--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰেল ৮০০০ বছৰ পুৰণি মন্দিৰ। পৃথিৱীৰ প্ৰতিটো চুকে-কোণত বিভিন্ন ধৰণৰ স্থাপত্য বিয়পি পৰিছে। শেহতীয়াকৈ চৌদি আৰৱত এনে সাম্ৰাজ্যৰ সন্ধান পোৱা গৈছে। তাত ৮০০০ বছৰ পুৰণি সভ্যতা পোৱা গৈছে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ'ল শিলৰ মন্দিৰ আৰু বেদীৰ কিছু অংশ। জনা যায় যে আলফাওবাসী ৰাইজে তাত বিভিন্ন ৰীতি-নীতি কৰিছিল। আলফাওৰ পূব দিশত পোৱা শিলৰ মন্দিৰটো টুৱা ইক পৰ্বতৰ বিপৰীতফালে অৱস্থিত। যাক খাচেম কাৰিয়াহ বুলিও জনা যায়। ছৌদি আৰৱৰ পুৰণি মন্দিৰৰ ছবিৰে বৰ্তমান চচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চৌদি আৰৱৰ এখন মৰুভূমিত জৰীপ চলোৱাৰ সময়ত এই মন্দিৰ আৰু বেদী উদ্ধাৰ কৰা হৈছিল। একে সময়তে তাৰ পৰা বিভিন্ন ধৰণৰ শিলালিপিও পোৱা গৈছে। তাত ৮০০০ বছৰ পুৰণি মানৱ সভ্যতাৰ ধ্বংসাৱশেষ পোৱা গৈছে। কিণ্ডা ৰাজ্যৰ এসময়ৰ ৰাজধানী আল-ফাউত সেই প্ৰাচীন সভ্যতাৰ লেখ-জোখ পোৱা গৈছে। এই সভ্যতা আল-ফাউ আল-ৰুব আলখালি নামৰ মৰুভূমিৰ প্ৰান্তত অৱস্থিত আছিল। ৱাদি আল দাৱাছিৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত।

তাত নৱপ্ৰস্তৰ যুগৰ ধ্বংসাৱশেষো পোৱা গৈছে। মন্দিৰৰ লগতে উক্ত স্থানত প্ৰায় ২৮০৭ টা কবৰ পোৱা গৈছে।  মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে বহু ধৰ্মীয় শিলালিপি । ইয়াৰ পৰা সেই সময়ৰ জনসাধাৰণৰ ধৰ্ম সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে। লগতে নগৰখনৰ কিছুমান প্ৰাচীন কীৰ্তিচিহ্নও পোৱা গৈছে। ঐতিহ্য আয়োগে সেই জৰীপটো কৰিছিল। অনাগত দিনত আৰু অধিক আৱিষ্কাৰ হ’ব পাৰে বুলিও তেওঁলোকে কয়৷ দেশৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ সংৰক্ষিত হ’ব।

চৌদি আৰৱত উদ্ধাৰ হোৱা প্ৰাচীন মন্দিৰৰ ছবি ধুমুহাৰ দৰে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ৮০০০ বছৰ পুৰণি প্ৰাচীন মন্দিৰ আৰু শিলালিপিসমূহে সকলোকে ভয় খুৱাইছিল। কাৰণ চৌদি আৰৱৰ মৰুভূমিত উদ্ধাৰ হৈছিল সেই ধ্বংসাৱশেষ

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু