--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিমানৰ ভিতৰত ঘটিল খোদ বিমান সেৱিকাকে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা।  ইণ্ডিগো বিমানৰ  এজন যাত্ৰীয়ে এয়াৰলাইনৰ ক্ৰু মেম্বাৰক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

ঘটনাটো ঘটিছে বৃহস্পতিবাৰে । কিন্তু ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে। জানিব পৰা মতে ইণ্ডিগো ফ্লাইট ৬ই-১০৫২ বিমান খনে সেইদিনা বেংককৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল। এৰিক হাৰাল্ড জোনাছম সেই বিমানখনৰ এজন যাত্ৰী আছিল। তেওঁ চুইডেনৰ নাগৰিক। তেওঁৰ বয়স ৬২ বছৰ। তেওঁৰ বিৰুদ্ধে এগৰাকী  ক্ৰু সদস্যক যৌন  হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ইণ্ডিগোই অভিযোগ কৰিছে  যে এৰিকে  সুৰাপান কৰি আছিল। 

তেওঁ বিমানত  খাদ্যৰ বাবে ধন পৰিশোধ কৰি আছিল। ধন বিচাৰিবলৈ অহা এগৰাকী ক্ৰু মেম্বাৰক যাত্ৰীজনে আপত্তিজনক ভাৱে স্পৰ্শ কৰিছিল বুলি অভিযোগ কৰা হৈছে। এই ঘটনাৰ পিছতে  বিমানখনে মুম্বাইত অৱতৰণ কৰাৰ অন্তত  অভিযুক্তজনক লগে লগে আৰক্ষীৰ হাতত গতাই দিয়া হয়। 
২৪ বছৰীয়া বিমান সেৱিকাগৰাকীয়ে অভিযোগ কৰা  মতে,এৰিকক খাদ্যৰ বাবে ধন  পৰিশোধ কৰিবলৈ ক’বলৈ তেওঁ আহিছিল। তেওঁ কিন্তু এৰিকে ধন দিয়াৰ সলনি বিমান পৰিচাৰিকাগৰাকীক স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল। 

এৰিকে বিমান পৰিচাৰিকাগৰাকীৰ  আপত্তিজনক ঠাইত  হাত দিয়াৰো অভিযোগ উঠিছে।  উল্লেখ্য মাজ আকাশত একাংশ যাত্ৰীৰ নানান অপকৰ্মৰ ঘটনা ক্ৰমে বৃদ্ধি পাই গৈছে।  ইণ্ডিগো বিমানত ঘটা এনে ধৰণৰ ঘটনাৰ বাবে  যোৱা তিনি মাহত ৮ জন যাত্ৰীক গ্ৰেপ্তাৰ  কৰা হৈছে।  

২৩ মাৰ্চত  দুজন  যাত্ৰীৰ বিৰুদ্ধে সুৰাপান কৰাৰ পিছত সহ-যাত্ৰী আৰু বিমান সেৱিকাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনাটো ডুবাইৰ পৰা মুম্বাইলৈ যোৱা ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছিল। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে। পিছত তেওঁলোকে  জামিন লাভ কৰে। এইবাৰ আকৌ  চুইডিছ বৃদ্ধ যাত্ৰীএগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাত বহুতে চিন্তা ব্যক্ত কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত