--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: "মোৰ এটাই সপোন আছে যে মই ভাৰতক ধনী কৰিম আৰু এই জীৱনত এক নম্বৰ কৰিম আৰু এয়া তেতিয়াহে হ’ব যেতিয়া দেশৰ সকলো নাগৰিক ধনী হ’ব আৰু মই প্ৰতিজন দুখীয়াক ধনী কৰিব বিচাৰো। আৰু সকলোকে ধনী কৰিবলৈ হ’লে আমি সকলো শিশুকে বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগিব।" মঙলবাৰে সংবাদমেলত এই মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে।

 আজি দিনৰ ১ বজাৰ পৰা ভাৰতক এক নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে এক ডাঙৰ আৰম্ভণি কৰা কথা ঘোষণা কৰে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে নিজৰ টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে মঙলবাৰে অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল যে দিল্লী চৰকাৰৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰি সমগ্ৰ ভাৰততে স্কুল শিক্ষা আৰু স্বাস্থ্য সুবিধাসমূহ উন্নত কৰি ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিব লাগে। তেওঁ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য সেৱাক বিনামূলীয়া উপহাৰ বুলি নকবলৈ আহ্বান জনায়।

বিজেপিয়ে কেজৰিৱালে ৰাইজক শাসনলৈ অহাৰ বাবে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত উত্তৰ প্ৰদেশত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে’ উদ্বোধন কৰাৰ পিছত ‘ৰেৱডী সংস্কৃতি’ক লৈ সজাগ হ’বলৈ নিৰ্দেশ দিছিল। তেওঁ কৈছিল যে দেশৰ উন্নয়নৰ বাবে ই অতি বিপদজনক।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম কৰিবলৈ সাজু অৰবিন্দ কেজৰিৱাল 

কেজৰিৱালে অনলাইন সংবাদমেলত কয় যে আমি কেন্দ্ৰৰ সৈতে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ উন্নতি সাধনৰ বাবে কাম কৰিবলৈ সাজু হৈছো।কেন্দ্ৰক অনুৰোধ কৰিছো যে ইয়াক ফ্ৰীবিজ বুলি কোৱাটো বন্ধ কৰক। তেওঁ কৈছিল যে শিশুৰ উন্নত ভৱিষ্যতৰ বাবে বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় খোলা, উন্নতি, অতিথি শিক্ষক নিয়মীয়াকৰণ, শিক্ষক প্ৰশিক্ষণ আৰু তেতিয়া ভাৰত এখন সমৃদ্ধিশালী দেশ হ’ব পাৰিব। তেওঁ কয় যে এই কাম পাঁচ বছৰতে কৰিব পৰা যাব।

তেওঁ কৈছিল যে আমি এইয়া কৰি দেখুৱাইছো। চৰকাৰী বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ উন্নতিৰ বাবে আমাৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছো। সকলো ৰাজ্যৰ চৰকাৰে একেলগে কাম কৰিব পাৰে।" তেওঁ কয় যে দৰিদ্ৰ লোকসকলেও চৰকাৰী বিদ্যালয়লৈহে নিজৰ সন্তানক পঠিয়াব পাৰে আৰু তেওঁলোকৰ অৱস্থা উন্নত হোৱাটো প্ৰয়োজনীয়।

কেজৰিৱালে কৈছিল, "এটা সামান্য পটভূমিৰ শিশুৱে যদি চৰকাৰী বিদ্যালয়ত ভাল শিক্ষা লাভ কৰে, যদি তেওঁ চিকিৎসক, অভিযন্তা বা উদ্যোগপতি হ'ব পাৰে। ইয়াৰ ফলত তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আৰু পৰিয়ালটো দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব আৰু দেশখনো সমৃদ্ধিশালী হ'ব।"

কেজৰিৱালেও জনসাধাৰণক আহ্বান জনাই আনকি কেন্দ্ৰীয় চৰকাৰক দিল্লী চৰকাৰ আৰু অন্যান্য প্ৰগতিশীল ৰাজ্যসমূহে বিদ্যালয় আৰু চিকিৎসালয় উন্নয়ন কৰি ভাৰতক শীৰ্ষলৈ লৈ যোৱাৰ পৰিকল্পনা মানি চলিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ