--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি নতুন চিন্তা আৰম্ভ কৰিছে শ্ৰীলংকাই। দ্বীপ ৰাষ্ট্ৰখনে ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। বিগত কেইবছৰমানৰ পৰা ভাৰত মহাসাগৰ অঞ্চলটো কূটনৈতিক মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। অঞ্চলটোত প্ৰভাৱৰ সংগ্ৰামত আমেৰিকা আৰু চীন কাৰ্যতঃ মুখামুখি হৈছে।

ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৰাছিয়া আৰু পশ্চিমীয়া বিশ্বৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছে। ভাৰত মহাসাগৰীয় অঞ্চলত ৰাছিয়াই যাতে প্ৰভাৱ বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে পশ্চিমীয়া শক্তিসমূহে চকু ৰাখিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একচেটিয়া অধিকাৰ হ্ৰাস কৰিবলৈ আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰত একত্ৰিত হৈছে। চাৰিখন দেশৰ ‘কুৱাড’ গোট গঠন কৰা হৈছে।

এনেসময়চে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহে শনিবাৰে কয় যে ভাৰত মহাসাগৰৰ এই “যুদ্ধ”ত শ্ৰীলংকাই নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিব। দ্বীপ ৰাষ্ট্ৰখনে কেৱল নিজৰ নিৰাপত্তা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব দিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। শনিবাৰে শ্ৰীলংকাৰ দক্ষিণ জিলা গালেত নৌসেনাৰ বিষয়াসকলক সম্বোধন কৰি আছিল উইক্ৰামসিংহে। তাত তেওঁ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশলৰ পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰে।

বর্তমান ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু জলবায়ুৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই নিৰাপত্তা কৌশল পুনৰ বিবেচনা কৰাটো প্রয়োজন বুলি উল্লেখ কৰে উইক্রমাসিংহে৷ উইক্ৰামসিংহৰ এই কথাই ভাৰত মহাসাগৰীয় অঞ্চলক লৈ চীন আৰু আমেৰিকাৰ মাজত উত্তেজনাও উত্থাপন কৰিলে। অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীয়ে সোঁৱৰাই দিয়ে যে ই এখন সৰু দ্বীপ ৰাষ্ট্ৰ হ’লেও এই মহাসাগৰত শ্ৰীলংকাৰ গুৰুত্ব অপৰিসীম।

উইক্ৰামসিংহে কয়, ‘আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰত মহাসাগৰে মুখ্য ভূমিকা পালন কৰে। আৰু দ্বীপ ৰাষ্ট্ৰ হিচাপে এই সাগৰত আমাৰো ডাঙৰ ভূমিকা আছে।"

ভাৰত মহাসাগৰে আগুৰি থকা শ্ৰীলংকাৰ সমসাময়িক নিৰাপত্তা কৌশল নিৰ্ধাৰণৰ বাবে অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেলৰ নেতৃত্বত এটা দল গঠন কৰিছে শ্ৰীলংকাই। এই দলটোৱে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাক প্ৰতিবেদন দিব। পৰিৱৰ্তিত ভাৰত মহাসাগৰৰ বিষয়ে কওঁতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে তাত চাবমেৰিন আৰু চোৱাচিতা জাহাজৰ সংখ্যা বৃদ্ধি পাইছে।

অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটত ভুগি থকা শ্ৰীলংকাৰ ওপৰত চীনৰ প্ৰভাৱ সকলোৰে পৰিচিত। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ একাংশ পৰ্যবেক্ষকৰ মতে দক্ষিণ-পূব এছিয়াৰ বহু দেশৰ দৰে শ্ৰীলংকাও চীনৰ ঋণৰ জালত আবদ্ধ হৈ পৰিছে। চীনৰ চোৰাংচোৱা জাহাজ ‘ৱান ৱাং-৫’ যোৱা বছৰ শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰত উপস্থিত হৈছিল। এই সন্দৰ্ভত নতুন দিল্লীয়ে কলম্বোক সকীয়াই দিয়ে।

চোৰাংচোৱা জাহাজখনে ৭৫০ কিলোমিটাৰ দূৰত্বত পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ গৱেষণাৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। সেই সময়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশ্বাস কৰিছিল যে এই জাহাজখন শ্ৰীলংকাৰ উপকূলৰ পৰা তামিলনাডুৰ কল্পকাম, কুডানকুলামকে ধৰি বিভিন্ন পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ চোৰাংচোৱাগিৰি কৰিবলৈ আহিছিল।

একাংশ লোকে শ্ৰীলংকাৰ নিৰপেক্ষ স্থিতি ঘোষণাৰ আঁৰত চীনৰ হাত দেখিছে। তেওঁলোকৰ মতে শ্ৰীলংকাই আপাত নিৰপেক্ষতাৰ কথা কৈ ভাৰত মহাসাগৰত চীনৰ একচেটিয়া অধিকাৰ নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। আৰ্থিকভাৱে দেউলীয়া শ্ৰীলংকাৰ কাষত ভাৰত থিয় হৈ থকাৰ সময়তে নতুন দিল্লী আৰু কলম্বো অতি ওচৰ চাপিছে। ৰাজপক্ষ যুগৰ সাময়িক শীতলতাক লৈ চুবুৰীয়া দুয়োৰে সম্পৰ্ক উষ্ণ হৈ পৰিছে। ভাৰত মহাসাগৰত চীনৰ প্ৰভাৱ আৰু সম্প্ৰসাৰণ হ্ৰাস কৰিবলৈ ভাৰতে শ্ৰীলংকাক নিজৰ পক্ষত আনিব পাৰিবনে নাই সেয়া হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস