--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছৰ ৰকেট আক্ৰমণৰ পিছতে যুদ্ধভূমিত পৰিণত হৈছে ইজৰাইল। বিশেষকৈ গাজাত এতিয়া অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে।   গাজা ষ্ট্ৰিপত এতিয়া শুনা গৈছে কেৱল মৃত্যুৰ কিৰিলী। এনে পৰিবেশৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ফোন কৰে আৰু যুদ্ধৰ সবিশেষ খবৰ দিয়ে।  মোদীয়ে কয় যে  মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ  সৈতে আছে। মঙলবাৰে আক্ৰমণৰ চতুৰ্থ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ফোন পোৱাৰ পিছত মোদীয়ে ইজৰাইলবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। 


মঙলবাৰে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে মোদীক ফোন কৰি বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে এই বিষয়ে  তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে- "মই প্ৰধানমন্ত্ৰী নেতান্যায়াহুক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ফোন কৰি আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে  ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে’’।  মোদীৰ মন্তব্যই ইজৰাইল সন্দৰ্ভত  ভাৰত চৰকাৰৰ স্থিতি সম্পৰ্কে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে।

শনিবাৰে, মোদীয়ে ছ'চিয়েল মিডিয়াৰ জড়িয়তে সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছিল । মোদীয়ে লিখিছিল "ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ খবৰ পাই গভীৰভাৱে দুখিত। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। মই এই কঠিন সময়ত ইজৰাইলৰ সৈতে একত্ৰিত হৈ থিয় দিছো। "
ইপিনে নেতান্যাহুৱে হামাছক সতৰ্ক কৰি দি কৈছে   "আমি এই যুঁজ আৰম্ভ কৰা নাছিলো। কিন্তু আমি শেষ কৰিম। হামাছে নাজানে যে ই কি ঐতিহাসিক ভুল কৰিছে। তেওঁলোকে শিশু, মহিলা আৰু বৃদ্ধসকলক নিৰ্বিচাৰভাৱে হত্যা কৰিছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু