--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া ৭-১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়টো কাৰ্যকালৰ বাবে প্ধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ ৭ খন দেশৰ ৰাষ্ট্ৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছে। একেদৰে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকো নিমন্ত্ৰণ জনোৱা হৈছে। ৰাজনৈতিক সৌজন্যতাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ  শপতগ্ৰহণ অনুষ্ঠানত  অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। অৱশ্যে   তৃণমূল কংগ্ৰেছ মোদীৰ  শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি স্পষ্টকৰি দিছে। 

দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ  নিমন্ত্ৰণী পত্ৰ শনিবাৰে সন্ধিয়ালৈকে কোনো বিৰোধী দলৰ ওচৰলৈ যোৱা নাছিল। নিশা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ সুদীপ বেনাৰ্জীক বিদায়ী মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল। সুদীপ বেনাৰ্জীয়ে কয় , "ৰাতি মোক নিমন্ত্ৰণ কৰিছিল। কিন্তু মোৰ দলে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।"

সুদীপৰ দৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও নিশাহে নিমন্ত্ৰণী পত্ৰখন পাইছিল। দেওবাৰে পুৱা কংগ্ৰেছে অৱগত কৰে যে মোদীৰ শপতগ্ৰহণত খাৰ্গে উপস্থিত থাকিব। আন বিৰোধী দলৰ পৰাও একাংশ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। খবৰ পোৱা গৈছে যে তেওঁলোকেও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে। প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নিদিয়াৰ  বাবে অৱশ্যে শনিবাৰে বিয়লি কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰিছিল। দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে ক্ষোভ প্ৰকাশ কৰি কৈছিল  "প্ৰধানমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানলৈ বিদেশীৰ  নেতাক নিমন্ত্ৰণ জনাইছে, কিন্তু দেশৰ নেতাক নিমন্ত্ৰণ কৰিবলৈ সময় নাপালে। বিৰোধীৰ সৈতে আগবাঢ়ি যাব বুলি কৈছে মোদীয়ে। কিন্তু এয়া আপোনাৰ অৱজ্ঞা কৰাৰ  নমুনা নেকি?”

ইফালে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ পূৰ্বে পুৱা ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু