--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জীৱিত ব্যক্তিক মুহূৰ্তৰ ভিতৰতে মৃত বুলি ঘোষণা কৰা হ’ল। ভুৱা খবৰটো সমগ্ৰ বিশ্বতে লগে লগে বিয়পি পৰিল। নোবেলজয়ী, বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু নাই... শোকৈাহত হ’ল দেশবাসী। কিন্তু সকলোকে স্বস্তি প্ৰদান কৰি অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনে লগে লগে পিতৃৰ মৃত্যুৰ খবৰটো ভুৱা বুলি স্পষ্ট কৰি দি ক’লে  'বাবা সম্পূৰ্ণৰূপে ভালে আছে'। 

কেৱল সেয়াই নহয়   নন্দনা সেনে এক্সত   অমৰ্ত্য সেনৰ সৈতে এখন ফটোও পোষ্ট কৰেষ। শুভাকাংক্ষীসকলৰ উদ্বেগৰ মাজতে নন্দনাই কয় যে  ৮৯ বছৰীয়া তেওঁৰ পিতৃয়ে   এতিয়াও হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সপ্তাহত দুটা পাঠ্যক্ৰমত সক্ৰিয় আৰু ব্যস্ত হৈ আছে। তেওঁ সম্পূৰ্ণ কুশলে আছে। 

অমৰ্ত্য সেনৰ জীয়ৰী  নন্দনা সেনে অৰ্থনীতিবিদগৰাকীৰ  মৃত্যুৰ বাতৰিক উৰাবাতৰি বুলি সদৰী কৰে।
উল্লেখ্য এক্সত এই বছৰৰ অৰ্থনীতিৰ নবেল বিজয়ী ক্লডিয়া গোল্ডিনৰ বুলি দাবী কৰা এটা পোষ্টত কোৱা হৈছিল যে অমৰ্ত্য সেনৰ মৃত্যু হৈছে। ইয়াৰ পিছতে বিয়পি পৰে উৰা বাতৰিটো।  

পিতৃৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি নন্দনা সেনে লিখিছে-"বন্ধুসকল, আপোনালোকৰ  চিন্তাৰ বাবে ধন্যবাদ,  কিন্তু এয়া  ভুৱা বাতৰি: বাবা সম্পূৰ্ণৰূপে ভালে আছে। আমি কেমব্ৰিজত পৰিয়ালৰ সৈতে একেলগে এটা সুন্দৰ সপ্তাহ অতিবাহিত কৰিছো - যোৱা নিশা আমি বিদায় লোৱাৰ সময়ত তেওঁৰ আলিঙ্গন সদায়ৰ দৰে শক্তিশালী হৈ আছিল! তেওঁ হাৰ্ভাৰ্ডত সপ্তাহত ২ টা পাঠ্যক্ৰম শিকাই আছে, তেওঁ কিতাপৰো  কাম কৰি আছে- আগৰ দৰেই ব্যস্ত!" এই পোষ্ট পোৱাৰ পিছতে অৰ্থনীতিবিদগৰাকীৰ  শুভাকাংক্ষীসকলে স্বাভাৱিকতে সকাহ পাইছে।  বহুতে নন্দনা সেনৰ পোষ্টত  মন্তব্য কৰিছে "বিষাদৰ পিছত এই টুইটটো পঢ়ি আনন্দিত  হৈছো। আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিগৰাকীলৈ  শুভেচ্ছা,"।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ