--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশু অধিকাৰ সংস্থা  পেটাই ঘোষণা কৰিছে যে ব্ৰিটেইনৰ সেনাই  পিন্ধা  ভালুকৰ ছালৰ টুপীৰ  পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই সংস্থাটোৱে দেশ খনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। উল্লেখ্য ভালুকৰ ছালেৰে প্ৰস্তুত কৰা বুলি সন্দেহ কৰা ওখ ক'লা টুপীবোৰ ব্ৰিটেইনৰ অভিজাত ৰেজিমেণ্টৰ জোৱানে  পিন্ধে৷  

বাকিংহাম পেলেচৰ বাহিৰত চেঞ্জিং অফ দা গাৰ্ড অনুষ্ঠানটো এনে টুপী পিন্ধা দেখা গৈছে। পেটাই দীৰ্ঘদিন ধৰি কানাডিয়ান ক'লা ভালুকৰ ছালৰ  ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতি  আহিছে। পশু অধিকাৰ গোটটোৱেএনে  টুপীৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ দাবী জনাই আহিছে৷  " আমি আদালতৰ হস্তক্ষেপ বিচাৰিছো যাতে বিষয়টো ন্যায্য প্ৰক্ৰিয়াৰ দ্বাৰা এক  সিদ্ধান্তত উপনীত হয়," পেটাৰ পদাধিকাৰ  লৰ্না হেকেটে কয়। 

তেওঁ লগতে কয় যে ব্ৰিটেইনে টুপীবোৰ  পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু ব্ৰিটেইনে  তেওঁলোকে বহুবছৰ ধৰি টেনে টুপীৰ পৰীক্ষা কৰোৱাব বুলি  প্ৰতিশ্ৰুতি দি অহা বুলিও তেওঁ কয়।  পেটাৰ জ্যেষ্ঠ প্ৰচাৰ ব্যৱস্থাপক কেট ৱেৰ্ণাৰে কয় যে ব্ৰিটেইনৰ  চৰকাৰে এই বছৰৰ আৰম্ভণিতে এক বিবৃতিত কৈছিল যে তেনে টুপী সলনি কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই৷ কাৰণ টুপীবোৰ  নকল ছালেৰেহে প্ৰস্তুত কৰা হৈছে৷  কিন্তু নকল ছাল হ’লেও সেইবোৰ ভালুকৰ ছাল যেনেই লাগে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ