--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰেল ৮০০০ বছৰ পুৰণি মন্দিৰ। পৃথিৱীৰ প্ৰতিটো চুকে-কোণত বিভিন্ন ধৰণৰ স্থাপত্য বিয়পি পৰিছে। শেহতীয়াকৈ চৌদি আৰৱত এনে সাম্ৰাজ্যৰ সন্ধান পোৱা গৈছে। তাত ৮০০০ বছৰ পুৰণি সভ্যতা পোৱা গৈছে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ'ল শিলৰ মন্দিৰ আৰু বেদীৰ কিছু অংশ। জনা যায় যে আলফাওবাসী ৰাইজে তাত বিভিন্ন ৰীতি-নীতি কৰিছিল। আলফাওৰ পূব দিশত পোৱা শিলৰ মন্দিৰটো টুৱা ইক পৰ্বতৰ বিপৰীতফালে অৱস্থিত। যাক খাচেম কাৰিয়াহ বুলিও জনা যায়। ছৌদি আৰৱৰ পুৰণি মন্দিৰৰ ছবিৰে বৰ্তমান চচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চৌদি আৰৱৰ এখন মৰুভূমিত জৰীপ চলোৱাৰ সময়ত এই মন্দিৰ আৰু বেদী উদ্ধাৰ কৰা হৈছিল। একে সময়তে তাৰ পৰা বিভিন্ন ধৰণৰ শিলালিপিও পোৱা গৈছে। তাত ৮০০০ বছৰ পুৰণি মানৱ সভ্যতাৰ ধ্বংসাৱশেষ পোৱা গৈছে। কিণ্ডা ৰাজ্যৰ এসময়ৰ ৰাজধানী আল-ফাউত সেই প্ৰাচীন সভ্যতাৰ লেখ-জোখ পোৱা গৈছে। এই সভ্যতা আল-ফাউ আল-ৰুব আলখালি নামৰ মৰুভূমিৰ প্ৰান্তত অৱস্থিত আছিল। ৱাদি আল দাৱাছিৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত।

তাত নৱপ্ৰস্তৰ যুগৰ ধ্বংসাৱশেষো পোৱা গৈছে। মন্দিৰৰ লগতে উক্ত স্থানত প্ৰায় ২৮০৭ টা কবৰ পোৱা গৈছে।  মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে বহু ধৰ্মীয় শিলালিপি । ইয়াৰ পৰা সেই সময়ৰ জনসাধাৰণৰ ধৰ্ম সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে। লগতে নগৰখনৰ কিছুমান প্ৰাচীন কীৰ্তিচিহ্নও পোৱা গৈছে। ঐতিহ্য আয়োগে সেই জৰীপটো কৰিছিল। অনাগত দিনত আৰু অধিক আৱিষ্কাৰ হ’ব পাৰে বুলিও তেওঁলোকে কয়৷ দেশৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ সংৰক্ষিত হ’ব।

চৌদি আৰৱত উদ্ধাৰ হোৱা প্ৰাচীন মন্দিৰৰ ছবি ধুমুহাৰ দৰে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ৮০০০ বছৰ পুৰণি প্ৰাচীন মন্দিৰ আৰু শিলালিপিসমূহে সকলোকে ভয় খুৱাইছিল। কাৰণ চৌদি আৰৱৰ মৰুভূমিত উদ্ধাৰ হৈছিল সেই ধ্বংসাৱশেষ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক