--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন ধৰি ছানিয়া মিৰ্জাৰ সৈতে ছোৱেব মালিকৰ   বিবাহ বিচ্ছেদৰ কথা চৰ্চাত আছে। বহুতে দাবী কৰিছে যে ইতিমধ্যে ছোৱেব মালিক আৰু ছানিয়া মিৰ্জা পৃথক হৈছে। ভাৰত আৰু পাকিস্তানৰ ক্ৰীড়া জগতৰ দুজন বিখ্যাত ব্যক্তিয়ে বিবাহ বিচ্ছেদৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। এনে পৰিস্থিতিত শোয়েবে প্ৰথমবাৰৰ বাবে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কৈছে। পাকিস্তানী ক্ৰিকেটাৰজনে বিবাহ বিচ্ছেদৰ উৰাবাতৰি প্ৰচাৰ হোৱাৰ হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ছানিয়াৰ সৈতে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে।এনে ঘটনাক্ৰমে প্ৰমাণ কৰিছে যে  শোয়েব-ছানিয়া একেলগেই আছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই। 

ইপিনে 'দ্য মিৰ্জা মালিক শ্ব' পাকিস্তানৰ উৰ্দুফ্লিক্স নামৰ এটা অ'টিটি প্লেটফৰ্মত আৰম্ভ হ'বলৈ গৈ আছে। শোয়েব আৰু ছানিয়াই যুটীয়াভাৱে অনুষ্ঠানটো আয়োজন কৰিছে। অনুষ্ঠানটোৰ টিজাৰটো শনিবাৰে মুকলি কৰা হৈছে। তাত ভাৰতীয় টেনিছৰ গ্লেমাৰ গাৰ্লগৰাকীক শোৱেবৰ সৈতে হাঁহি থকা দেখা গৈছে। টিজাৰটোৰ পৰা  বুজা যায় যে এই টক শ্ব'টোলৈ একাধিক অতিথি আহিব। শোয়েবে তেওঁৰ ব্যক্তিগত ইনষ্টাগ্ৰামত টিজাৰটো পোষ্ট কৰিছে। বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ পিছত ছোৱেব-ছানিয়াক প্ৰথমবাৰৰ বাবে ছচিয়েল মিডিয়াত দেখা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে শোয়েবে এই পোষ্টটো ছানিয়াকো টেগ কৰিছে। অৱশ্যে, ছানিয়াই অনুষ্ঠানটোৰ টিজাৰ পোষ্ট কৰা নাই। 

টিজাৰটো মুক্তিৰ  পিছতে ভাইৰেল হৈ পৰিছে। দৰাচলতে নেটিজেনসকলৰ এটা অংশৰ অভিমত আছিল যে দুয়োগৰাকী  তাৰকাই তেওঁলোকৰ অনুষ্ঠানৰ প্ৰচাৰৰ বাবেই ইচ্ছাকৃতভাৱে পৃথকীকৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি আছে। অৱশ্যে, দুয়োগৰাকী তাৰকাৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰে যে সমগ্ৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়াটো শেষ হৈছে। শোয়েব-ছানিয়া আইনগতভাৱে এতিয়া পৃথক। অৱশ্যে, এই অনুষ্ঠানটোৰ কথা  মনত ৰাখি তেওঁলোকে বিবাহ বিচ্ছেদৰ বিষয়টো ৰাজহুৱা কৰা নাই।

এনে পৰিস্থিতিত, ছোৱেব মালিকে প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদৰ বিষয়টো সম্পৰ্কে মুখ খুলিছে। এটা সাক্ষাৎকাৰত বিবাহ বিচ্ছেদৰ  বিষয়ে সোধাত তেওঁ বিষয়টো অস্বীকাৰ কৰাৰ সলনি এই বিষয়ত মন্তব্য দিবলৈহে অস্বীকাৰ কৰে। "এইটো আমাৰ বাবে এটা অতি ব্যক্তিগত বিষয়। মোৰ পত্নী বা মই এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ। এই বিষয়টো এৰাই চলাই  ভাল।"  শোয়েবৰ এনে কথাই বিষয়টোক পুনৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক