--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা এক-দুটা দশকত দেশত সৰ্বাধিক ৰিপৰ্ট হোৱা ৰোগবোৰলৈ চালে আমি দেখিবলৈ পাওঁ যে উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ আদি বহু ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পাইছে। 

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ আইচিএমআৰে দেশত এই ৰোগৰ বোজা বৃদ্ধি পোৱাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। উদ্বেগ প্ৰকাশ কৰি আইচিএমআৰে কয় যে খাদ্যাভ্যাসৰ অশান্তি দেশৰ ৫৬ শতাংশ ৰোগৰ মূল কাৰণ হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে বেয়া খাদ্যৰ ফলত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োটা স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ’ব পাৰে।

আইচিএমআৰৰ বিশেষজ্ঞসকলে অস্বাস্থ্যকৰ খাদ্য আৰু তাৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস কৰিবলৈ ১৭টা খাদ্যৰ নিৰ্দেশনাও জাৰি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খাদ্যাভ্যাস উন্নত কৰিলে দ্ৰুতগতিত বৃদ্ধি পোৱা মেদবহুলতা আৰু মধুমেহ ৰোগৰ দৰে অসংক্ৰামক ৰোগ (এন চি ডি) প্ৰতিৰোধৰ ক্ষেত্ৰত উপকাৰী হ’ব পাৰে। এনচিডি হ’ল সেই ৰোগ যিবোৰৰ পৰা এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমণৰ আশংকা নাথাকে।

নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচনে কয় যে স্বাস্থ্যসন্মত খাদ্য আৰু শাৰীৰিক কাৰ্যকলাপৰ দৰে ব্যৱস্থাই ক’ৰ’নাৰী হাৰ্ট ডিজিজ (চি এইচ ডি) আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক। ইয়াৰ দ্বাৰা টাইপ-২ ডায়েবেটিছৰ বিপদৰ পৰা ৮০ শতাংশ পৰ্যন্ত সুৰক্ষা লাভ কৰিব পাৰি।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে সুস্থ জীৱনশৈলী পালন কৰিলে অকাল মৃত্যুৰ বিপদৰ পৰা হাত সাৰিব পাৰি। চেনি আৰু চৰ্বি যোগ কৰা আল্ট্ৰা প্ৰচেছড খাদ্যৰ অত্যধিক সেৱনে স্বাস্থ্যজনিত গুৰুতৰ বিপদৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, ইয়াৰ সেৱন হ্ৰাস কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ