--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘সৰিয়হৰ ডুলিত ভুত’- অসমীয়াৰ এই বাক্যশাৰী এইবাৰ যথাযথভাৱে খাপ খাই পৰিছে বিজেপি দলৰ ক্ষেত্ৰত। কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰচাৰেৰে শাসনলৈ অহা বিজেপি দলৰ বৰঘৰতে সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী। সম্প্ৰতি দুৰ্নীতিৰ অভিযোগেৰে বিভিন্ন ৰাজ্যত থকা বিজেপি বিৰোধী শাসকীয় দলক ব্যতিব্যস্ত কৰি তোলা বিজেপি এইবাৰ নিজেই দুৰ্নীতিৰ অভিযোগত সাঙোৰ খাই পৰিছে। এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশত। ৰাজ্যখনৰ নিজা একাউণ্টেণ্ট জেনেৰেলে প্ৰকাশ কৰা এক প্ৰতিবেদনত শিৱৰাজ সিং চৌহান নেতৃত্বাধীন মধ্য প্ৰদেশ চৰকাৰৰ ৰেচন আঁচনিত বৃহৎ বৃত্তীয় অনিয়ম পোহৰলৈ আহিছে।

একাউণ্টেণ্ট জেনেৰেলৰ প্ৰকাশ কৰা ৩৬ পৃষ্ঠাৰ এক গোপনীয় অডিট প্ৰতিবেদনত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰে ২০২১ চনত গ্ৰহণ কৰা টেক হোম ৰেচন (টিএইচআৰ) আঁচনিৰ শতাধিক কোটি টকাৰ বিত্তীয় অনিয়ম স্পষ্ট হৈ পৰিছে। ৰাজ্যখনৰ ৪৯.৫৮ লাখ মহিলা আৰু শিশুৰ বাবে পুষ্টিকৰ আহাৰ প্ৰদান আছিল এই আঁচনিৰ প্ৰধান উদ্দেশ্য। আঁচনিখনৰ হিতাধিকাৰী হিচাপে চিনাক্ত কৰা হৈছিল ছয় মাহৰ পৰা তিনি বছৰ বয়সৰ ৩৪.৬৯ লাখ শিশু, ১৪.২৫ লাখ গৰ্ভৱতী মহিলা তথা স্তন্যপান কৰাই থকা মাতৃ আৰু ১১ ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰত ৬৪,০০০ বিদ্যালয়ৰ বাহিৰৰ কন্যা শিশু। 

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদ্যালয়ত অধ্যনয়ৰত ৰেচনৰ বাবে যোগ্য কন্যা শিক্ষাৰ্থী চিনাক্ত কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ এপ্ৰিলৰ ভিতৰত এক জৰীপ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ (ডব্লিউচিডি) বিভাগে এই জৰীপ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত ৩ বছৰ লৈছিল আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত জৰীপ সমাপ্ত কৰিছিল। ইফালে বিদ্যালয় শিক্ষা বিভাগে ২০১৮-১৯ বৰ্ষত মধ্য প্ৰদেশত বিদ্যালয়ৰ বাহিৰৰ ১১ ৰ পৰা ১৪ বছৰ বয়সৰ কন্যা শিশু প্ৰায় ৯,০০০ গৰাকী আছিল বুলি অনুমান কৰিছিল যদিও মহিলা আৰু শিশু বিকাশ বিভাগে কোনো জৰীপ নকৰাকৈয়ে এই সংখ্যা ৩৬.০৮ লাখ হ’ব বুলি তথ্য দিছিল।

লগতে অডিটত প্ৰকাশ পোৱা মতে ৰাজ্যখনৰ ৪৯ টা অংগনৱাড়ী কেন্দ্ৰত মাত্ৰ তিনিগৰাকী বিদ্যালয়ৰ বাহিৰৰ কন্যা শিশুক আঁচনিখনৰ হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰা হৈছিল। আনহাতে ডব্লিউ.চি.ডি- য়ে একেকেইটা কেন্দ্ৰত ৬৩,৭৪৮ গৰাকী কন্যা শিশুৰ তথ্য তালিকাভুক্ত কৰিছিল আৰু ২০১৮ চনৰ পৰা ২০২১ চনলৈ তেওঁলোকৰ ভিতৰত ২৯,১০৪ গৰাকীক সহায় আগবঢ়োৱা হৈছে বুলি দাবী কৰিছিল।

এইদৰে ৰেচন বিতৰণত তথ্যৰ হেৰফেৰ কৰি মুঠ ১১০.৮৩ কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত কৰা হৈছে বুলি প্ৰতিবেদনটোত আশংকা প্ৰকাশ কৰা হৈছে। তদুপৰি ৰেচন পৰিবহনৰ বাবে ট্ৰাকসমূহ ছয়টা ৰেচন নিৰ্মাণ কাৰখানাৰ দ্বাৰা ব্যৱহাৰ কৰা বুলি দাবী কৰি ইয়াৰ বাবে ৬.৯৪ কোটি টকা ব্যয়ৰ তথ্য দিয়া হৈছিল। 

ইফালে ৰেচন নিৰ্মাণ কাৰখানাসমূহে দিয়া প্ৰতিবেদনত উৎপাদনৰ হাৰৰ যি তথ্য প্ৰকাশ কৰা হৈছিল, সেয়া কাৰখানাসমূহৰ অনুমোদিত ক্ষমতাৰ বাহিৰত বুলি প্ৰমাণিত হৈছিল। ইয়াৰ উপৰিও, ৬২.৭২ কোটি টকাৰ ১০,০০০ মেট্ৰিক টনৰো অধিক ৰেচন পৰিবহনৰ কোনো তথ্য উল্লেখ নথকাৰ লগতে ৱেৰহাউচতো এই ৰেচন উপলব্ধ নাছিল। এনে তথ্যই এই সমুদায় ধনৰাশি আত্মসাৎ কৰা হৈছিল বুলি প্ৰমাণ কৰি দিছে। একেদৰে আঠখন জিলাত কৰ্তৃপক্ষই ৯৭,০০০ মেট্ৰিক টনতকৈও অধিক ৰেচন প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰিছিল যদিও অংগনৱাড়ী কেন্দ্ৰবোৰলৈ মাত্ৰ ৮৬,০০০ মেট্ৰিক টনহে যোগান ধৰা হৈছিল।

অংগনৱাড়ী কেন্দ্ৰবোৰলৈ উচ্চ মানদণ্ডৰ খাদ্য যোগান নিশ্চিত কৰিবলৈ ইয়াৰ পুষ্টিগত সামগ্ৰীৰ মানদণ্ড পৰীক্ষাৰ উদ্দেশ্যে বিতৰণ প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ত ৰাজ্যৰ বাহিৰৰ স্বতন্ত্ৰ পৰীক্ষাগাৰলৈ ৰেচন প্ৰেৰণ কৰা প্ৰয়োজন। কিন্তু অডিটে প্ৰকাশ কৰা প্ৰতিবেদনত এই কাৰ্য সম্পন্ন কৰা নাছিল বুলি উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত হিতাধিকাৰীসকলক নিম্ন মানদণ্ডৰ ৰেচন যোগান ধৰাৰো ইঙ্গিত দিয়া হৈছে। ইয়াৰোপৰি আঠখন জিলাত বিভাগীয় বিষয়াসকলে ২০১৮-১৯ বৰ্ষৰ পৰা অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰা নাছিল বুলিও অডিট প্ৰতিবেদনত পোহৰলৈ আহিছে।

উল্লেখ্য যে মধ্য প্ৰদেশত ৰেচন বিতৰণ আঁচনি ২০২০ চনৰ পৰা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ তত্বাৱধানত আছে। ২০২০ চনৰ উপ-নিৰ্বাচনত পৰাজয়ৰ পিছত বিজেপিৰ ইমৰতি দেৱীৰ পদত্যাগৰ পিছৰে পৰা মহিলা আৰু শিশু বিকাশ বিভাগ মুখ্যমন্ত্ৰী চৌহানে নিজৰ অধীনলৈ আনিছিল। এতিয়া মুখ্যমন্ত্ৰীৰ অধীনস্থ বিভাগতে এই বিয়াগোম কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লক্ষ্যণীয়ভাৱে শেহতীয়া কিছুদিন ধৰি বিজেপি বিৰোধী দলসমূহৰ নেতাৰ বিৰুদ্ধে বিজেপিয়ে ধাৰাবাহিকভাৱে বিত্তীয় অনিয়মৰ অভিযোগ তুলি আহিছে। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চিবিআইকে ধৰি কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে বিজেপি বিৰোধী দলৰ কেইবাগৰাকীও নেতাৰ বাসগৃহত অভিযান চলাইছে। পশ্চিম বংগত তৃণমূলৰ কেইবাগৰাকীও নেতা, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া, মহাৰাষ্ট্ৰৰ শিৱসেনা সাংসদ সঞ্জয় ৰাউটৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ তুলি কেন্দ্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা অভিযান চলাইছে। বাদ পৰি ৰোৱা নাই কংগ্ৰেছ নেতৃত্বও। 

এনে অভিযানৰ সন্মুখীন হোৱাৰ পাছত বিৰোধী দলসমূহে বিজেপিৰ বিৰুদ্ধে কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। লগতে দুৰ্নীতিত অভিযুক্ত বিজেপিৰ দলীয় নেতা কিয় তদন্তৰ সন্মুখীন হোৱা নাই বুলি প্ৰশ্ন তুলিছে। এনে সময়তে বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশত সংঘটিত এই দুৰ্নীতিয়ে বিজেপিৰ দুৰ্নীতিবিৰোধী নীতিৰ ফোঁপোলা স্বৰূপ উদঙাই তুলিছে। সততে বিৰোধীৰ বিৰুদ্ধে তদন্ত সংস্থাক ব্যৱহাৰ কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এতিয়া শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবনে, সেয়া লক্ষ্যণীয় হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী