--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম বিখ্যাত গায়ক আৰু নিজৰ কণ্ঠেৰে লাখ লাখ লোকৰ হৃদয় স্পন্দন কৰা চনু নিগম এনে এজন গায়ক যাৰ কণ্ঠ লাখ লাখ লোকে ভাল পায়। কেৰিয়াৰত তেওঁৰ এনে বহু হিট গীত আছে, যিবোৰ মানুহৰ হৃদয়ত ৰৈ গৈছে। শেহতীয়াকৈ তেওঁৰ এটা নতুন গীত মুক্তি পাইছে, যাৰ সন্দৰ্ভত এতিয়া পাকিস্তানী গায়ক তথা গীতিকাৰ ওমৰ নাদীমে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

চনু নিগমৰ বিৰুদ্ধে গান কপি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ তুলিছে ওমৰ নাদীমে। শেহতীয়াকৈ চনু নিগমৰ কণ্ঠত মুক্তি লাভ কৰিছে ‘ছুন জাৰা’ শীৰ্ষক এটি গীত। এই গীতটোৰ সন্দৰ্ভতে চনু নিগমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানী গায়ক ওমৰ নাদীমে। ওমৰে কয় যে চনু নিগমে তেওঁৰ গীতটো কপি কৰিছে।

চনু নিগমৰ গীতটোৰ শিৰোনাম হ’ল ‘ছুন জাৰা’, যিটো টি-ছিৰিজৰ ইউটিউব চেনেলত ২ ডিচেম্বৰত মুক্তি পাইছে। শেহতীয়াকৈ ওমৰ নাদীমে এই গীতটো সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে চনু নিগমৰ এই গীতটো তেওঁৰ ‘এ খুদা’ গীতৰ পৰা কপি কৰা হৈছে।

ওমৰ নাদীমে ভিডিঅ’টোত তেওঁৰ আৰু চনু নিগমৰ দুয়োটা গীতৰ ক্লিপ শ্বেয়াৰ কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ওমৰে লিখিছে, ‘মই মোৰ জীৱনৰ এনে এটা পৰ্যায় পাইছো য’ত মই এইবোৰ কথাৰ প্ৰতি একেবাৰেই গুৰুত্ব দিব নোৱাৰো। কিন্তু হয়, যদি আপুনি এই কাম কৰি আছে তেন্তে অন্ততঃ মূল ট্ৰেকটোৰ ক্ৰেডিট দিয়ক। আৰু যদি আপুনি এইটো এৰাই চলিব বিচাৰে, তেন্তে স্মাৰ্টভাৱে কৰক। মই চনু নিগমৰ ডাঙৰ অনুৰাগী, কিন্তু সত্যৰ পথত থকাটো জৰুৰী।”

ইনষ্টাগ্ৰামত ওমৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত লিখা আছে যে তেওঁৰ এই গীতটো ২০০৯ চনত মুক্তি পাইছিল। তেওঁৰ গীতটিৰ ইউটিউবত ৫ লাখ ৪০ হাজাৰ ভিউ হৈছে। যদি আমি চনু নিগমৰ কথা কওঁ, তেওঁৰ গীতটোৰ ভিউজ ২৪ লাখতকৈও অধিক। চনুৱে গীতটোত কণ্ঠদান কৰাৰ বিপৰীতে ইয়াৰ গীতৰ কথা লিখিছে চলচ্চিত্ৰ সমালোচক তথা কমল ৰছিদ খান ওৰফে কে আৰ কে আৰু সংগীত দিছে ডিজে শ্বেজউডে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক