--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ শেষ হয় ৫৫ ৰানত। টেষ্টত ইমান কম ৰান লৈ ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও ইনিংছ শেষ কৰা নাই। অৱশ্যে তাৰ তুলনাত কম ৰানত টেষ্টত অল আউট হৈছে দক্ষিণ আফ্ৰিকা। ১৮৯৬ চনত দক্ষিণ আফ্ৰিকা ৩০ ৰানত অল আউট হৈছিল। ইয়াৰ পূৰ্বে ভাৰতে ৬২ ৰানত নিউজিলেণ্ডক আউট কৰিছিল। সেইটোৱেই আছিল ভাৰতৰ বিৰুদ্ধে যিকোনো দলৰ সৰ্বনিম্ন ইনিংছ। সেই অভিলেখ বুধবাৰে ভংগ হৈছিল।

২০২১ চনত মুম্বাইৰ ৱানখেডেত ভাৰতে নিউজিলেণ্ডক ৬২ ৰানত আউট কৰিছিল। সেই অভিলেখ ভংগ কৰি মহম্মদ ছিৰাজেৰাই বুধবাৰে ৫৫ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ পৰাস্ত কৰে। তেওঁ অকলেই ৬টা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে দুটাকৈ উইকেট দখল কৰে। মাত্ৰ দুজন দক্ষিণ আফ্ৰিকাৰ বেটছমেনেহে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰৰ ছুইং চম্ভালিব নোৱাৰিলে ডিন এলগাৰবাহিনীয়ে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই দুবাৰকৈ টেষ্টত ৩০ ৰানত আউট হৈছিল। দুয়োবাৰেই (১৮৯৬ আৰু ১৯২৪ চনত) ইংলেণ্ডৰ বিৰুদ্ধে আছিল। টেষ্টত ৫০ ৰানৰ ভিতৰত ৭ বাৰ অল আউট হৈছে দক্ষিণ আফ্ৰিকা। কিন্তু ১৯৩২ চনৰ পিছত দক্ষিণ আফ্ৰিকাৰ ইনিংছ কেতিয়াও এনেদৰে ভাঙি পৰা নাছিল। সেইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৫ ৰানত বল আউট হৈছিল।

বুধবাৰে আইডেন মাৰ্কৰামক আউট কৰি ক্ষুৰধাৰ বলিং আৰম্ভণি কৰিছিল ছিৰাজে। ইয়াৰ পিছত তেওঁ ডিন এলগাৰ, টনি ডি জিঅৰ্জি, ডেভিদ বেডিংহাম, কাইল ভেৰেইন আৰু মাৰ্কো জান্সেনক বৰ্খাস্ত কৰে। প্ৰথম ইনিংছত ছিৰাজে ৯ অভাৰত ১৫ ৰান কৰি ৬টা উইকেট দখল কৰে। ছিৰাজৰ উপৰিও উইকেট দখল কৰে যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে। তেওঁলোকে দুটাকৈ উইকেট দখল কৰে। এই মেচত ভাৰতে বহা শাৰদুল ঠাকুৰক লৈছিল মুকেশক। সেই মেচত কোনো ৰান নিদিয়াকৈয়ে ২টা উইকেট দখল কৰিছিল বংগৰ এই পেচাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু