--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণ নামৰ দৈত্যটোৱে সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত শীৰ্ঘ্ৰে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব৷ সোমবাৰে সন্ধিয়া নতুন দিল্লীত আৰম্ভ হয় ধাৰাসাৰ বৰষুণ৷ বৰষুণৰ পিছতে  দিল্লীবাসীয়ে  স্বস্তিৰ নিশ্বাস পেলাইছে৷  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) পৰৱৰ্তী ২-৩  ঘণ্টাত নতুন দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ব্যাপক হাৰত  বৰষুণৰ আগজাননী দিছে৷ 

জাফৰপুৰ, নাজফগড়, দ্বাৰকা, ইণ্ডিয়া গেট, পালম, লোডি ৰোড, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰ, বসন্ত বিহাৰ, আৰ কে পুৰম, প্ৰতিৰক্ষা কলনী, লাজপট  নগৰ, বসন্ত কুঞ্জ, হাউজখাছ, মালৱ্যনগৰ, কালকাজী, মাহৰৌলি, তুঘলকাবাদ, ছত্তৰপুৰ, ইগনু, আয়ানগৰ আৰু ডেৰামী অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে, বাহাদুৰগড়, গুৰুগ্ৰাম, ফৰিদাবাদ, মানেচাৰ, বল্লভগড় আৰু  নয়ডা অঞ্চলতো পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
 

আইএমডিৰ পূৰ্বানুমান অনুসৰি দিল্লীৰ  চুবুৰীয়া অঞ্চলবোৰত পৰৱৰ্তী ২-৩ দিনৰ বাবে বতৰ ডাৱৰীয়া হৈ থাকিব।উল্লেখ্য বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা ভাল।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 


ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement