১১ ডিচেম্বৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) বাতিল কৰাৰ বিষয়ত এক ঐতিহাসিক ৰায় প্ৰদান কৰে। এই ৰায়ৰ জৰিয়তে ন্যায়ালয়ে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক বাহাল ৰাখিলে, যি কথা প্ৰতিগৰাকী ভাৰতীয়ই মনত পোষণ কৰি আহিছে। উচ্চতম ন্যায়ালয়ে সঠিকভাৱে লক্ষ্য কৰিছিল যে ৫ আগষ্ট ২০১৯ ত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তটো সাংবিধানিকভাবে বৈধ আছিল আৰু সকলো ঠাইকে একত্ৰিতকৰণৰ উদ্দেশ্যে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, বিভাজনৰ বাবে নহয়। ন্যায়ালয়ে এই সত্যটোও স্বীকাৰ কৰিছে যে অনুচ্ছেদ ৩৭০ স্থায়ী প্ৰকৃতিৰ নাছিল।
জম্মু, কাশ্মীৰ আৰু লাডাখৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, শান্ত-সৌম্য উপত্যকা আৰু নান্দনিক পৰ্বতবোৰে কবি, শিল্পী আদি সকলোৰে হৃদয় জয় কৰি আহিছে। এয়া এনে এক স্থান য'ত হিমালয়ে আকাশ ধিয়ায়, য'ত হ্ৰদ আৰু নদীৰ প্ৰাচীন জল তৰংগত সৰগ খন প্ৰতিফলিত হয়। কিন্তু, যোৱা সাত দশকধৰি, এই ঠাইবোৰক জোকাৰি গৈছিল হিংসা আৰু অস্থিৰতাই। যিবোৰ ঘটনা ঘটাতো কোনেও মনে-প্ৰাণে কামনা কৰা নাছিল।
দুৰ্ভাগ্যবশতঃ শতিকাজুৰি উপনিবেশ শাসনৰ অধীনত থকাৰ ফলত, বিশেষকৈ অৰ্থনৈতিক আৰু মানসিক বশ্যতাৰ বাবে, আমি এক প্ৰকাৰৰ বিভ্ৰান্তিৰ চিকাৰ হৈছিলো। অতি মৌলিক বিষয়বোৰৰ সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণৰ পৰিৱৰ্তে আমি দ্বৈত স্থিতিকে মানি লৈছিলো।যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। দুখৰ বিষয় যে জম্মু-কাশ্মীৰ এনে মানসিকতাৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল। স্বাধীনতাৰ সময়ত আমাৰ সন্মুখত ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ বাবে এক নতুন আৰম্ভণি কৰাৰ বিকল্প আছিল। ইয়াৰ পৰিৱৰ্তে আমি বিভ্ৰান্ত, বিভাজিত সমাজৰ দৃষ্টিভংগী অব্যাহত ৰখাৰহে সিদ্ধান্ত লৈছিলো। ইয়াৰ অৰ্থ আছিল দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় স্বাৰ্থক উপেক্ষা কৰা।
মই মোৰ জীৱনৰ আৰম্ভণিৰে পৰাই জম্মু আৰু কাশ্মীৰ আন্দোলনৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ পাইছো। মই এটা আদৰ্শগত পৰিকাঠামোৰ অন্তৰ্ভুক্ত , য'ত জম্মু আৰু কাশ্মীৰ কেৱল এটা ৰাজনৈতিক সমস্যাই নাছিল। এয়া সমাজৰ আশা-আকাংক্ষাৰ প্ৰতিফলিত কৰাৰ বিষয়হে আছিল। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে নেহৰু কেবিনেটত এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত আছিল আৰু তেওঁ দীৰ্ঘদিন চৰকাৰত থাকিব পাৰিলেহেঁতেন। তথাপিও তেওঁ কাশ্মীৰ সমস্যাৰ প্ৰসংগতেই কেবিনেট ত্যাগ কৰিছিল । ইয়াৰ অৰ্থ আছিল তেওঁ ইয়াৰ বাবে মূল্যও ভৰিবলগীয়া হৈছিল। তেওঁৰ প্ৰচেষ্টা আৰু ত্যাগৰ ফলত কোটি কোটি ভাৰতীয় কাশ্মীৰ সমস্যাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰিছিল। বহু বছৰৰ পিছত অটল জীয়ে শ্ৰীনগৰত এখন ৰাজহুৱা সভাত 'ইনছানিয়াত', 'জামহুৰিয়াত' আৰু 'কাশ্মীৰিয়াত'ৰ শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল, যি বাৰ্তা সদায়ে এক মহান অনুপ্ৰেৰণাদায়ক বাৰ্তা হিচাবে পৰিগণিত হৈ আহিছে।
জম্মু-কাশ্মীৰত যি ঘটিছিল, সেয়া আমাৰ দেশ আৰু তাত বাস কৰা লোকসকলৰ প্ৰতি এক ডাঙৰ বিশ্বাসঘাতকতা আছিল বুলি মই সদায় দৃঢ়তাৰে বিশ্বাস কৰি আহিছো। সেই বাধাসমূহ কিদৰে দূৰ কৰিব পাৰি সেই বিষয়তো মই চিন্তা-চৰ্চা কৰি আহিছো।
অতি সাধাৰণ শব্দত- অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক) সেই ঠাইৰ উন্নয়নৰ এক ডাঙৰ বাধা আছিল। সেইবোৰক একোখন শক্তিশালী দেৱাল যেন অনুভৱ হৈছিল আৰু সেই বাধাৰ ভুক্তভোগীসকল দৰিদ্ৰ আৰু দলিত আছিল। অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক)য়ে নিশ্চিত কৰিছিল যে জম্মু আৰু কাশ্মীৰৰ মানুহে কেতিয়াও তেওঁলোকৰ বাকী সহযোগী ভাৰতীয়সকলে লাভ কৰা অধিকাৰ আৰু উন্নয়নভোগ কৰিব নোৱাৰে। এই অনুচ্ছেদবোৰৰ বাবে, একেখন ৰাষ্ট্ৰৰ লোকসকলৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। এই দূৰত্বৰ বাবে, জম্মু-কাশ্মীৰৰ সমস্যা সমাধানৰ অৰ্থে কাম কৰিব বিচৰা আমাৰ দেশৰ বহুলোকে তাত থকা লোকসকলৰ বেদনা স্পষ্টভাৱে অনুভৱ কৰিলেও একো কৰিব পৰা অৱস্থাত নাছিল।
যোৱা কেইবা দশকধৰি বিষয়টো নিবিড়ভাৱে নিৰীক্ষণ কৰা এজন লোক হিচাবে, বিষয়টোৰ নিৰ্দিষ্ট তাৎপৰ্য আৰু জটিলতাবোৰৰ বিষয়ে মোৰ এক সূক্ষ্ম ধাৰণাৰ সৃষ্টি হৈছিল। মই এটা বিষয়ত দৃঢ়তাৰে কৈছিলো যে জম্মু-কাশ্মীৰৰ লোকসকলেও উন্নয়ন বিচাৰে আৰু তেওঁলোকে তেওঁলোকৰ শক্তি তথা দক্ষতাৰ ভিত্তিত ভাৰতৰ বিকাশত অৰিহণা যোগাব বিচাৰে। তেওঁলোকে তেওঁলোকৰ সন্তানৰ বাবে উন্নত মানৰ জীৱন বিচাৰে। জম্মু-কাশ্মীৰৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ সময়ত আমি তিনিটা বিষয়ত প্ৰাধান্য দিছিলো- নাগৰিকসকলৰ উদ্বেগৰ বুজ লোৱা, সঠিক পদক্ষেপৰ জৰিয়তে বিশ্বাসৰ পৰিবেশ গঢ় দিয়া আৰু অধিক উন্নয়নক অগ্ৰাধিকাৰ দিয়া।
২০১৪ চনত, আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ ঠিক পিছতে জম্মু আৰু কাশ্মীৰত ভয়ংকৰ বান হৈছিল। বানৰ ফলত কাশ্মীৰ উপত্যকাত যথেষ্ট ক্ষতি হৈছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত মই পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ শ্ৰীনগৰলৈ গৈছিলো আৰু সংকটৰ সময়ত জনসাধাৰণক সমৰ্থন কৰাৰ বাবে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ইংগিত দি পুনৰ্সংস্থাপনৰ বাবে বিশেষ সহায় হিচাপে ১০০০ কোটি টকা ঘোষণা কৰিছিলো। মই সেই সময়ত তাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলক লগ পোৱাৰ সুযোগ পাইছিলো আৰু তেওঁলোকৰ সৈতে কৰা বাৰ্তালাপবোৰত এটা উমৈহতীয়া ধ্বনি অনুৰণিত হৈছিল- মানুহে কেৱল উন্নয়ন বিচৰাই নহয়, তেওঁলোকে দশকজুৰি চলি থকা ব্যাপক দুৰ্নীতিৰ পৰা মুক্তি বিচাৰিছিল। একে বছৰতে মই জম্মু-কাশ্মীৰত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৰণত দেৱালী উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিলো। মই দেৱালীৰ দিনা জম্মু আৰু কাশ্মীৰত থকাৰ সিদ্ধান্ত লৈছিলো। জম্মু-কাশ্মীৰৰ উন্নয়ন যাত্ৰা অধিক শক্তিশালী কৰাৰ বাবে, আমি সিদ্ধান্ত লৈছিলো যে আমাৰ চৰকাৰৰ মন্ত্ৰীসকলে সঘনাই তালৈ যাব আৰু মানুহৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব। এই সঘনাই কৰা ভ্ৰমণবোৰে জম্মু আৰু কাশ্মীৰত মানুহৰ মাজত সদিচ্ছা আৰু বিশ্বাসৰ পৰিবেশ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মে ২০১৪ ৰ পৰা মাৰ্চ ২০১৯ লৈ ১৫০ গৰাকীৰো অধিক মন্ত্ৰীয়ে কাশ্মীৰ ভ্ৰমণ কৰিছে। এয়া নিজেই এটা অভিলেখ। ২০১৫ চনত ঘোষণা কৰা বিশেষ পেকেজ জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। ইয়াত আন্তঃগাঁথনি উন্নয়ন, চাকৰিৰ সৃষ্টি, পৰ্যটনৰ প্ৰচাৰ আৰু হস্তশিল্প উদ্যোগক উদগনি যোগোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অন্তৰ্ভুক্ত আছিল।
আমি জম্মু-কাশ্মীৰত ক্ৰীড়াৰ শক্তিক জাগ্ৰত কৰিছো, যুৱসকলৰ সপোনক দিঠকত পৰিণত কৰাৰ বাবে তেওঁলোকৰ সম্ভাৱনাক স্বীকৃতি দিছো। ক্ৰীড়া প্ৰচেষ্টাৰ জৰিয়তে আমি তেওঁলোকৰ আকাংক্ষা আৰু ভৱিষ্যতৰ ভেটি স্থাপনৰ প্ৰভাৱ প্ৰত্যক্ষ কৰিছো। কাশ্মীৰৰ ক্ৰীড়া ক্ষেত্ৰবোৰ উন্নীত কৰা হৈছে, প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু প্ৰশিক্ষক নিয়োগ কৰা হৈছে।
অসামান্য প্ৰতিভাশালী ফুটবলাৰ আফছান আশিকৰ নাম মোৰ মনলৈ আহিছে। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্ৰীনগৰত নিৰাপত্তা বাহিনীলৈ শিল নিক্ষেপ কৰা সকলৰ মাজৰে এজন আছিল। কিন্তু সঠিক উৎসাহ লাভ কৰাৰ পিছত তেওঁ পুনৰ ফুটবললৈ ঘূৰি আহিছিল, তেওঁক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু খেলত তেওঁ উৎকৃষ্ট পদৰ্শনো কৰিছিল। মোৰ মনত আছে ফিট ইণ্ডিয়া ডায়লগত তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ কথা। য'ত মই কৈছিলো যে 'বেণ্ড ইট লাইক বেকহাম'ৰ ' আফছানৰ দৰে আগুৱাই যোৱা'। কাশ্মীৰৰ আন যুৱক-যুৱতীসকলে কিকবক্সিং, কাৰাটে আদি খেলত জিলিকিবলৈ আৰম্ভ কৰিছিল।
অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নত পঞ্চায়ত নিৰ্বাচনেও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। আকৌ এবাৰ আমি ক্ষমতাত থাকিম নে নীতিৰ সৈতে আপোচ কৰিম জাতীয় দ্বিধাৰ সন্মুখীন হৈছিলো।আমি চৰকাৰ এৰি দিছিলো, কিন্তু আমি আমাৰ আদৰ্শবোৰক, জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ আশা-আকাংক্ষাবোৰক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ বিষয়ৰ পৰা বিচলিত হোৱা নাছিলো। কাশ্মীৰত পঞ্চায়ত নিৰ্বাচনৰ সফলতাই গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা পৰাৰ ইংগিত দিছিল।
মোৰ মনত পৰিছে গাওঁবোৰৰ প্ৰধানসকলৰ সৈতে কৰা বাৰ্তালাপৰ কথা। অন্যান্য বিষয়ৰ উপৰি মই তেওঁলোকক এটা অনুৰোধ কৰিছিলো- যে কেতিয়াও বিদ্যালয়ত অগ্নিসংযোগ কৰিব নালাগে আৰু এই কথা আমি দৃঢ়ভাবে নিশ্চিত কৰিব লাগিব। মোৰ সেই আহ্বান তেওঁলোকে মানি চলা দেখি মই আনন্দিত হৈছিলো। যদি বিদ্যালয়বোৰ জ্বলাই দিয়া হয়, আটাইতকৈ ক্ষতিৰ সন্মুখীন হয় কণ কণ শিশুবোৰ।
৫ আগষ্টৰ ঐতিহাসিক দিনটো প্ৰতিজন ভাৰতীয়ৰ হৃদয় আৰু মনত খোদিত হৈ আছে। আমাৰ সংসদে সেই দিনটোতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ঐতিহাসিক সিদ্ধান্ত গৃহীত কৰিছিল। তেতিয়াৰে পৰা জম্মু, কাশ্মীৰ আৰু লাডাখত যথেষ্ট পৰিৱৰ্তন হৈছে। ন্যায়িক আদালতৰ ৰায় ২০২৩ চনৰ ডিচেম্বৰত আহিছিল , কিন্তু জম্মু, কাশ্মীৰ আৰু লাডাখত উন্নয়নৰ ঢৌ দেখি জনন্যায়ালয়ে যেন অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) বাতিল কৰাৰ সংসদৰ সিদ্ধান্তক হাত চাপৰি বজাই আদৰণি জনাইছিল।
ৰাজনৈতিক পৰ্যায়ত যোৱা ৪ বছৰত তৃণমূল পৰ্যায়ৰ পৰাই গণতন্ত্ৰৰ বিষয়ত এক নতুন বিশ্বাসৰ পৰিবেশ গঢ় লৈ উঠিছে। পূৰ্বে সমাজৰ মহিলা, জনজাতি, অনুসূচীত জাতি, জনজাতি আৰু প্রান্তিক শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ প্ৰাপ্য লাভ কৰা নাছিল। একে সময়তে, লাডাখৰ আশা-আকাংক্ষাক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল। ৫ আগষ্ট ২০১৯ ৰ পিছৰে পৰা সেই সকলোবোৰ কথা সলনি হৈ গ’ল। কাশ্মীৰত এতিয়া সকলো কেন্দ্ৰীয় আইন ভয় বা পক্ষপাত নোহোৱাকৈ প্ৰযোজ্য হৈছে । জন প্ৰতিনিধিত্বও অধিক বিস্তৃত হৈছে- তিনি স্তৰৰ পঞ্চায়তী ৰাজ প্ৰণালী প্ৰস্তুত হৈছে, বিডিচি নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু শৰণাৰ্থী সম্প্ৰদায়, যিসকলক সকলোৱে পাহৰি গৈছিল, তেওঁলোকে উন্নয়নৰ ফল উপভোগ কৰিবলৈ আৰম্ভ কৰিছে।
কাশ্মীৰত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ মুখ্য আঁচনিসমূহ পূৰ্ণ বিকশিত ৰূপত উদ্ভাসিত হৈছে। আঁচনিসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি লৈছে।তেনে আঁচনিসমূহৰ ভিতৰত আছে সৌভাগ্য, উজৱালা আৰু উজ্জ্বলা আঁচনি। গৃহ নিৰ্মাণ, টেপৰ পানী সংযোগ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্য সেৱা , আন্তঃগাঁথনিৰ উন্নীতকৰণ আদি সম্ভৱ হৈ পৰিছে। চৰকাৰী খালী পদ পূৰণ কৰা হৈছে।
পক্ষপাতিত্বহীনভাবে সকলো কাম স্বচ্ছভাবে সম্পাদন কৰি থকা হৈছে। আইএমআৰৰ দৰে অন্যান্য সূচকবোৰে এতিয়া কাশ্মীৰত কেৱল উন্নতিৰ ছবি খন প্ৰতিফলিত কৰিছে। আন্তঃগাঁথনি আৰু পৰ্যটনৰ উৎসাহে বিকাশৰ মাত্ৰা বঢ়াই তুলিছে। ইয়াৰ কৃতিত্ব স্বাভাৱিকতে জম্মু-কাশ্মীৰৰ লোকসকললৈ যায়, যিসকলে বাৰে বাৰে কৈ আহিছে যে তেওঁলোকে কেৱল উন্নয়ন বিচাৰে আৰু এই ইতিবাচক পৰিৱৰ্তনৰ এগৰাকী সহযোগী হ'বলৈ ইচ্ছুক। ইয়াৰ পূৰ্বে জম্মু, কাশ্মীৰ আৰু লাডাখৰ পৰিস্থিতি আৰু বিকাশকলৈ প্ৰশ্নবোধক চিহ্ন আছিল। এতিয়া সকলোতে কেৱল অভিলেখ সংখ্যক বৃদ্ধি, অভিলেখসৃষ্টিকাৰী বিকাশ, অভিলেখ সংখ্যক পৰ্যটকৰ প্ৰবাহৰ ছবি খনহে প্ৰতিফলিত হয়।
উচ্চতম ন্যায়ালয়ে ১১ ডিচেম্বৰত দিয়া ৰায়ে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱক শক্তিশালী কৰিছে - ই আমাক সোঁৱৰাই দিছে যে আমাক যিধৰণে সংজ্ঞায়িত কৰা হৈছে সেয়া হৈছে ঐক্যৰ বন্ধন আৰু সুশাসনৰ প্ৰতি এক অংশীদাৰী প্ৰতিশ্ৰুতি। আজি, জম্মু, কাশ্মীৰ আৰু লাডাখত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱে এনে এক পৰিবেশত জন্মগ্ৰহণ কৰে, য'ত তেওঁলোকে জীৱনৰ আকাংক্ষাবোৰ, পৰিপূৰ্ণ ভৱিষ্যতৰ ৰং বোৰ বিচাৰি পাব পাৰে। আজি কাশ্মীৰৰ জনসাধাৰণৰ সপোনবোৰ অতীতৰ ভয়াৱহতাৰ মাজত বন্দী নহয়, ভৱিষ্যতৰ সম্ভাৱনাৰেহে পৰিপূৰ্ণ । যিকি নহওক কাশ্মীৰত এতিয়া উন্নয়ন, গণতন্ত্ৰ আৰু মৰ্যাদাই হতাশাৰ স্থান দখল কৰিছে।