--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুগ যুগ ধৰি ভাৰত বিশ্বৰ জনপ্ৰিয় বাণিজ্য কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে৷আৰু বিশ্বই এতিয়ালৈকে দেখা একাংশ ধনী লোকৰ বাসস্থান হিচাপে চৰ্চিত। ভাৰতত কেইবাজনো ধনী ব্যৱসায়ীয়ে নিজৰ প্ৰতিভা আৰু বিশ্ব পৰ্যায়ত ভাৰতৰ স্থান নিশ্চিত কৰি বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিছিল। তেনে এজন ব্যৱসায়ী যিয়ে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিছিল, তেওঁ আছিল মোগলৰ সময়ত বাস কৰা আৰু চুৰাটৰ গুজৰাটী ব্যৱসায়ী বীৰ জী ভোৰা৷ইতিহাসবিদসকলৰ মতে বীৰ জী ভোৰা শ্ৰীমালী ওছৱাল পোৰৱাল জাতিৰ বংশৰ লোক আছিল।

ভোৰা গভীৰ ধৰ্মীয় ব্যক্তি আছিল আৰু মন্দিৰ নিৰ্মাণ তথা অন্যান্য ধৰ্মীয় কামত যথেষ্ট পৰিমাণৰ ধন আগবঢ়াইছিল। ১৬১৯-১৬৭০ চনলৈকে সক্ৰিয় হৈ থকা তেখেত মোগল শাসনৰ সময়ত বিশিষ্ট নামৰ তালিকাত আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বীৰ জী ভোৰাক বিশ্বৰ সৰ্বাধিক ধনী ব্যৱসায়ী বুলি অভিহিত কৰিছিল। বিশেষজ্ঞসকলৰ মতে ১৬১৭ চনৰ পৰা ১৬৭০ চনৰ ভিতৰত ভোৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ডাঙৰ বিত্তীয় অনুদান দিয়া ব্যক্তি আছিল।ভোৰা আছিল পাইকাৰী ব্যৱসায়ী আৰু তেওঁ সুতত ধন ঋণ দিয়াৰ ব্যৱসায়তো জড়িত আছিল। ইতিহাসবিদৰ মতে ভোৰাই আফিং, বুলিয়ন, প্ৰবাল, হাতীদাঁত, সীহ আদি কেইবাটাও বস্তুৰ ব্যৱসায় কৰিছিল।

১৫৯০ চনত জন্মগ্ৰহণ কৰা বীৰ জী ভোৰাৰ মৃত্যু হয় ১৬৭০ চনত।খবৰ অনুসৰি সেই সময়ত তেওঁৰ ব্যক্তিগত সম্পদ আছিল প্ৰায় ৮০ লাখ টকা, অৰ্থাৎ তেওঁ নিঃসন্দেহে ভাৰতে দেখা আটাইতকৈ ধনী ব্যৱসায়ী আছিল। বীৰ জী ভোৰাৰ কাৰ্যালয় সমগ্ৰ ভাৰতৰ লগতে দক্ষিণ-পূব এছিয়া, লোহিত সাগৰ, আৰু পাৰস্য উপসাগৰীয় বন্দৰ চহৰসমূহতো আছিল।একাংশ ইতিহাসবিদে দাবী কৰে যে যেতিয়া মোগল সম্ৰাট ঔৰংজেবে ভাৰতৰ ডেকান অঞ্চল জয় কৰিবলৈ যুদ্ধৰ সময়ত আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ বীৰ জী ভোৰাৰ পৰা আৰ্থিক সহায় বিচাৰিছিল। কোৱা হয় যে বীৰ জী ভোৰাই শ্বাহজাহানক চাৰিটা আৰবীয় ঘোঁৰা উপহাৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'