--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ চলচ্চিত্ৰ জগতৰ অতি জনপ্ৰিয় মালয়ালম অভিনেতা মোহনলাল গুৱাহাটীত উপস্থিত। মঙলবাৰে গুৱাহাটীত উপস্থিত হয় মোহনলাল। মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গুৱাহাটীলৈ আহে মোহনলাল। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ পাই নিজকে ভাগ্যৱান অনুভৱ কৰিছে অভিনেতাগৰাকীয়ে। দেশৰ অন্যতম বিখ্যাত শক্তিপীঠ কামাখ্যা ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰিছে দক্ষিণৰ মেগাষ্টাৰ মোহনলালে। মা কামাখ্যা মন্দিৰ দৰ্শন কৰা ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি মোহনলালে লিখিছে- ''কামাখ্যা মন্দিৰৰ কথা আগতে কেতিয়াবা শুনিছিলো নে নাই মনত নাই। কিন্তু এই মন্দিৰৰ কথা জানিবলৈ পোৱাৰে পৰা তালৈ যাবলৈ ইচ্ছা জাগিছিল। ইচ্ছাই সুযোগ সৃষ্টি কৰে কিন্তু কিছুমান কাম সম্পন্ন কৰিবলৈ কেৱল ইচ্ছাই যথেষ্ট নহয়। কেতিয়াবা কিছুমান কাম সম্পন্ন হ'বলৈ ভাগ্যইও লগ দিব লাগিব। তেনেকৈয়ে সম্ভৱ হ’ল মোৰ কামাখ্যা যাত্ৰা। ভাৰতত তন্ত্ৰ পৰম্পৰাৰ শক্তিপীঠ হিচাপে কামাখ্যা জনাজাত। তন্ত্ৰ শব্দৰ এশ এশ অৰ্থ মই পঢ়িছোঁ। মই প্ৰথমে ককাৰ পৰা (গোপীনাথন নাইৰ) তন্ত্ৰৰ কথা শুনিছিলো। তেতিয়াৰ পৰা সেই পথত বহুতো মহান আত্মাক লগ পোৱা আৰু চিনি পোৱাটো সম্ভৱ হৈ উঠিছে। যিসকলে তন্ত্ৰক জীয়াই ৰাখিছিল, তেওঁলোকক মই নাজানিছিলোঁ। মোৰ জীৱন ব্যস্ত চলচ্চিত্ৰ জীৱনৰ মাজত। ভাৰত তন্ত্ৰ মন্ত্ৰৰ ধাৰ্মিক দেশ, আমি ইয়াৰ বিষয়ে জনা উচিত।

তন্ত্ৰৰ বিষয়ে মই যিয়েই কওঁ, সেয়া কেৱল দোলনাত থকা কেঁচুৱা এটাৰ কান্দোনৰ দৰেই। ইয়াৰ বিষয়ে জানিবলৈ এতিয়াও বহু দূৰ বাকী আছে। ইয়ালৈ আহিহে এই ভূমিৰ ইতিহাসৰ কথা জানিব পাৰিলোঁ। যি ঠাই আহোম ৰজাই প্ৰায় ৬০০ বছৰ শাসন কৰিছিল। মোগল-ব্ৰিটিছ শাসনক তীব্ৰ প্ৰতিহত কৰা আহোম ৰজাসকলৰ বিষয়ে ইতিহাসৰ পাঠ্যপুথিত পঢ়া মোৰ মনত নাই। ভাৰতৰ জাতীয় সংহতিৰ বাবে সহায়ক অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়ে আমি অধিক ভালদৰে অধ্যয়ন কৰা উচিত। কামাখ্যা মন্দিৰৰ ইতিহাস আমি জনা উচিত।
 পুৰাণসমূহত আমি কামাখ্যাৰ বিষয়ে নৰকাসুৰৰ সৈতে জড়িত কাহিনী দেখিবলৈ পাওঁ। মন্দিৰত আমাক সহায় কৰা পণ্ডিত নয়নজ্যোতি শৰ্মাই কয় যে মন্দিৰটো দ্বাপৰ যুগৰ দৰেই পুৰণি। জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে আদৰি লৈছে এই সুন্দৰ মন্দিৰ। আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ আৰু কাইলৈ ​​পুৱা ব্ৰহ্মপুত্ৰৰ সৰু দ্বীপ উমানন্দ চাবলৈ যাম। ভূপেন হাজৰিকাই হৃদয়েৰে গোৱা সেই ব্ৰহ্মপুত্ৰৰ মাজেৰে এক যাত্ৰা কৰিম। কামাখ্যালৈ কেতিয়া যাম বহুদিনৰ পৰা সেই প্ৰশ্নই আমনি কৰি আছিল আৰু আজি সেই প্ৰশ্নৰ অন্ত পৰিল। মই প্ৰাৰ্থনা কৰিছোঁ যাতে মই ভাৰতৰ আন আন চমৎকাৰ ঠাইবোৰলৈও এনেদৰে যাব পাৰোঁ।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু