--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নতুন দিল্লীত অনুষ্ঠিত অসামৰিক অলংকাৰ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামাজিক ক্ষেত্ৰত  কৰা  ব্যতিক্ৰমী কাম, বিশেষকৈ হাতী সংৰক্ষণ তথা  বন্যপ্ৰাণী ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্ৰণী প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসমৰ পাৰ্বতী বৰুৱাক সন্মানীয় পদ্মশ্ৰী বঁটা প্ৰদান কৰে। 

 অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান  পাৰ্বতী বৰুৱা ভাৰতৰ প্ৰথগৰাকীম মহিলা হাতীৰ মাউত আৰু পশু কল্যাণৰ বাবে নিৰলস কাম কৰা এগৰাকী অগ্ৰণী কৰ্মী হিচাপে পৰিচিত। ১৯৫৩ চনৰ ১৪ মাৰ্চত  জন্মগ্ৰহণ কৰা পাৰ্বতী বৰুৱাই হাতী আৰু অৰণ্যৰ প্ৰতি সৰুৰে পৰাই  আগ্ৰহ প্ৰদৰ্শন কৰিছিল আৰু পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান এই ক্ষেত্ৰখনত প্ৰৱেশ কৰি সামাজিক প্ৰভেদৰ শিকলি চিঙি পেলাইছিল।

 
তেওঁৰ এই ব্যতিক্ৰমী  যাত্ৰা ১৪ বছৰ বয়সতে আৰম্ভ হৈছিল,  যেতিয়া তেওঁ সফলতাৰে প্ৰথমটো হাতী  অসমৰ  কচুগাঁও অৰণ্যত ধৰি পোহনীয়া কৰিবলৈ সক্ষম হৈছিল। বিগত বছৰবোৰত শ্ৰীমতী বৰুৱাই পাঁচশৰো অধিক হাতীক বশ কৰিছে। এইক্ষেত্ৰত তেওঁ  ট্ৰেংকুলাইজাৰ বন্দুক ব্যৱহাৰ নকৰাকৈয়ে বনৰীয়া হাতী ধৰিবলৈ  ব্যৱহাৰ কৰা  মেলা চিকাৰৰ দৰে অনন্য পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰিছে।

হাতী বশ কৰাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখনীয় সাফল্যৰ উপৰি  বৰুৱাই অসম, কেৰালা, পশ্চিমবংগ, উত্তৰাঞ্চল আৰু উত্তৰ প্ৰদেশত হস্তী-মানৱৰ সংঘাত হ্ৰাস কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ বন বিষয়াসকলৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে  মাউত আৰু ক্ষেত্ৰ কৰ্মচাৰীসকলক হাতীৰ ভেষজ চিকিৎসা তথা হাতী সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰিছে।  যি পদক্ষেপে  বন্যপ্ৰাণীৰ পৰা অহা প্ৰত্যাহ্বানৰ সমাধান কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।এগৰাকী মহিলা মাউত তথা পশু কল্যাণৰ সৈতে জড়িত কৰ্মী হিচাবে শ্ৰীমতী পাৰ্বতী বৰুৱাৰ প্ৰভাৱ বিশ্বব্যাপী বিস্তৃত হৈ আছে। 

তেওঁ হাতী সংৰক্ষণৰ বিষয়ত গুৰুত্ব দিয়া বহু আন্তৰ্জাতিক কৰ্মশালা আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছে। লক্ষ্যণীয়ভাৱে  তেওঁ ২০০১ চনত খাদ্য আৰু কৃষি সংস্থা (এফ.এ.ও.)ৰ দ্বাৰা  থাইলেণ্ডৰ বেংককত আয়োজিত ঘৰুৱা এছিয়ান হাতী বিষয়ক  আন্তৰ্জাতিক কৰ্মশালাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এনে বহু অনবদ্য কৰ্মৰ স্বীকৃতি স্বৰূপে তেওঁ  অজস্ৰ সন্মান অৰ্জন কৰিছে, যাৰ ভিতৰত আছে অসম গৌৰৱ বঁটা (২০২৩) আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ "গ্লোবেল ৫০০- ৰোল অফ অনাৰ" (১৯৮৯) আদি। 

অসম চৰকাৰে হাতীৰ কল্যাণৰ প্ৰতি তেওঁৰ জীৱনজোৰা অৱদানক  স্বীকৃতি প্ৰদান কৰি  ২০০৩ চনত তেওঁক "অসমৰ সন্মানীয় মুখ্য হাতী ৱাৰ্ডেন" হিচাপে সন্মানিত কৰিছিল। হাতী সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ অৱদানৰ উপৰি   বৰুৱাক তেওঁৰ তথ্যচিত্ৰ "অপৰাজিতা ২০২৩"ৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে। তথ্যচিত্ৰ খনৰ বাবে তেওঁ কলকাতা আন্তৰ্জাতিক বন্যপ্ৰাণী আৰু পৰিৱেশ চলচ্চিত্ৰ মহোৎসৱত "নেছাৰ্ছ ৱাৰিৱৰ" জুৰী বঁটা লাভ কৰিছে। 

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পাৰ্বতী বৰুৱাৰ অটল নিষ্ঠা আৰু অগ্ৰণী মনোভাৱে তেওঁক পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে যোগ্য কৰি তুলিছে। এক কথাত   তেওঁ ভাৰতৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভৱিষ্যত প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা আৰু আদৰ্শ হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement