--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিং খানৰ অনুৰাগীসকল সদায় তেওঁৰ বিষয়ে বিষয়ে জানিবলৈ কৌতূহলী। উৎসুক হৈ থাকে শ্বাহৰুখ খানৰ বিষয়ে প্ৰতিটো কথাই জানিবলৈ৷ শ্বাহৰুখে এখন চিনেমাৰ বাবে কেনেকৈ প্ৰস্তুতি চলায় বা শ্বুটিঙত কেনে ধৰণৰ অভিজ্ঞতা আছে অভিনেতাগৰাকীৰ? 

অভিনেতাজনে প্ৰায়ে টুইটাৰত তেওঁৰ অনুৰাগীসকলৰ বাবে #AskSRK শীৰ্ষক এটা প্ৰশ্নোত্তৰ শিতান মুকলি কৰে৷ অভিনেতাজনে এই শিতানত সকলোৰে প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে। শ্বাহৰুখ খান তেওঁৰ কন্যা সুহানাৰ এখন চিনেমাৰ মুক্তিৰ পূৰ্বে টুইটাৰত উলব্ধ হৈছিল৷ আৰু তাতেই পোহৰলৈ আহে শ্বাহৰুখ সম্পৰ্কে কেতবোৰ অজ্ঞাত তথ্য৷

শ্বাহৰুখ খানক কেৱল তেওঁৰ অনুৰাগীসকলে চিনেমাৰ বাবেই ভাল নাপায়৷ তেওঁক ভাল পোৱাৰ বহুতো কাৰণ আছে, যিবোৰ শব্দৰে প্ৰকাশ কৰা কঠিন। জীয়ৰী সুহানাৰ তেওঁৰ প্ৰথম চিনেমা ‘দ্য আৰ্চিছ‘ মুম্বাইত প্ৰদৰ্শিত হৈছিল। তাৰ ঠিক এদিন পাছতে শ্বাহৰুখ খানে এক্স-ত এটা #AskSRK মুকলি কৰে৷ তেওঁ প্ৰতিবাৰেই তেওঁৰ চিনেমাৰ মুক্তিৰ সময়ত এয়া কৰি আহিছে।

এজন অনুৰাগীয়ে অভিনেতাজনৰ একে ধৰণৰ টি-চাৰ্ট পিন্ধি দৌৰি থকা এটা ভিডিঅ’ পোষ্ট কৰিছিল। কিন্তু সেয়া প্ৰায় ২৮ বছৰ আগৰ কথা। শ্বাহৰুখ খানৰ দুখন চিনেমাৰ ক্লিপিঙো দেখুওৱা হৈছে। প্ৰথম কেইছেকেণ্ডৰ বাবে তেওঁক ফুটবল খেলপথাৰত দৌৰি থকা দেখা গৈছিল। যিটো ১৯৯৫ চনৰ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ এটা আইকনিক দৃশ্য। ভিডিঅ’টো শ্বাহৰুখ খানৰ বৰ্তমানৰ চেহেৰাৰ সৈতে সম্পূৰ্ণ বিপৰীত দেখা যায়। দুয়োখন ছবিতে শ্বাহৰুখ খানক একেটা ষ্ট্ৰিপযুক্ত টি-চাৰ্ট পিন্ধা দেখা গৈছে।

অনুৰাগীসকলে তেওঁক সুধিছিল, আমি সকলোৱে এই সময়ছোৱাত ডাঙৰ-দীঘল হৈছিলোঁ। যেতিয়া আপুনি এনেধৰণৰ দৃশ্য দেখে তেতিয়া কেনে অনুভৱ হয়?

তেতিয়া শ্বাহৰুখ খানে কয়, সেইসময়ত মোৰ ১১টা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল৷ তাৰ পাছতো এনেদৰে দৌৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁ লিখিছিল, জীৱন হৈছে এক দৌৰ য’ত মই বহুত সুখী। মই এতিয়াও ১১টা অস্ত্ৰোপচাৰৰ পাছত একেধৰণে খোজ কাঢ়িব পাৰো আৰু মোৰ একেটা টি-চাৰ্ট মোৰ বাবে উপযুক্ত।’

শ্বাহৰুখ খানৰ ‘ৰইছ’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঁঠুত আঘাত পোৱাৰ পাছত অস্ত্ৰোপচাৰ কৰা হৈছিল। ২০১৩ত অভিনেতাজনে চেন্নাই এক্সপ্ৰেছৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত তেওঁৰ অষ্টমটো অস্ত্ৰোপচাৰ কৰাইছিল। ২০০৯ চনত তেওঁৰ বাঁওকান্ধৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। এই বছৰৰ আৰম্ভণিতে অভিনেতাজনে লছ এঞ্জেলছত তেওঁৰ এটা প্ৰকল্পৰ ছেটত দুৰ্ঘটনাত পতিত হৈছিল। ফলস্বৰূপে তেওঁ নাকৰ অস্ত্ৰোপচাৰ কৰিবলগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক