--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা গছ। গছজোপাৰ ৰক্ষণাবেক্ষণৰ বাবে দিনে -নিশাই থাকে পহৰা। কেৱল সেয়াই নহয়, গছ জোপাৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰেও প্ৰতিবছৰে খৰচ কৰে লাখ লাখ টকা। কিন্তু কি বিশেষত্ব আছে এই গছজোপাৰ?ক’ত আছে এইজোপা গছ? গৌতম বুদ্ধৰ স্তূপৰ বাবে বিশ্ববিখ্যাত সাঁচীত আছে  এই গছজোপা।ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে ১১ বছৰত ৭০ লাখ টকাতকৈও অধিক টকা ব্যয় কৰিছে।

 দিনে-ৰাতিয়ে এই গছৰ চাৰিওফালে আৰক্ষীৰ লোকে পহৰা দিয়ে।  যদি গছজোপাৰ কিবা  ৰোগ হয় তেন্তে লগে লগে  কীটনাশক আৰু ঔষধ ছটিয়াই দিয়া হয়।গছজোপা ৰাইচেন জিলাৰ সাঁচীত  বৌদ্ধ-ভাৰতীয় জ্ঞান অধ্যয়ন বিশ্ববিদ্যালয়ৰ চৌহদত ৰোপণ কৰা হৈছে। ২০১২ চনৰ ২১ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ সময়ত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজপাক্ষেই ইয়াক ৰোপণ কৰিছিল। এই গছজোপা  বোধি গছৰ অন্তৰ্গত। প্ৰায় ২৫০০ বছৰ পূৰ্বে এই গছ বিহাৰৰ গয়াত পোৱা গৈছিল। 
 
যিহেতু গছজোপাৰ ইতিহাস বুদ্ধৰ সৈতে সম্পৰ্কিত, সেয়ে গছজোপাৰ সুৰক্ষাৰ বাবে ইয়াৰ চাৰিওফালে ১৫ ফুট ওখ  বেৰ স্থাপন কৰা হৈছে।সাঁচী পৌৰ পৰিষদ, আৰক্ষী, ৰাজহ আৰু উদ্যান শস্য বিভাগে গছজোপা নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে। উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক ৰামশংকৰ শৰ্মাই কয় যে ৰাজহ বিষয়াৰ দলে গছজোপা  পৰীক্ষা কৰি থাকে। ছমাহ আগতে গছজোপা ৰোগত আক্ৰান্ত হৈছিল। লগে লগে গছজোপাৰ চিকিৎসাৰো ব্যৱস্থা কৰা হৈছিল।বহু  লোকে  ইয়ালৈ কেৱল এই গছ চাবলৈ আহে। বিশেষকৈ বুদ্ধৰ অনুগামীসকলে প্ৰতিদিনেই ইয়াত ভিৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক