--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন ধৰি ছানিয়া মিৰ্জাৰ সৈতে ছোৱেব মালিকৰ   বিবাহ বিচ্ছেদৰ কথা চৰ্চাত আছে। বহুতে দাবী কৰিছে যে ইতিমধ্যে ছোৱেব মালিক আৰু ছানিয়া মিৰ্জা পৃথক হৈছে। ভাৰত আৰু পাকিস্তানৰ ক্ৰীড়া জগতৰ দুজন বিখ্যাত ব্যক্তিয়ে বিবাহ বিচ্ছেদৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। এনে পৰিস্থিতিত শোয়েবে প্ৰথমবাৰৰ বাবে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কৈছে। পাকিস্তানী ক্ৰিকেটাৰজনে বিবাহ বিচ্ছেদৰ উৰাবাতৰি প্ৰচাৰ হোৱাৰ হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ছানিয়াৰ সৈতে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে।এনে ঘটনাক্ৰমে প্ৰমাণ কৰিছে যে  শোয়েব-ছানিয়া একেলগেই আছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই। 

ইপিনে 'দ্য মিৰ্জা মালিক শ্ব' পাকিস্তানৰ উৰ্দুফ্লিক্স নামৰ এটা অ'টিটি প্লেটফৰ্মত আৰম্ভ হ'বলৈ গৈ আছে। শোয়েব আৰু ছানিয়াই যুটীয়াভাৱে অনুষ্ঠানটো আয়োজন কৰিছে। অনুষ্ঠানটোৰ টিজাৰটো শনিবাৰে মুকলি কৰা হৈছে। তাত ভাৰতীয় টেনিছৰ গ্লেমাৰ গাৰ্লগৰাকীক শোৱেবৰ সৈতে হাঁহি থকা দেখা গৈছে। টিজাৰটোৰ পৰা  বুজা যায় যে এই টক শ্ব'টোলৈ একাধিক অতিথি আহিব। শোয়েবে তেওঁৰ ব্যক্তিগত ইনষ্টাগ্ৰামত টিজাৰটো পোষ্ট কৰিছে। বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ পিছত ছোৱেব-ছানিয়াক প্ৰথমবাৰৰ বাবে ছচিয়েল মিডিয়াত দেখা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে শোয়েবে এই পোষ্টটো ছানিয়াকো টেগ কৰিছে। অৱশ্যে, ছানিয়াই অনুষ্ঠানটোৰ টিজাৰ পোষ্ট কৰা নাই। 

টিজাৰটো মুক্তিৰ  পিছতে ভাইৰেল হৈ পৰিছে। দৰাচলতে নেটিজেনসকলৰ এটা অংশৰ অভিমত আছিল যে দুয়োগৰাকী  তাৰকাই তেওঁলোকৰ অনুষ্ঠানৰ প্ৰচাৰৰ বাবেই ইচ্ছাকৃতভাৱে পৃথকীকৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি আছে। অৱশ্যে, দুয়োগৰাকী তাৰকাৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰে যে সমগ্ৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়াটো শেষ হৈছে। শোয়েব-ছানিয়া আইনগতভাৱে এতিয়া পৃথক। অৱশ্যে, এই অনুষ্ঠানটোৰ কথা  মনত ৰাখি তেওঁলোকে বিবাহ বিচ্ছেদৰ বিষয়টো ৰাজহুৱা কৰা নাই।

এনে পৰিস্থিতিত, ছোৱেব মালিকে প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদৰ বিষয়টো সম্পৰ্কে মুখ খুলিছে। এটা সাক্ষাৎকাৰত বিবাহ বিচ্ছেদৰ  বিষয়ে সোধাত তেওঁ বিষয়টো অস্বীকাৰ কৰাৰ সলনি এই বিষয়ত মন্তব্য দিবলৈহে অস্বীকাৰ কৰে। "এইটো আমাৰ বাবে এটা অতি ব্যক্তিগত বিষয়। মোৰ পত্নী বা মই এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ। এই বিষয়টো এৰাই চলাই  ভাল।"  শোয়েবৰ এনে কথাই বিষয়টোক পুনৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ