--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰতিটো দলৰে বাঘা বাঘা নেতাই পাঁচোটা বিধানসভা সমষ্টিতে পৰিভ্ৰমণ কৰিছে। কোনোবাজন নেতাই যদি সাধাৰণ জনতাৰ সৈতে মজিয়াতে বহি ভাত খাইছে, কোনোবাজনে আকৌ ৰাজহুৱা বজাৰতে সকলোৰে সৈতে ভাব-বিনিময় কৰিছে। মুঠৰ ওপৰত ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে নেতাসকলে ভিন্নৰূপী কৌশল অৱলম্বন কৰিছে। অন্য দলসমূহৰ দৰে ৰাইজৰ দলেও নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে।


মৰিয়নিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ অখিল গগৈয়ে বিজেপি আৰু কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে। সাংবাদিকৰ সন্মুখত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, ‘ৰূপজ্যোতি কুৰ্মী প্ৰতাৰক, বিশ্বাসঘাতক’। লগতে ৰূপজ্যোতি কুৰ্মীক ‘শিয়াল’ আখ্যা দিয়ে অখিল গগৈয়ে। তেওঁৰ মতে, আপোচবিহীন শক্তিশালী আঞ্চলিক দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক নিৰ্বাচিত কৰি পঠালে তিনিওগৰাকীয়ে বিধানসভা কঁপাই তুলিব। আনহাতে, তেওঁলোক একেলগে সদনত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জোকাৰি পেলোৱাৰো হুংকাৰ প্ৰদান কৰে!

ৰূপজ্যোতি কুৰ্মীক শিয়াল, প্ৰতাৰক, বিশ্বাসঘাটক বুলি কোৱাৰ বিপৰীতে অখিল গগৈয়ে নিজকে ‘সিংহ’ হিচাপে অভিহিত কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলে সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে কংগ্ৰেছ এতিয়া বিজেপিৰ ‘বি-টিম’ বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। বিধায়ক অখিল গগৈৰ অভিযোগ যে, থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী ব্যয় বিজেপিয়েহে হেনো বহন কৰিছে। আনহাতে, মৰিয়নিটো বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। সেয়ে অসমৰ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলৰ পক্ষত ভোট প্ৰক্ষেপ কৰি ৰাইজৰ দলৰ হাত আৰু অধিক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু