--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া ৭-১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়টো কাৰ্যকালৰ বাবে প্ধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ ৭ খন দেশৰ ৰাষ্ট্ৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছে। একেদৰে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকো নিমন্ত্ৰণ জনোৱা হৈছে। ৰাজনৈতিক সৌজন্যতাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ  শপতগ্ৰহণ অনুষ্ঠানত  অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। অৱশ্যে   তৃণমূল কংগ্ৰেছ মোদীৰ  শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি স্পষ্টকৰি দিছে। 

দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ  নিমন্ত্ৰণী পত্ৰ শনিবাৰে সন্ধিয়ালৈকে কোনো বিৰোধী দলৰ ওচৰলৈ যোৱা নাছিল। নিশা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ সুদীপ বেনাৰ্জীক বিদায়ী মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল। সুদীপ বেনাৰ্জীয়ে কয় , "ৰাতি মোক নিমন্ত্ৰণ কৰিছিল। কিন্তু মোৰ দলে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।"

সুদীপৰ দৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও নিশাহে নিমন্ত্ৰণী পত্ৰখন পাইছিল। দেওবাৰে পুৱা কংগ্ৰেছে অৱগত কৰে যে মোদীৰ শপতগ্ৰহণত খাৰ্গে উপস্থিত থাকিব। আন বিৰোধী দলৰ পৰাও একাংশ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। খবৰ পোৱা গৈছে যে তেওঁলোকেও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে। প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নিদিয়াৰ  বাবে অৱশ্যে শনিবাৰে বিয়লি কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰিছিল। দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে ক্ষোভ প্ৰকাশ কৰি কৈছিল  "প্ৰধানমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানলৈ বিদেশীৰ  নেতাক নিমন্ত্ৰণ জনাইছে, কিন্তু দেশৰ নেতাক নিমন্ত্ৰণ কৰিবলৈ সময় নাপালে। বিৰোধীৰ সৈতে আগবাঢ়ি যাব বুলি কৈছে মোদীয়ে। কিন্তু এয়া আপোনাৰ অৱজ্ঞা কৰাৰ  নমুনা নেকি?”

ইফালে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ পূৰ্বে পুৱা ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ