--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ সমস্যা সমাধানবিহীন গণিত নহয়৷ সমাধান থাকেই প্ৰতিটো সমস্যাৰ৷ মাথোঁ জীৱনক ভালপাব লাগে৷ আশাৰ পোহৰেৰে মচি দিব লাগে হতাশাৰ প্ৰচ্ছায়া৷ গভীৰ সুৰংগৰো শেষ থাকে৷ সুৰংগৰ শেষত থাকে আশাৰ পোহৰ৷

আশা আৰু জীৱনৰ পোহৰেৰে সুৰংগৰ শেষৰ পৰা উদ্ধাৰ কৰা হৈছিল শ্ৰমিকসকলক৷ উত্তৰাখণ্ডৰ এই ঘটনাত দৃষ্টি নিবদ্ধ আছিল দেশবাসীৰ৷ বিশেষকৈ শ্ৰমিকসকলক সুকলমে উদ্ধাৰ কৰাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছিল সকলোৱে৷ 

এতিয়া সুৰংগৰ এই কাহিনীৰে নিৰ্মাণ কৰা হ’ব চিনেমা৷ উত্তৰকাশীৰ বাস্তৱিক কাহিনীৰে নিৰ্মাণ হোৱাৰ দিশে চিনেমা৷ জানিব পৰা গৈছে যে ভাৰতৰ সফল অভিযানৰ আধাৰত কেইবাগৰাকীও চলচ্চিত্ৰ-নিৰ্মাতা আৰু প্ৰযোজনা-প্ৰতিষ্ঠান সাজু হৈছে৷ ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থা (আইএমপিপিএ), প্ৰডিউচাৰ গীল্ড অব্ ইণ্ডিয়া আৰু মুম্বাইৰ ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰ কাউন্সিলে (আইএফটিপিচি) ইতিমধ্যে চিনেমা শিৰোনামৰ তালিকা দাখিল কৰা আৰম্ভ কৰিছে।

আইএমপিপিএৰ অধ্যক্ষ অভিনেতা অনিল নাগ্ৰাই কয় যে তেওঁৰ কাৰ্যালয়ে ইতিমধ্যে চিনেমাৰ ‘টাইটেল’ বুক কৰাৰ বাবে কেইটামান অনুৰোধ লাভ কৰিছে। ‘উদ্ধাৰ, উদ্ধাৰ ৪১, আৰু মিছন ৪১ -৷দ্য গ্ৰেট ৰেচকিউ’ৰ দৰে শিৰোনাম দাখিল কৰা আৰম্ভ হৈছে। যিবোৰ ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। অৱশ্যে, ঘটনাটোৰ পৰিপ্ৰেক্ষিতত এনে বহুতো নাম এতিয়াও পঞ্জীয়ন কৰা হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ