--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ কেইদিনমান পিছতে  এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল।  চহৰখনৰ এটা জনবসতিপূৰ্ণ অঞ্চলত হোৱা বিস্ফোৰণত কমেও আঠজন লোক নিহত হৈছে।বিস্ফোৰণত  কমেও ৫০ জন লোক আহত হৈছে। ইছলামিক ষ্টেট গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

 কাবুলৰ চিয়া সম্প্ৰদায়ৰ আধিপত্য থকা অঞ্চলত এই বিস্ফোৰণ সংঘটিত হৈছে।  ইপিনে আইএছআইএছে কৈছে যে বিস্ফোৰণটোত কমেও ২০ জন লোক নিহত হৈছে। উল্লেখ্য বহু দিনৰে পৰাই চুন্নী উগ্ৰপন্থী গোট ইছলামিক ষ্টেটে আফগানিস্তানৰ চিয়া সম্প্ৰদায়ক লক্ষ্য কৰি আহিছে। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে জনোৱা মতে  উগ্ৰপন্থীসকলে ৰাজধানী চহৰ খনৰ  জনবসতিপূৰ্ণ অঞ্চলত এই বিস্ফোৰণ ঘটাইছে।  

সন্ত্ৰাসবাদীয়ে এখন পাচলিৰ গাড়ীত বিস্ফোৰক ৰাখিছিল। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য ২০২১ চনৰ আগষ্ট মাহত তালিবানে কাবুল দখল কৰে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দেশ খন এৰি যোৱাৰ পিছতে তালিবান দেশ খনত অধিক সক্ৰিয় হৈ পৰিছিল।মে’ মাহতো তিনিটা বিস্ফোৰণে বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফক জোকাৰি যায়। উগ্ৰপন্থীসকলে তিনিখন বাছত বিস্ফোৰণ ঘটাইছিল।

এজন তালিবান কমাণ্ডাৰ মহম্মদ আচিফ ৱাজাৰীয়ে কয় যে মৃত আৰু আহতসকলৰ প্ৰায় সংখ্যকেই  আফগানিস্তানৰ ছিয়া  সংখ্যালঘু সম্প্ৰদায়ৰ লোক।

তালিবান আৰু আইএছআইএছ দুয়োটা চুন্নী জেহাদী সংগঠন। অৱশ্যে, ইছলামৰ ব্যাখ্যা আৰু মতবাদক লৈ দুয়োটা পক্ষৰ মাজত বিবাদ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক