--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা এক-দুটা দশকত দেশত সৰ্বাধিক ৰিপৰ্ট হোৱা ৰোগবোৰলৈ চালে আমি দেখিবলৈ পাওঁ যে উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ আদি বহু ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পাইছে। 

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ আইচিএমআৰে দেশত এই ৰোগৰ বোজা বৃদ্ধি পোৱাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। উদ্বেগ প্ৰকাশ কৰি আইচিএমআৰে কয় যে খাদ্যাভ্যাসৰ অশান্তি দেশৰ ৫৬ শতাংশ ৰোগৰ মূল কাৰণ হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে বেয়া খাদ্যৰ ফলত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োটা স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ’ব পাৰে।

আইচিএমআৰৰ বিশেষজ্ঞসকলে অস্বাস্থ্যকৰ খাদ্য আৰু তাৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস কৰিবলৈ ১৭টা খাদ্যৰ নিৰ্দেশনাও জাৰি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খাদ্যাভ্যাস উন্নত কৰিলে দ্ৰুতগতিত বৃদ্ধি পোৱা মেদবহুলতা আৰু মধুমেহ ৰোগৰ দৰে অসংক্ৰামক ৰোগ (এন চি ডি) প্ৰতিৰোধৰ ক্ষেত্ৰত উপকাৰী হ’ব পাৰে। এনচিডি হ’ল সেই ৰোগ যিবোৰৰ পৰা এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমণৰ আশংকা নাথাকে।

নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচনে কয় যে স্বাস্থ্যসন্মত খাদ্য আৰু শাৰীৰিক কাৰ্যকলাপৰ দৰে ব্যৱস্থাই ক’ৰ’নাৰী হাৰ্ট ডিজিজ (চি এইচ ডি) আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক। ইয়াৰ দ্বাৰা টাইপ-২ ডায়েবেটিছৰ বিপদৰ পৰা ৮০ শতাংশ পৰ্যন্ত সুৰক্ষা লাভ কৰিব পাৰি।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে সুস্থ জীৱনশৈলী পালন কৰিলে অকাল মৃত্যুৰ বিপদৰ পৰা হাত সাৰিব পাৰি। চেনি আৰু চৰ্বি যোগ কৰা আল্ট্ৰা প্ৰচেছড খাদ্যৰ অত্যধিক সেৱনে স্বাস্থ্যজনিত গুৰুতৰ বিপদৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, ইয়াৰ সেৱন হ্ৰাস কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু