--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰতিটো দলৰে বাঘা বাঘা নেতাই পাঁচোটা বিধানসভা সমষ্টিতে পৰিভ্ৰমণ কৰিছে। কোনোবাজন নেতাই যদি সাধাৰণ জনতাৰ সৈতে মজিয়াতে বহি ভাত খাইছে, কোনোবাজনে আকৌ ৰাজহুৱা বজাৰতে সকলোৰে সৈতে ভাব-বিনিময় কৰিছে। মুঠৰ ওপৰত ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে নেতাসকলে ভিন্নৰূপী কৌশল অৱলম্বন কৰিছে। অন্য দলসমূহৰ দৰে ৰাইজৰ দলেও নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে।


মৰিয়নিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ অখিল গগৈয়ে বিজেপি আৰু কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে। সাংবাদিকৰ সন্মুখত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, ‘ৰূপজ্যোতি কুৰ্মী প্ৰতাৰক, বিশ্বাসঘাতক’। লগতে ৰূপজ্যোতি কুৰ্মীক ‘শিয়াল’ আখ্যা দিয়ে অখিল গগৈয়ে। তেওঁৰ মতে, আপোচবিহীন শক্তিশালী আঞ্চলিক দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক নিৰ্বাচিত কৰি পঠালে তিনিওগৰাকীয়ে বিধানসভা কঁপাই তুলিব। আনহাতে, তেওঁলোক একেলগে সদনত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জোকাৰি পেলোৱাৰো হুংকাৰ প্ৰদান কৰে!

ৰূপজ্যোতি কুৰ্মীক শিয়াল, প্ৰতাৰক, বিশ্বাসঘাটক বুলি কোৱাৰ বিপৰীতে অখিল গগৈয়ে নিজকে ‘সিংহ’ হিচাপে অভিহিত কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলে সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে কংগ্ৰেছ এতিয়া বিজেপিৰ ‘বি-টিম’ বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। বিধায়ক অখিল গগৈৰ অভিযোগ যে, থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী ব্যয় বিজেপিয়েহে হেনো বহন কৰিছে। আনহাতে, মৰিয়নিটো বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। সেয়ে অসমৰ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলৰ পক্ষত ভোট প্ৰক্ষেপ কৰি ৰাইজৰ দলৰ হাত আৰু অধিক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ