--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেপ টাউন টেষ্টত আউট হোৱাৰ পিছতো বিৰাট কোহলি ড্ৰেছিং ৰুমলৈ ঘূৰি আহিব নোৱাৰিলে। চতুৰ্থ আম্পায়াৰ লুবাবালো গুমাই বাউণ্ডেৰী লাইনলৈ কোহলী যোৱাৰ পিছত বাট বন্ধ কৰি দিয়ে। তেওঁ কোহলীক ডেৰ মিনিট ধৰি থিয় কৰি ৰাখিছিল।

ভাৰতীয় ইনিংছৰ ৩৪ নং অভাৰৰ দ্বিতীয় বলত কোহলীক আউট কৰে কাগিছ’ ৰাবাডাই। স্লিপত ধৰা পেলায় দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্ক্ৰামে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকলৰ আউট অনুৰোধৰ প্ৰতি সঁহাৰি জনাবলৈ পলম নকৰিলে ফিল্ড আম্পায়াৰে। কোহলীয়ে অপেক্ষা নকৰাকৈ ড্ৰেছিং ৰুমৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু খেলপথাৰৰ প্ৰান্তত উপস্থিত হোৱাৰ লগে লগে চতুৰ্থ আম্পায়াৰ গুমাই তেওঁৰ বাট বন্ধ কৰি দিলে। তেওঁ কোহলীক খেলপথাৰত ৰৈ থাকিবলৈ ক’লে। সেই সময়ত ভাৰতে ইটোৰ পিছত সিটো উইকেট হেৰুৱাইছিল। গতিকে বহু ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে যে কোহলী হয়তো আউট নহ’ব। তেওঁলোকে কিছু আশাৰ পোহৰ দেখা পায়। কিন্তু একো নহ’ল।

কোহলীৰ কেচটো মাটিৰ ঠিক ওপৰেৰে লৈ গ’ল মাৰ্ক্ৰামে। আম্পায়াৰসকলে নিশ্চিত কৰিব বিচাৰে যে ধৰাটো সঠিকভাৱে ধৰা পৰিছে। টেলিভিছনত দেখা যায়। প্ৰথমে তেওঁলোকে নিশ্চিত কৰিলে যে ৰাবাদাই ন’ বল কোৱা নাই। ইয়াৰ পিছত দেখা গ’ল যে মাৰ্ক্ৰামে কেচটো কেনেকৈ লৈছিল। হাতৰ তলুৱা বন্ধ হোৱাৰ আগতে বা পিছত বলটোৱে মাটি স্পৰ্শ কৰিছিল নেকি। সকলো নিশ্চিত হোৱাৰ পিছত কোহলীক ড্ৰেছিং ৰুমলৈ যাবলৈ দিয়া হ’ল। ৰিপ্লে চাবলৈ কোহলীয়ে বাউণ্ডেৰী লাইনৰ ঠিক ভিতৰত থিয় হৈ ডেৰ মিনিট অপেক্ষা কৰিবলগীয়া হয়।

বুধবাৰে কেপ টাউনত ৪ ৰানত অৰ্ধশতক হেৰুৱালে কোহলীয়ে। তেওঁ ৫৯টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ বেটৰ পৰা ৬টা চাৰি আৰু ১টা ছয় আহিছিল। প্ৰথম ইনিংছত ভাৰতীয় দলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। দক্ষিণ আফ্ৰিকাৰ ৫৫ ৰানৰ উত্তৰত ভাৰতে ১৫৩ ৰান সংগ্ৰহ কৰে। অর্থাৎ প্রথম ইনিংছত ৰানৰ ক্ষেত্রত আয়োজক দলতকৈ ৯৮ ৰান আগবাঢ়ি আছিল ভাৰতীয় দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু