--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ১৬ দিন ধৰি উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ আছে ৪১ জনকৈ শ্ৰমিক৷ এতিয়ালৈকে ওলোৱা নাই তেওঁলোকক উদ্ধাৰ কৰাৰ কোনো পথ৷ বহু চেষ্টাৰ পিছতো উদ্ধাৰকাৰীয়ে আবদ্ধ শ্ৰমিকসকলৰ কাষ চাপিব পৰা নাই৷ এনে পৰিস্থিতিত ৰামনগৰৰ মুছলমান সম্প্ৰদায়ৰ একাংশলোকে  উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ বাবে সমূহীয়া নামাজ পঢ়িছে৷তেওঁলোকে  উদ্ধাৰ অভিযান যিমান সম্ভৱ সোনকালে সফল হোৱাৰ বাবে আল্লাৰ ওচৰত  প্ৰাৰ্থনা জনাইছে৷ 


যোৱা ১৬ দিন ধৰি উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ অভিযান চলি আছে। কিন্তু কোনোপধ্যে সফল হোৱা নাই এই অভিযান৷ সেয়ে বহুতে আশংকা কৰিছে আশাবোৰ শেষ হৈ যাব নেকি! সেয়েহে এতিয়া প্ৰাৰ্থনাৰ বাহিৰে যেন আন একো উপায় নাই৷ সকলো ঠাইতে প্ৰাৰ্থনা কৰা হৈছে। 

ৰামনগৰৰ খাটাৰী মহল্লাৰ  মছজিদত ৪১  জন শ্ৰমিকৰ বাবে নামাজ পঢ়াসকলে মনে-প্ৰাণে কামনা কৰিছে যে আল্লাই শ্ৰমিকসকলক ৰক্ষা কৰিবই৷  উল্লেখ্য  উত্তৰকাশীৰ তাপমাত্ৰা ইতিমধ্যে ৪ ডিগ্ৰীলৈ নামি গৈছে৷কিছুদিন  পিছত ই আৰু হ্ৰাস পাব। এনে হিমশীতল ঠাণ্ডাৰ সৈতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে যে উত্তৰাখণ্ডত ৪,০০০ তকৈও অধিক মিটাৰ উচ্চতাত তুষাৰপাত হ'ব পাৰে।আশংকা কৰা হৈছে যে  প্ৰকৃতিৰ এনে ৰূপে  উদ্ধাৰকাৰীসকলক প্ৰতিকূল পৰিস্থিতিত পেলাব পাৰে। অৱশ্যে, প্ৰশাসনে নিশ্চিত কৰিছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিতো কাম অব্যাহত থাকিব।  

উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া মেহমুদ আহমেদে কয়, "উদ্ধাৰকাৰী দলটোক সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। গতিকে এয়া  আমাৰ বাবে চিন্তাৰ কাৰণ নহয়। তেওঁ লগতে কয় যে সুৰংগটোৰ ওপৰৰ পৰা মাটি উলম্বভাৱে কাটিবলৈ কালিৰে পৰা কাম আৰম্ভ হৈছে। যদি আৰু কোনো ব্যাঘাত নহয়, সমগ্ৰ প্ৰক্ৰিয়াটো বৃহস্পতিবাৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক