--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি যাত্ৰা কৰাৰ সময়ত মেকুৰীয়ে বাটেৰে পাৰ হৈ গ’লে তাক অশুভ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত মেকুৰীক অশুভ বুলি কোৱা হয়। মেকুৰীয়ে বাট পাৰ হ’লে মানুহে অলপ সময় বাবে ৰৈ যায় কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হোৱা মানে বিপদৰ আশংকা বুলি গণ্য কৰা হয়। কিন্তু কৰ্ণাটকত এনে এক অনন্য মন্দিৰ আছে, য’ত মেকুৰীক পূজা কৰা হয়। বিগত ১০০০ বছৰে এই মন্দিৰত মেকুৰীক পূজা কৰি আহিছে।

 ক’ত মেকুৰীক পূজা কৰা হয়-

কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বেকলেলে গাঁৱত এই অনন্য মেকুৰী মন্দিৰটো আছে। এই গাঁওখনৰ নামটো কান্নড় ভাষাৰ বেক্কু শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ মেকুৰী। এই গাঁৱৰ বাসিন্দাসকলে মেকুৰীক দেৱীৰ অৱতাৰ বুলি গণ্য কৰি ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে। এই গাঁৱৰ লোকসকলে মেকুৰীক মংগমমা দেৱীৰ অৱতাৰ বুলি গণ্য কৰে।

 কিয় মেকুৰীক পূজা কৰা হয়?

বিশ্বাস অনুসৰি দেৱী মংগমমা মেকুৰীৰ ৰূপত গাঁওখনত প্ৰৱেশ কৰি গাঁওবাসীক অপশক্তিৰ পৰা ৰক্ষা কৰিছিল। পাছলৈ সেই ঠাইত এটা বাম্বি নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰ পৰা ইয়াৰ বাসিন্দাসকলে মেকুৰীক পূজা কৰে। এই কথাটো আমাৰ সকলোৰে বাবে অদ্ভুত হ’ব পাৰে, কিন্তু ইয়াৰ স্থানীয় লোকসকলে মেকুৰীৰ ওপৰত অত্যন্ত বিশ্বাস ৰাখে আৰু ইতিবাচক মনোভাবেৰে পূজা-অৰ্চনা কৰে।

 তথ্য অনুসৰি কৰ্ণাটকৰ এই গাঁওখনৰ ৰাইজে সদায় মেকুৰীক ৰক্ষাৱেক্ষণ দি আহিছে। কোৱা হয় যে এইখন গাঁৱত কোনোবাই যদি মেকুৰীৰ ক্ষতি কৰে তেন্তে তেওঁক গাঁৱৰ পৰা বাহিৰ কৰি দিয়া হয়। আনকি কোনো কাৰণত মেকুৰীৰ মৃত্যুৰ হ’লেও ইয়াক সম্পূৰ্ণ ৰীতি-নীতিৰে সমাধিস্থ কৰা হয়। প্ৰতি বছৰে এই গাঁৱৰ বাসিন্দাসকলে দেৱী মংগমমা উৎসৱ আড়ম্বৰেৰে পালন কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান