--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ১৬ দিন ধৰি উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ আছে ৪১ জনকৈ শ্ৰমিক৷ এতিয়ালৈকে ওলোৱা নাই তেওঁলোকক উদ্ধাৰ কৰাৰ কোনো পথ৷ বহু চেষ্টাৰ পিছতো উদ্ধাৰকাৰীয়ে আবদ্ধ শ্ৰমিকসকলৰ কাষ চাপিব পৰা নাই৷ এনে পৰিস্থিতিত ৰামনগৰৰ মুছলমান সম্প্ৰদায়ৰ একাংশলোকে  উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ বাবে সমূহীয়া নামাজ পঢ়িছে৷তেওঁলোকে  উদ্ধাৰ অভিযান যিমান সম্ভৱ সোনকালে সফল হোৱাৰ বাবে আল্লাৰ ওচৰত  প্ৰাৰ্থনা জনাইছে৷ 


যোৱা ১৬ দিন ধৰি উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ অভিযান চলি আছে। কিন্তু কোনোপধ্যে সফল হোৱা নাই এই অভিযান৷ সেয়ে বহুতে আশংকা কৰিছে আশাবোৰ শেষ হৈ যাব নেকি! সেয়েহে এতিয়া প্ৰাৰ্থনাৰ বাহিৰে যেন আন একো উপায় নাই৷ সকলো ঠাইতে প্ৰাৰ্থনা কৰা হৈছে। 

ৰামনগৰৰ খাটাৰী মহল্লাৰ  মছজিদত ৪১  জন শ্ৰমিকৰ বাবে নামাজ পঢ়াসকলে মনে-প্ৰাণে কামনা কৰিছে যে আল্লাই শ্ৰমিকসকলক ৰক্ষা কৰিবই৷  উল্লেখ্য  উত্তৰকাশীৰ তাপমাত্ৰা ইতিমধ্যে ৪ ডিগ্ৰীলৈ নামি গৈছে৷কিছুদিন  পিছত ই আৰু হ্ৰাস পাব। এনে হিমশীতল ঠাণ্ডাৰ সৈতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে যে উত্তৰাখণ্ডত ৪,০০০ তকৈও অধিক মিটাৰ উচ্চতাত তুষাৰপাত হ'ব পাৰে।আশংকা কৰা হৈছে যে  প্ৰকৃতিৰ এনে ৰূপে  উদ্ধাৰকাৰীসকলক প্ৰতিকূল পৰিস্থিতিত পেলাব পাৰে। অৱশ্যে, প্ৰশাসনে নিশ্চিত কৰিছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিতো কাম অব্যাহত থাকিব।  

উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া মেহমুদ আহমেদে কয়, "উদ্ধাৰকাৰী দলটোক সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। গতিকে এয়া  আমাৰ বাবে চিন্তাৰ কাৰণ নহয়। তেওঁ লগতে কয় যে সুৰংগটোৰ ওপৰৰ পৰা মাটি উলম্বভাৱে কাটিবলৈ কালিৰে পৰা কাম আৰম্ভ হৈছে। যদি আৰু কোনো ব্যাঘাত নহয়, সমগ্ৰ প্ৰক্ৰিয়াটো বৃহস্পতিবাৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন