--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ে বাগৰ সলায়৷ পৰাজয়ৰ বেদনা পাহৰি নতুনকৈ যুঁজাৰ শকতি দুবাহুত দিয়ে সময়েই৷ ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা ২০ বছৰীয়া পুৰণি দুঃস্বপ্ন। ২০০৩ৰ সেই ৰৌদ্ৰোজ্জ্বল দুপৰীয়াটোৰ কথা আজিও ৰিণি ৰিণি মনত আছে প্ৰতিগৰাকী ভাৰতীয়ৰ। স্থান দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ। দিনটো আছিল ২০০৩ চনৰ ২৩ মাৰ্চ। ১৯৮৩ৰ পাছত দ্বিতীয়বাৰলৈ বিশ্বকাপ ক্ৰিকেট জয়ৰ সপোন দেখিছিল ভাৰতে।

সৌৰভ গাংগুলীৰ নেতৃত্বত সেইবাৰ শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছিল ভাৰতে। ভাৰতৰ প্ৰদৰ্শনক লৈ আশা সজীৱ হৈছিল কোটি কোটি ভাৰতীয়ৰ মনত। শচীন, ছেহৱাগ, দ্ৰাবিড়ৰৰ কান্ধত ভৰ দি ভাৰতে বিশ্বকাপ জয় কৰিব বুলি প্ৰায় নিশ্চিত হৈছিল প্ৰতিগৰাকী ভাৰতীয়। আজিৰ দৰেই ক্ৰিকেট উন্মাদনাই বিৰাজ কৰিছিল দেশৰ প্ৰতিটো কোণত। 

তিনিআলি-চাৰিআলি, মফচলীয় অঞ্চলৰ পৰা আৰম্ভ কৰি বৃহৎ চহৰলৈ সকলোতে আঁৰি দিয়া হৈছিল বৃহৎ স্ক্ৰীণ। গাঁৱৰ একমাত্ৰ টেলিভিছনটো থকা ঘৰখনত ভিৰ কৰিছিল চুবুৰিৰ আবাল-বৃদ্ধ-বনিতাৰ। টছত জয়লাভ কৰি ভাৰতে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল অষ্ট্রেলিয়াক। ভাৰতৰ হৈ বলিং আক্ৰমণ আৰম্ভ কৰিছিল জাহিৰ খানে। আৰম্ভণি মুঠেই সন্তোষজনক নাছিল ভাৰতীয় দলৰ। প্ৰথম অভাৰতে ১৫ ৰাণ ব্যয় কৰিছিল জাহিৰ খানে। ইয়াৰ পাছত অষ্ট্রেলিয়াৰ ৰাণৰ সোঁত ৰোধ কৰাত ব্যৰ্থ হৈছিল ভাৰতীয় বলাৰ।

ৰিকি পণ্টিঙৰ মাৰমুখী বেটিঙেৰে অষ্ট্রেলিয়াই ভাৰতৰ সন্মুখত বান্ধি দিছিল ৩৬০ ৰাণৰ লক্ষ্য। ভাৰতৰ সকলো আশা-ভৰসাৰ থল আছিল মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। 

সমগ্ৰ বিশ্বকাপতে দমনীয় প্ৰদৰ্শনেৰে শচীনৰ বেটৰ পৰা আহিছিল ৬ শতাধিক ৰান। কিন্তু ফাইনেলত কোটি কোটি ভাৰতীয়ৰ আশাত চেঁচাপানী ঢালি কেৱল ৪ ৰানতে বিদায় লৈছিল মাষ্টাৰ-ব্লাষ্টাৰে। লগে লগে টিভিৰ সন্মুখত বহি থকা কোটি কোটি ভাৰতীয়ৰ মূৰত যেন ভাগি পৰিছিল সৰগ। ৪ ৰানতে এটা উইকেট যোৱাৰ পাছত পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় বেটছমেন।

মেকগ্ৰাথ, ব্ৰেটলী, এন্দ্ৰিউ ছাইমণ্ডছৰ দৰে বলাৰৰ সমুখত ভাৰতীয় বেটছমেন হৈছিল ধৰাশায়ী। ৩৯.২ অভাৰত ২৩৪ ৰানতে সীমিত থাকে ভাৰতীয় ইনিংছ। ১২৫ ৰানৰ বিশাল ব্যৱধানত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হয় গাংগুলী বাহিনী। প্ৰতিগৰাকী ভাৰতীয়ৰ মনত এক দুঃস্বপ্ন হৈ পৰিছিল ২০০৩ চনৰ সেই বিশেষ দিনটো।

২০০৩ৰ পাছত ২০২৩লৈ ২০টাকৈ বছৰত বহুখিনি পৰিৱৰ্তন আহিল ভাৰতীয় ক্ৰিকেটলৈ। ২০১১ত গৃহভূমিত বিশ্বকাপ জিকাৰ পাছত এইবাৰ ২০ বছৰীয়া পুৰণি পোতক তোলাৰ সুযোগ ভাৰতৰ বাবে। সমুখত পণ্টিং, হেইডেন, মেকগ্ৰাথ, ব্ৰেট লী নাথাকিলেও প্ৰতিদ্বন্দ্বী একেটাই। ২০০৩ৰ মধুৰ পোতক তুলি বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল’বলৈ উদগ্ৰীৱ ভাৰতীয় দল। 

চলিত বিশ্বকাপত অষ্ট্রেলিয়াতকৈ যথেষ্ট শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে ভাৰতীয় দলটোক। ভাৰতৰ সৈতে ১৪০ কোটি জনতাৰ অকুণ্ঠ সমৰ্থন। কাইলৈ প্ৰায় ডেৰলাখ সমৰ্থকৰ বিপুল হৰ্ষোধ্বনিত কঁপি উঠিব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। ডেৰ লক্ষাধিক সমৰ্থকৰ বিপুল উছাহো ভাৰতৰ বাবে হ’ব সঞ্জীৱনীসদৃশ।

ইপিনে ৰোহিত শৰ্মাৰ আক্ৰমণাত্মক আৰম্ভণি, মিডল অৰ্ডাৰত কোহলী, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুলৰ দমনীয় প্ৰদৰ্শন ভাৰতীয়ৰ বাবে হ’ব মূল চাবিকাঠি। বলিঙৰ দিশেৰেও ২০০৩চনৰ ভাৰতীয় দলতকৈ যথেষ্ঠ শক্তিশালী বৰ্তমানৰ ভাৰতীয় দলটো।

মহম্মদ ছামি, বুমৰাহ, জাদেজাৰ দুৰ্দান্ত প্ৰদৰ্শনে কোটি কোটি ভাৰতীয়ৰ মনত পুনৰ সজীৱ কৰি তুলিছে বিশ্ব জয়ৰ আশা। বৃহৎ একো অঘটন নঘটিলে ভাৰতে বিশ্বকাপ জয়ৰ হেট্ৰিক কৰা পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি সেয়াই হয় তেন্তে অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২০০৩ৰ মধুৰ পোতক তুলিবলৈ সক্ষম হ’ব টীম ইণ্ডিয়াই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত