--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি যাত্ৰা কৰাৰ সময়ত মেকুৰীয়ে বাটেৰে পাৰ হৈ গ’লে তাক অশুভ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত মেকুৰীক অশুভ বুলি কোৱা হয়। মেকুৰীয়ে বাট পাৰ হ’লে মানুহে অলপ সময় বাবে ৰৈ যায় কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হোৱা মানে বিপদৰ আশংকা বুলি গণ্য কৰা হয়। কিন্তু কৰ্ণাটকত এনে এক অনন্য মন্দিৰ আছে, য’ত মেকুৰীক পূজা কৰা হয়। বিগত ১০০০ বছৰে এই মন্দিৰত মেকুৰীক পূজা কৰি আহিছে।

 ক’ত মেকুৰীক পূজা কৰা হয়-

কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বেকলেলে গাঁৱত এই অনন্য মেকুৰী মন্দিৰটো আছে। এই গাঁওখনৰ নামটো কান্নড় ভাষাৰ বেক্কু শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ মেকুৰী। এই গাঁৱৰ বাসিন্দাসকলে মেকুৰীক দেৱীৰ অৱতাৰ বুলি গণ্য কৰি ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে। এই গাঁৱৰ লোকসকলে মেকুৰীক মংগমমা দেৱীৰ অৱতাৰ বুলি গণ্য কৰে।

 কিয় মেকুৰীক পূজা কৰা হয়?

বিশ্বাস অনুসৰি দেৱী মংগমমা মেকুৰীৰ ৰূপত গাঁওখনত প্ৰৱেশ কৰি গাঁওবাসীক অপশক্তিৰ পৰা ৰক্ষা কৰিছিল। পাছলৈ সেই ঠাইত এটা বাম্বি নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰ পৰা ইয়াৰ বাসিন্দাসকলে মেকুৰীক পূজা কৰে। এই কথাটো আমাৰ সকলোৰে বাবে অদ্ভুত হ’ব পাৰে, কিন্তু ইয়াৰ স্থানীয় লোকসকলে মেকুৰীৰ ওপৰত অত্যন্ত বিশ্বাস ৰাখে আৰু ইতিবাচক মনোভাবেৰে পূজা-অৰ্চনা কৰে।

 তথ্য অনুসৰি কৰ্ণাটকৰ এই গাঁওখনৰ ৰাইজে সদায় মেকুৰীক ৰক্ষাৱেক্ষণ দি আহিছে। কোৱা হয় যে এইখন গাঁৱত কোনোবাই যদি মেকুৰীৰ ক্ষতি কৰে তেন্তে তেওঁক গাঁৱৰ পৰা বাহিৰ কৰি দিয়া হয়। আনকি কোনো কাৰণত মেকুৰীৰ মৃত্যুৰ হ’লেও ইয়াক সম্পূৰ্ণ ৰীতি-নীতিৰে সমাধিস্থ কৰা হয়। প্ৰতি বছৰে এই গাঁৱৰ বাসিন্দাসকলে দেৱী মংগমমা উৎসৱ আড়ম্বৰেৰে পালন কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক