--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ কেইদিনমান পিছতে  এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল।  চহৰখনৰ এটা জনবসতিপূৰ্ণ অঞ্চলত হোৱা বিস্ফোৰণত কমেও আঠজন লোক নিহত হৈছে।বিস্ফোৰণত  কমেও ৫০ জন লোক আহত হৈছে। ইছলামিক ষ্টেট গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

 কাবুলৰ চিয়া সম্প্ৰদায়ৰ আধিপত্য থকা অঞ্চলত এই বিস্ফোৰণ সংঘটিত হৈছে।  ইপিনে আইএছআইএছে কৈছে যে বিস্ফোৰণটোত কমেও ২০ জন লোক নিহত হৈছে। উল্লেখ্য বহু দিনৰে পৰাই চুন্নী উগ্ৰপন্থী গোট ইছলামিক ষ্টেটে আফগানিস্তানৰ চিয়া সম্প্ৰদায়ক লক্ষ্য কৰি আহিছে। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে জনোৱা মতে  উগ্ৰপন্থীসকলে ৰাজধানী চহৰ খনৰ  জনবসতিপূৰ্ণ অঞ্চলত এই বিস্ফোৰণ ঘটাইছে।  

সন্ত্ৰাসবাদীয়ে এখন পাচলিৰ গাড়ীত বিস্ফোৰক ৰাখিছিল। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য ২০২১ চনৰ আগষ্ট মাহত তালিবানে কাবুল দখল কৰে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দেশ খন এৰি যোৱাৰ পিছতে তালিবান দেশ খনত অধিক সক্ৰিয় হৈ পৰিছিল।মে’ মাহতো তিনিটা বিস্ফোৰণে বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফক জোকাৰি যায়। উগ্ৰপন্থীসকলে তিনিখন বাছত বিস্ফোৰণ ঘটাইছিল।

এজন তালিবান কমাণ্ডাৰ মহম্মদ আচিফ ৱাজাৰীয়ে কয় যে মৃত আৰু আহতসকলৰ প্ৰায় সংখ্যকেই  আফগানিস্তানৰ ছিয়া  সংখ্যালঘু সম্প্ৰদায়ৰ লোক।

তালিবান আৰু আইএছআইএছ দুয়োটা চুন্নী জেহাদী সংগঠন। অৱশ্যে, ইছলামৰ ব্যাখ্যা আৰু মতবাদক লৈ দুয়োটা পক্ষৰ মাজত বিবাদ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ