--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰা, ন্যায়  যাত্ৰাৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ 'ধন্যবাদ যাত্ৰা'। উত্তৰ প্ৰদেশৰ ফলাফলে উৎফুল্লিত কৰি তোলা কংগ্ৰেছে  জনতাক ধন্যবাদ জনাবলৈ এই যাত্ৰা কৰিব। সেই সময়ছোৱাত ৰাহুলে উত্তৰ প্ৰদেশত  খোজকাঢ়ি যাত্ৰা কৰিব।

কংগ্ৰেছে অহা ১১ৰ পৰা ১৫ জুনলৈ উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ৰ আয়োজন কৰিছে। দলৰ শীৰ্ষ নেতৃত্বৰ লগতে কৰ্মী আৰু সমৰ্থকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত খোজ কাঢ়িছিল ৰাহুল গান্ধীয়ে। এই যাত্ৰাৰ সময়ত তেওঁ কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা বাছেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত এইবাৰ নতুন ‘যাত্ৰা’ ঘোষণা কৰিছে কংগ্ৰেছে। ৰাহুলকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ত খোজ দিব। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল দেখি আপাততঃ তেনে  সিদ্ধান্ত লোৱা হৈছে।  উত্তৰ প্ৰদেশত মুঠ ৪০৩টা বিধানসভা সমষ্টি আছে। এই ‘যাত্ৰা’ প্ৰতিটো সমষ্টিলৈ যাব। মূলতঃ কংগ্ৰেছে কয় যে এই কাৰ্যসূচীৰ দ্বাৰা  উত্তৰ প্ৰদেশৰ জনসাধাৰণক ধন্যবাদ জনাব বিচাৰিছে। 

এই লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশে বিজেপিক জোকাৰি গৈছে। নির্বাচনৰ পূর্বে য’ত ৰাম মন্দিৰ  উদ্বোধন কৰা হৈছিল তাতেই বিজেপিৰ পৰাজয় হৈছে। বিজেপিৰ  দুর্গ হিচাপে পৰিচিত ৰাজ্যখনে ৮০খন আসনৰ ভিতৰত মাত্র ৩৩খন আসনহে লাভ কৰিছে৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট  ৪৩খন আসন লাভ কৰিছে। তাৰ ভিতৰত কংগ্ৰেছৰ ৬ খন আসন আৰু মিত্ৰজোঁটৰ অংশীদাৰ সমাজবাদী পাৰ্টিৰ ৩৭ খন আসন আছে।

২০১৯ চনৰ তুলনাত উত্তৰ প্ৰদেশৰ ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলত তীব্ৰ পাৰ্থক্য দেখা গৈছে। যোৱাবাৰ অকল বিজেপিয়ে সেই ৰাজ্যত ৬২ খন আসন লাভ কৰিছিল। সেইবাৰ সমাজবাদী পাৰ্টিয়ে পাঁচখন আসন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিছিল। এইবাৰ ফলাফল কাৰ্যতঃ ওলোটা হৈ পৰিল। বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ী হ’লেও তেওঁৰ জয়ৰ ব্যৱধান আছিল অতি কম, মাত্ৰ ডেৰ লাখ।

এইবাৰৰ নির্বাচনত উত্তৰ প্রদেশৰ আমেথি কেন্দ্রৰ ফলাফলেও বিশেষ চমক দিলে৷ বিজেপিৰ স্মৃতি ইৰাণীয়ে যোৱাবাৰ সেই কেন্দ্ৰত ৰাহুলক পৰাস্ত কৰিছিল।এইবাৰ তেওঁ আমেথিৰ পৰা ডেৰ লাখৰো অধিক ভোটত কংগ্ৰেছৰ কে এল  শৰ্মাৰ হাতত পৰাস্ত হয়। মুঠৰ ওপৰত উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ফলাফল ভাল। সেইবাবেই উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ