--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিং খানৰ অনুৰাগীসকল সদায় তেওঁৰ বিষয়ে বিষয়ে জানিবলৈ কৌতূহলী। উৎসুক হৈ থাকে শ্বাহৰুখ খানৰ বিষয়ে প্ৰতিটো কথাই জানিবলৈ৷ শ্বাহৰুখে এখন চিনেমাৰ বাবে কেনেকৈ প্ৰস্তুতি চলায় বা শ্বুটিঙত কেনে ধৰণৰ অভিজ্ঞতা আছে অভিনেতাগৰাকীৰ? 

অভিনেতাজনে প্ৰায়ে টুইটাৰত তেওঁৰ অনুৰাগীসকলৰ বাবে #AskSRK শীৰ্ষক এটা প্ৰশ্নোত্তৰ শিতান মুকলি কৰে৷ অভিনেতাজনে এই শিতানত সকলোৰে প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে। শ্বাহৰুখ খান তেওঁৰ কন্যা সুহানাৰ এখন চিনেমাৰ মুক্তিৰ পূৰ্বে টুইটাৰত উলব্ধ হৈছিল৷ আৰু তাতেই পোহৰলৈ আহে শ্বাহৰুখ সম্পৰ্কে কেতবোৰ অজ্ঞাত তথ্য৷

শ্বাহৰুখ খানক কেৱল তেওঁৰ অনুৰাগীসকলে চিনেমাৰ বাবেই ভাল নাপায়৷ তেওঁক ভাল পোৱাৰ বহুতো কাৰণ আছে, যিবোৰ শব্দৰে প্ৰকাশ কৰা কঠিন। জীয়ৰী সুহানাৰ তেওঁৰ প্ৰথম চিনেমা ‘দ্য আৰ্চিছ‘ মুম্বাইত প্ৰদৰ্শিত হৈছিল। তাৰ ঠিক এদিন পাছতে শ্বাহৰুখ খানে এক্স-ত এটা #AskSRK মুকলি কৰে৷ তেওঁ প্ৰতিবাৰেই তেওঁৰ চিনেমাৰ মুক্তিৰ সময়ত এয়া কৰি আহিছে।

এজন অনুৰাগীয়ে অভিনেতাজনৰ একে ধৰণৰ টি-চাৰ্ট পিন্ধি দৌৰি থকা এটা ভিডিঅ’ পোষ্ট কৰিছিল। কিন্তু সেয়া প্ৰায় ২৮ বছৰ আগৰ কথা। শ্বাহৰুখ খানৰ দুখন চিনেমাৰ ক্লিপিঙো দেখুওৱা হৈছে। প্ৰথম কেইছেকেণ্ডৰ বাবে তেওঁক ফুটবল খেলপথাৰত দৌৰি থকা দেখা গৈছিল। যিটো ১৯৯৫ চনৰ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ এটা আইকনিক দৃশ্য। ভিডিঅ’টো শ্বাহৰুখ খানৰ বৰ্তমানৰ চেহেৰাৰ সৈতে সম্পূৰ্ণ বিপৰীত দেখা যায়। দুয়োখন ছবিতে শ্বাহৰুখ খানক একেটা ষ্ট্ৰিপযুক্ত টি-চাৰ্ট পিন্ধা দেখা গৈছে।

অনুৰাগীসকলে তেওঁক সুধিছিল, আমি সকলোৱে এই সময়ছোৱাত ডাঙৰ-দীঘল হৈছিলোঁ। যেতিয়া আপুনি এনেধৰণৰ দৃশ্য দেখে তেতিয়া কেনে অনুভৱ হয়?

তেতিয়া শ্বাহৰুখ খানে কয়, সেইসময়ত মোৰ ১১টা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল৷ তাৰ পাছতো এনেদৰে দৌৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁ লিখিছিল, জীৱন হৈছে এক দৌৰ য’ত মই বহুত সুখী। মই এতিয়াও ১১টা অস্ত্ৰোপচাৰৰ পাছত একেধৰণে খোজ কাঢ়িব পাৰো আৰু মোৰ একেটা টি-চাৰ্ট মোৰ বাবে উপযুক্ত।’

শ্বাহৰুখ খানৰ ‘ৰইছ’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঁঠুত আঘাত পোৱাৰ পাছত অস্ত্ৰোপচাৰ কৰা হৈছিল। ২০১৩ত অভিনেতাজনে চেন্নাই এক্সপ্ৰেছৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত তেওঁৰ অষ্টমটো অস্ত্ৰোপচাৰ কৰাইছিল। ২০০৯ চনত তেওঁৰ বাঁওকান্ধৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। এই বছৰৰ আৰম্ভণিতে অভিনেতাজনে লছ এঞ্জেলছত তেওঁৰ এটা প্ৰকল্পৰ ছেটত দুৰ্ঘটনাত পতিত হৈছিল। ফলস্বৰূপে তেওঁ নাকৰ অস্ত্ৰোপচাৰ কৰিবলগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান