--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছৰ ৰকেট আক্ৰমণৰ পিছতে যুদ্ধভূমিত পৰিণত হৈছে ইজৰাইল। বিশেষকৈ গাজাত এতিয়া অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে।   গাজা ষ্ট্ৰিপত এতিয়া শুনা গৈছে কেৱল মৃত্যুৰ কিৰিলী। এনে পৰিবেশৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ফোন কৰে আৰু যুদ্ধৰ সবিশেষ খবৰ দিয়ে।  মোদীয়ে কয় যে  মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ  সৈতে আছে। মঙলবাৰে আক্ৰমণৰ চতুৰ্থ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ফোন পোৱাৰ পিছত মোদীয়ে ইজৰাইলবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। 


মঙলবাৰে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে মোদীক ফোন কৰি বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে এই বিষয়ে  তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে- "মই প্ৰধানমন্ত্ৰী নেতান্যায়াহুক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ফোন কৰি আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে  ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে’’।  মোদীৰ মন্তব্যই ইজৰাইল সন্দৰ্ভত  ভাৰত চৰকাৰৰ স্থিতি সম্পৰ্কে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে।

শনিবাৰে, মোদীয়ে ছ'চিয়েল মিডিয়াৰ জড়িয়তে সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছিল । মোদীয়ে লিখিছিল "ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ খবৰ পাই গভীৰভাৱে দুখিত। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। মই এই কঠিন সময়ত ইজৰাইলৰ সৈতে একত্ৰিত হৈ থিয় দিছো। "
ইপিনে নেতান্যাহুৱে হামাছক সতৰ্ক কৰি দি কৈছে   "আমি এই যুঁজ আৰম্ভ কৰা নাছিলো। কিন্তু আমি শেষ কৰিম। হামাছে নাজানে যে ই কি ঐতিহাসিক ভুল কৰিছে। তেওঁলোকে শিশু, মহিলা আৰু বৃদ্ধসকলক নিৰ্বিচাৰভাৱে হত্যা কৰিছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ