--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিমানৰ ভিতৰত ঘটিল খোদ বিমান সেৱিকাকে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা।  ইণ্ডিগো বিমানৰ  এজন যাত্ৰীয়ে এয়াৰলাইনৰ ক্ৰু মেম্বাৰক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

ঘটনাটো ঘটিছে বৃহস্পতিবাৰে । কিন্তু ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে। জানিব পৰা মতে ইণ্ডিগো ফ্লাইট ৬ই-১০৫২ বিমান খনে সেইদিনা বেংককৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল। এৰিক হাৰাল্ড জোনাছম সেই বিমানখনৰ এজন যাত্ৰী আছিল। তেওঁ চুইডেনৰ নাগৰিক। তেওঁৰ বয়স ৬২ বছৰ। তেওঁৰ বিৰুদ্ধে এগৰাকী  ক্ৰু সদস্যক যৌন  হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ইণ্ডিগোই অভিযোগ কৰিছে  যে এৰিকে  সুৰাপান কৰি আছিল। 

তেওঁ বিমানত  খাদ্যৰ বাবে ধন পৰিশোধ কৰি আছিল। ধন বিচাৰিবলৈ অহা এগৰাকী ক্ৰু মেম্বাৰক যাত্ৰীজনে আপত্তিজনক ভাৱে স্পৰ্শ কৰিছিল বুলি অভিযোগ কৰা হৈছে। এই ঘটনাৰ পিছতে  বিমানখনে মুম্বাইত অৱতৰণ কৰাৰ অন্তত  অভিযুক্তজনক লগে লগে আৰক্ষীৰ হাতত গতাই দিয়া হয়। 
২৪ বছৰীয়া বিমান সেৱিকাগৰাকীয়ে অভিযোগ কৰা  মতে,এৰিকক খাদ্যৰ বাবে ধন  পৰিশোধ কৰিবলৈ ক’বলৈ তেওঁ আহিছিল। তেওঁ কিন্তু এৰিকে ধন দিয়াৰ সলনি বিমান পৰিচাৰিকাগৰাকীক স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল। 

এৰিকে বিমান পৰিচাৰিকাগৰাকীৰ  আপত্তিজনক ঠাইত  হাত দিয়াৰো অভিযোগ উঠিছে।  উল্লেখ্য মাজ আকাশত একাংশ যাত্ৰীৰ নানান অপকৰ্মৰ ঘটনা ক্ৰমে বৃদ্ধি পাই গৈছে।  ইণ্ডিগো বিমানত ঘটা এনে ধৰণৰ ঘটনাৰ বাবে  যোৱা তিনি মাহত ৮ জন যাত্ৰীক গ্ৰেপ্তাৰ  কৰা হৈছে।  

২৩ মাৰ্চত  দুজন  যাত্ৰীৰ বিৰুদ্ধে সুৰাপান কৰাৰ পিছত সহ-যাত্ৰী আৰু বিমান সেৱিকাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনাটো ডুবাইৰ পৰা মুম্বাইলৈ যোৱা ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছিল। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে। পিছত তেওঁলোকে  জামিন লাভ কৰে। এইবাৰ আকৌ  চুইডিছ বৃদ্ধ যাত্ৰীএগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাত বহুতে চিন্তা ব্যক্ত কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?