--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেপ টাউন টেষ্টত আউট হোৱাৰ পিছতো বিৰাট কোহলি ড্ৰেছিং ৰুমলৈ ঘূৰি আহিব নোৱাৰিলে। চতুৰ্থ আম্পায়াৰ লুবাবালো গুমাই বাউণ্ডেৰী লাইনলৈ কোহলী যোৱাৰ পিছত বাট বন্ধ কৰি দিয়ে। তেওঁ কোহলীক ডেৰ মিনিট ধৰি থিয় কৰি ৰাখিছিল।

ভাৰতীয় ইনিংছৰ ৩৪ নং অভাৰৰ দ্বিতীয় বলত কোহলীক আউট কৰে কাগিছ’ ৰাবাডাই। স্লিপত ধৰা পেলায় দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্ক্ৰামে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকলৰ আউট অনুৰোধৰ প্ৰতি সঁহাৰি জনাবলৈ পলম নকৰিলে ফিল্ড আম্পায়াৰে। কোহলীয়ে অপেক্ষা নকৰাকৈ ড্ৰেছিং ৰুমৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু খেলপথাৰৰ প্ৰান্তত উপস্থিত হোৱাৰ লগে লগে চতুৰ্থ আম্পায়াৰ গুমাই তেওঁৰ বাট বন্ধ কৰি দিলে। তেওঁ কোহলীক খেলপথাৰত ৰৈ থাকিবলৈ ক’লে। সেই সময়ত ভাৰতে ইটোৰ পিছত সিটো উইকেট হেৰুৱাইছিল। গতিকে বহু ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে যে কোহলী হয়তো আউট নহ’ব। তেওঁলোকে কিছু আশাৰ পোহৰ দেখা পায়। কিন্তু একো নহ’ল।

কোহলীৰ কেচটো মাটিৰ ঠিক ওপৰেৰে লৈ গ’ল মাৰ্ক্ৰামে। আম্পায়াৰসকলে নিশ্চিত কৰিব বিচাৰে যে ধৰাটো সঠিকভাৱে ধৰা পৰিছে। টেলিভিছনত দেখা যায়। প্ৰথমে তেওঁলোকে নিশ্চিত কৰিলে যে ৰাবাদাই ন’ বল কোৱা নাই। ইয়াৰ পিছত দেখা গ’ল যে মাৰ্ক্ৰামে কেচটো কেনেকৈ লৈছিল। হাতৰ তলুৱা বন্ধ হোৱাৰ আগতে বা পিছত বলটোৱে মাটি স্পৰ্শ কৰিছিল নেকি। সকলো নিশ্চিত হোৱাৰ পিছত কোহলীক ড্ৰেছিং ৰুমলৈ যাবলৈ দিয়া হ’ল। ৰিপ্লে চাবলৈ কোহলীয়ে বাউণ্ডেৰী লাইনৰ ঠিক ভিতৰত থিয় হৈ ডেৰ মিনিট অপেক্ষা কৰিবলগীয়া হয়।

বুধবাৰে কেপ টাউনত ৪ ৰানত অৰ্ধশতক হেৰুৱালে কোহলীয়ে। তেওঁ ৫৯টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ বেটৰ পৰা ৬টা চাৰি আৰু ১টা ছয় আহিছিল। প্ৰথম ইনিংছত ভাৰতীয় দলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। দক্ষিণ আফ্ৰিকাৰ ৫৫ ৰানৰ উত্তৰত ভাৰতে ১৫৩ ৰান সংগ্ৰহ কৰে। অর্থাৎ প্রথম ইনিংছত ৰানৰ ক্ষেত্রত আয়োজক দলতকৈ ৯৮ ৰান আগবাঢ়ি আছিল ভাৰতীয় দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক