--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণ নামৰ দৈত্যটোৱে সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত শীৰ্ঘ্ৰে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব৷ সোমবাৰে সন্ধিয়া নতুন দিল্লীত আৰম্ভ হয় ধাৰাসাৰ বৰষুণ৷ বৰষুণৰ পিছতে  দিল্লীবাসীয়ে  স্বস্তিৰ নিশ্বাস পেলাইছে৷  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) পৰৱৰ্তী ২-৩  ঘণ্টাত নতুন দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ব্যাপক হাৰত  বৰষুণৰ আগজাননী দিছে৷ 

জাফৰপুৰ, নাজফগড়, দ্বাৰকা, ইণ্ডিয়া গেট, পালম, লোডি ৰোড, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰ, বসন্ত বিহাৰ, আৰ কে পুৰম, প্ৰতিৰক্ষা কলনী, লাজপট  নগৰ, বসন্ত কুঞ্জ, হাউজখাছ, মালৱ্যনগৰ, কালকাজী, মাহৰৌলি, তুঘলকাবাদ, ছত্তৰপুৰ, ইগনু, আয়ানগৰ আৰু ডেৰামী অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে, বাহাদুৰগড়, গুৰুগ্ৰাম, ফৰিদাবাদ, মানেচাৰ, বল্লভগড় আৰু  নয়ডা অঞ্চলতো পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
 

আইএমডিৰ পূৰ্বানুমান অনুসৰি দিল্লীৰ  চুবুৰীয়া অঞ্চলবোৰত পৰৱৰ্তী ২-৩ দিনৰ বাবে বতৰ ডাৱৰীয়া হৈ থাকিব।উল্লেখ্য বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা ভাল।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 


ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই