--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা গছ। গছজোপাৰ ৰক্ষণাবেক্ষণৰ বাবে দিনে -নিশাই থাকে পহৰা। কেৱল সেয়াই নহয়, গছ জোপাৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰেও প্ৰতিবছৰে খৰচ কৰে লাখ লাখ টকা। কিন্তু কি বিশেষত্ব আছে এই গছজোপাৰ?ক’ত আছে এইজোপা গছ? গৌতম বুদ্ধৰ স্তূপৰ বাবে বিশ্ববিখ্যাত সাঁচীত আছে  এই গছজোপা।ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে ১১ বছৰত ৭০ লাখ টকাতকৈও অধিক টকা ব্যয় কৰিছে।

 দিনে-ৰাতিয়ে এই গছৰ চাৰিওফালে আৰক্ষীৰ লোকে পহৰা দিয়ে।  যদি গছজোপাৰ কিবা  ৰোগ হয় তেন্তে লগে লগে  কীটনাশক আৰু ঔষধ ছটিয়াই দিয়া হয়।গছজোপা ৰাইচেন জিলাৰ সাঁচীত  বৌদ্ধ-ভাৰতীয় জ্ঞান অধ্যয়ন বিশ্ববিদ্যালয়ৰ চৌহদত ৰোপণ কৰা হৈছে। ২০১২ চনৰ ২১ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ সময়ত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজপাক্ষেই ইয়াক ৰোপণ কৰিছিল। এই গছজোপা  বোধি গছৰ অন্তৰ্গত। প্ৰায় ২৫০০ বছৰ পূৰ্বে এই গছ বিহাৰৰ গয়াত পোৱা গৈছিল। 
 
যিহেতু গছজোপাৰ ইতিহাস বুদ্ধৰ সৈতে সম্পৰ্কিত, সেয়ে গছজোপাৰ সুৰক্ষাৰ বাবে ইয়াৰ চাৰিওফালে ১৫ ফুট ওখ  বেৰ স্থাপন কৰা হৈছে।সাঁচী পৌৰ পৰিষদ, আৰক্ষী, ৰাজহ আৰু উদ্যান শস্য বিভাগে গছজোপা নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে। উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক ৰামশংকৰ শৰ্মাই কয় যে ৰাজহ বিষয়াৰ দলে গছজোপা  পৰীক্ষা কৰি থাকে। ছমাহ আগতে গছজোপা ৰোগত আক্ৰান্ত হৈছিল। লগে লগে গছজোপাৰ চিকিৎসাৰো ব্যৱস্থা কৰা হৈছিল।বহু  লোকে  ইয়ালৈ কেৱল এই গছ চাবলৈ আহে। বিশেষকৈ বুদ্ধৰ অনুগামীসকলে প্ৰতিদিনেই ইয়াত ভিৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক