--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জীৱিত ব্যক্তিক মুহূৰ্তৰ ভিতৰতে মৃত বুলি ঘোষণা কৰা হ’ল। ভুৱা খবৰটো সমগ্ৰ বিশ্বতে লগে লগে বিয়পি পৰিল। নোবেলজয়ী, বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু নাই... শোকৈাহত হ’ল দেশবাসী। কিন্তু সকলোকে স্বস্তি প্ৰদান কৰি অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনে লগে লগে পিতৃৰ মৃত্যুৰ খবৰটো ভুৱা বুলি স্পষ্ট কৰি দি ক’লে  'বাবা সম্পূৰ্ণৰূপে ভালে আছে'। 

কেৱল সেয়াই নহয়   নন্দনা সেনে এক্সত   অমৰ্ত্য সেনৰ সৈতে এখন ফটোও পোষ্ট কৰেষ। শুভাকাংক্ষীসকলৰ উদ্বেগৰ মাজতে নন্দনাই কয় যে  ৮৯ বছৰীয়া তেওঁৰ পিতৃয়ে   এতিয়াও হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সপ্তাহত দুটা পাঠ্যক্ৰমত সক্ৰিয় আৰু ব্যস্ত হৈ আছে। তেওঁ সম্পূৰ্ণ কুশলে আছে। 

অমৰ্ত্য সেনৰ জীয়ৰী  নন্দনা সেনে অৰ্থনীতিবিদগৰাকীৰ  মৃত্যুৰ বাতৰিক উৰাবাতৰি বুলি সদৰী কৰে।
উল্লেখ্য এক্সত এই বছৰৰ অৰ্থনীতিৰ নবেল বিজয়ী ক্লডিয়া গোল্ডিনৰ বুলি দাবী কৰা এটা পোষ্টত কোৱা হৈছিল যে অমৰ্ত্য সেনৰ মৃত্যু হৈছে। ইয়াৰ পিছতে বিয়পি পৰে উৰা বাতৰিটো।  

পিতৃৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি নন্দনা সেনে লিখিছে-"বন্ধুসকল, আপোনালোকৰ  চিন্তাৰ বাবে ধন্যবাদ,  কিন্তু এয়া  ভুৱা বাতৰি: বাবা সম্পূৰ্ণৰূপে ভালে আছে। আমি কেমব্ৰিজত পৰিয়ালৰ সৈতে একেলগে এটা সুন্দৰ সপ্তাহ অতিবাহিত কৰিছো - যোৱা নিশা আমি বিদায় লোৱাৰ সময়ত তেওঁৰ আলিঙ্গন সদায়ৰ দৰে শক্তিশালী হৈ আছিল! তেওঁ হাৰ্ভাৰ্ডত সপ্তাহত ২ টা পাঠ্যক্ৰম শিকাই আছে, তেওঁ কিতাপৰো  কাম কৰি আছে- আগৰ দৰেই ব্যস্ত!" এই পোষ্ট পোৱাৰ পিছতে অৰ্থনীতিবিদগৰাকীৰ  শুভাকাংক্ষীসকলে স্বাভাৱিকতে সকাহ পাইছে।  বহুতে নন্দনা সেনৰ পোষ্টত  মন্তব্য কৰিছে "বিষাদৰ পিছত এই টুইটটো পঢ়ি আনন্দিত  হৈছো। আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিগৰাকীলৈ  শুভেচ্ছা,"।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু