--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউডৰ আন অভিনেত্ৰীৰ তুলনাত কংগনা ৰাণাৱটে সৃষ্টি কৰা বিতৰ্কৰ সংখ্যা বেছি৷ প্ৰায়েই আন অভিনেতা নাইবা প্ৰযোজকক কথাৰে আক্ৰমণ কৰে কংগনাই৷ এইবাৰ অভিনেত্ৰী কংগনা ৰাণাৱটে আক্ৰমণৰ লক্ষ্য কৰি ল’লে চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটক৷ অভিনেত্ৰী গৰাকীয়ে মহেশ ভাট সম্পৰ্কে  এক আচৰিত  তথ্য  প্ৰকাশ কৰিছিল। কংগনাৰ অভিযোগ অনুসৰি মহেশ ভাটৰ প্ৰকৃত নাম “মহেশ” নহয়, 'আছলাম'হে।

ইনষ্টাগ্ৰাম ষ্ট'ৰীত ইতিমধ্যে কংগনাই মহেশ ভাট সম্বন্ধীত কেইবাটাও  পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিছে। ইয়াৰে এটা ক্লিপত  লগতে মহেশ ভাটে  আৰু তেওঁৰ প্ৰকৃত নাম আৰু ধৰ্ম সম্পৰ্কে কিছু মন্তব্যও দিয়া দেখা গৈছিল।  এইয়া  ২০০৬ চনত  মুক্তি লাভ কৰা  গেংষ্টাৰ ছবিখনৰ এটা অংশ৷ 

"মহেশজীয়ে সাধাৰণ তথা  কাব্যিকভাৱে মানুহক হিংসাৰ বাবে উদগনি দিছিল," বুলিও কংগনাই  এটা পোষ্টৰ শিৰোনাম দিছিল। একেটা ভিডিঅ'ৰ আন এটা অংশ শ্বেয়াৰ কৰি কংগনাই উল্লেখ কৰিছিল যে, দ্বিতীয় পত্নী চনি ৰাজদানক বিয়া কৰোৱাৰ সময়ত মহেশ ভাট ধৰ্মান্তৰিত হৈছিল৷  আৰু মহেশ ভাটৰ প্ৰকৃত নাম হৈছে আছলাম৷ কংগানাৰ মতে এইটো এটা সুন্দৰ নাম৷সেয়ে মহেশ ভাটে নামটো লুকুৱাই ৰখা অনুচিত৷ 


অৱশ্যে কংগনাই মহেশ ভাটক আক্ৰমণৰ লক্ষ্য কৰি লোৱা এইয়াই প্ৰথম নহয়৷ এই বছৰৰ আৰম্ভণিতে, কংগনাই মহেশ ভাট আৰু তেওঁৰ জীয়ৰী আলিয়া ভাটক  'গঙ্গুবাই কাঠিয়াৱাড়ী'ৰ মুক্তিৰ আগতে পৰোক্ষভাৱে সমালোচনা কৰিছিল। কংগনাই পৰোক্ষভাৱে আলিয়াক 'দেউতাকৰ দূত' আৰু মহেশক 'চলচ্চিত্ৰ মাফিয়া' বুলি অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু