--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ শেষ হয় ৫৫ ৰানত। টেষ্টত ইমান কম ৰান লৈ ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও ইনিংছ শেষ কৰা নাই। অৱশ্যে তাৰ তুলনাত কম ৰানত টেষ্টত অল আউট হৈছে দক্ষিণ আফ্ৰিকা। ১৮৯৬ চনত দক্ষিণ আফ্ৰিকা ৩০ ৰানত অল আউট হৈছিল। ইয়াৰ পূৰ্বে ভাৰতে ৬২ ৰানত নিউজিলেণ্ডক আউট কৰিছিল। সেইটোৱেই আছিল ভাৰতৰ বিৰুদ্ধে যিকোনো দলৰ সৰ্বনিম্ন ইনিংছ। সেই অভিলেখ বুধবাৰে ভংগ হৈছিল।

২০২১ চনত মুম্বাইৰ ৱানখেডেত ভাৰতে নিউজিলেণ্ডক ৬২ ৰানত আউট কৰিছিল। সেই অভিলেখ ভংগ কৰি মহম্মদ ছিৰাজেৰাই বুধবাৰে ৫৫ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ পৰাস্ত কৰে। তেওঁ অকলেই ৬টা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে দুটাকৈ উইকেট দখল কৰে। মাত্ৰ দুজন দক্ষিণ আফ্ৰিকাৰ বেটছমেনেহে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰৰ ছুইং চম্ভালিব নোৱাৰিলে ডিন এলগাৰবাহিনীয়ে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই দুবাৰকৈ টেষ্টত ৩০ ৰানত আউট হৈছিল। দুয়োবাৰেই (১৮৯৬ আৰু ১৯২৪ চনত) ইংলেণ্ডৰ বিৰুদ্ধে আছিল। টেষ্টত ৫০ ৰানৰ ভিতৰত ৭ বাৰ অল আউট হৈছে দক্ষিণ আফ্ৰিকা। কিন্তু ১৯৩২ চনৰ পিছত দক্ষিণ আফ্ৰিকাৰ ইনিংছ কেতিয়াও এনেদৰে ভাঙি পৰা নাছিল। সেইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৫ ৰানত বল আউট হৈছিল।

বুধবাৰে আইডেন মাৰ্কৰামক আউট কৰি ক্ষুৰধাৰ বলিং আৰম্ভণি কৰিছিল ছিৰাজে। ইয়াৰ পিছত তেওঁ ডিন এলগাৰ, টনি ডি জিঅৰ্জি, ডেভিদ বেডিংহাম, কাইল ভেৰেইন আৰু মাৰ্কো জান্সেনক বৰ্খাস্ত কৰে। প্ৰথম ইনিংছত ছিৰাজে ৯ অভাৰত ১৫ ৰান কৰি ৬টা উইকেট দখল কৰে। ছিৰাজৰ উপৰিও উইকেট দখল কৰে যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে। তেওঁলোকে দুটাকৈ উইকেট দখল কৰে। এই মেচত ভাৰতে বহা শাৰদুল ঠাকুৰক লৈছিল মুকেশক। সেই মেচত কোনো ৰান নিদিয়াকৈয়ে ২টা উইকেট দখল কৰিছিল বংগৰ এই পেচাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক