--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ ত্ৰয়োদশী সংস্কাৰ বা আধ্যাত্মিক কাৰ্যৰ পূৰ্বে মৃতকৰ নামত এখন বিশেষ কাঁহী সজোৱা হয়। সেই কাঁহীখনত তিনিখন ৰুটী ৰখাৰ নিয়ম আছে।

ডিজিটেল ডেস্ক: আমাৰ ঘৰবোৰত ডাঙৰ-সৰু সকলোৰে মুখেৰে প্ৰায়ে এটা কথা শুনা যায় যে—"খাবলৈ বহিলে কাঁহীত একেলগে তিনিখন ৰুটী লব নালাগে বা কাৰোবাক পৰিবেশন কৰিব নালাগে।" আপোনাৰ মনলৈও কেতিয়াবা প্ৰশ্ন আহিছেনে যে ইয়াৰ আচল কাৰণনো কি? সঁচাকৈয়ে একেলগে ৩ খন ৰুটী খোৱাটো অশুভনে?


আচলতে ভাৰতীয় পৰম্পৰাত ইয়াৰ আঁৰত কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ কিছুমান বাস্তু আৰু ব্যৱহাৰিক কাৰণো জড়িত হৈ আছে। আহক এই বিষয়ে বহলাই জানো—


৩ খন ৰুটী একেলগে নিদিয়াৰ মুখ্য কাৰণসমূহ:


মৃত ব্যক্তিৰ সৈতে থকা সম্পৰ্ক: হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ ত্ৰয়োদশী সংস্কাৰ বা আধ্যাত্মিক কাৰ্যৰ পূৰ্বে মৃতকৰ নামত এখন বিশেষ কাঁহী সজোৱা হয়। সেই কাঁহীখনত তিনিখন ৰুটী ৰখাৰ নিয়ম আছে। যিহেতু এই ৩ খন ৰুটী কেৱল মৃত ব্যক্তিলৈ উচৰ্গা কৰা হয়, সেয়েহে জীৱিত মানুহৰ কাঁহীত একেলগে ৩ খন ৰুটী দিয়াটো অশুভ বুলি ধৰা হয়।


মনত নেতিবাচক প্ৰভাৱ: পুৰণি কিছুমান বিশ্বাস মতে, যদি কোনো ব্যক্তিয়ে একেলগে তিনিখন ৰুটী খায়, তেন্তে তেওঁৰ মনত ক্ৰোধ, শত্ৰুতা বা নেতিবাচক ভাৱনা বৃদ্ধি পাব পাৰে।


সংখ্যা ৩ ৰ গুৰুত্ব: আমাৰ পৰম্পৰাত কোনো শুভ কামত '৩' সংখ্যাটোক বৰ এটা ভাল বুলি গণ্য কৰা নহয়। যিকোনো পূজা-পাৰ্বন বা মাংগলিক কাৰ্যত বস্তুসমূহ সদায় যোৰ পাতি (যেনে ২, ৪, ৬) অৰ্পণ কৰা হয়। সেইবাবে খাদ্যৰ ক্ষেত্ৰতো ৩ সংখ্যাটো এৰাই চলা হয়।


ৰুটী পৰিবেশন আৰু খোৱাৰ সৈতে জড়িত ৭ টা গুৰুত্বপূৰ্ণ বাস্তু নিয়ম:


১. একেলগে ৩ খন ৰুটী নিদিব: বাস্তু শাস্ত্ৰৰ মতে, আহাৰ গ্ৰহণৰ সময়ত কাঁহীত একেলগে ৩ খন ৰুটী ৰাখিলে ঘৰলৈ নেতিবাচক শক্তি আকৰ্ষিত হ’ব পাৰে।


২. সদায় সম বা যোৰ সংখ্যাত দিব: কাৰোবাক ৰুটী দিওঁতে সদায় ২ খন বা ৪ খনকৈ দিয়া উচিত। যোৰ সংখ্যাই জীৱনত সন্তুলন আৰু পজিটিভিটি (ইতিবাচকতা) কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।


৩. এখন এখনকৈ দিয়াৰ অভ্যাস কৰক: যদি কোনো ব্যক্তিৰ ৩ খন বা তাতকৈ বেছি ৰুটীৰ প্ৰয়োজন হয়, তেন্তে তেওঁক একেলগে নিদি এখন এখনকৈ বা দুখন দিয়াৰ পিছত পুনৰ এখন দিয়া উচিত। ইয়াৰ দ্বাৰা নিয়মটোও ৰক্ষা পৰে আৰু খাদ্যখিনিও গৰমে গৰমে খাব পৰা যায়।


৪. দিশৰ গুৰুত্ব: বাস্তু শাস্ত্ৰ অনুসৰি, খোৱাৰ সময়ত সদায় পূব বা উত্তৰ দিশৰ ফালে মুখ কৰি বহিব লাগে। ইয়াৰ ফলত স্বাস্থ্য ভালে থাকে, হজম শক্তি বাঢ়ে আৰু মানসিক শান্তি পোৱা যায়।


৫. পৰিষ্কাৰ-পৰিচ্ছন্নতা: খাদ্য সদায় চাফ-চিকুণ ঠাইত বহি খাব লাগে। লেতেৰা বা বিশৃংখল ঠাইত বহি আহাৰ গ্ৰহণ কৰিলে ঘৰত অলক্ষ্মীৰ প্ৰভাৱ পৰে আৰু মানসিক অশান্তি বৃদ্ধি পায়।


৬. খাদ্যৰ সন্তুলন: বাস্তুৱে কেৱল সংখ্যাৰ ওপৰত নহয়, আহাৰৰ সন্তুলনৰ ওপৰতো জোৰ দিয়ে। আপোনাৰ কাঁহীখনত যাতে ভাত, ৰুটী, দাইল, আৰু শাক-পাচলি সঠিক পৰিমাণত থাকে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।


এনেধৰণৰ পৰম্পৰাবোৰ যুগে যুগে আমাৰ সমাজত চলি আহিছে যাতে আমাৰ খোৱা-বোৱাৰ অভ্যাস শৃংখলিত হয় আৰু পৰিয়ালত সুখ-শান্তি বৰ্তি থাকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ