিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement