--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই ৪৭ বছৰৰ পাছত চন্দ্ৰত চলোৱা অভিযান ব্যৰ্থ হয়৷ দেশখনে প্ৰেৰণ কৰা  লুনা-২৫ যানখন চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত বিধবস্ত হৈ পৰে৷ ইয়াৰ ফলত জোনবাইৰ দক্ষিণ মেৰুত অভিযান চলোৱাৰ ৰাছিয়াৰ পৰিকল্পনাও বিধবস্ত হৈ পৰে৷ চন্দ্ৰৰ দক্ষিণ মেৰুত এবছৰ অভিযান চলোৱাৰ লক্ষ্যৰে ৰাছিয়াই যানখনৰ ডিজাইন কৰিছিল৷ কিন্তু অৱতৰণৰ আগৰ পৰ্যায়ৰ কক্ষপথলৈ যোৱাৰ সময়ত যানখনত বিজুতিয়ে দেখা দিয়ে আৰু চন্দ্ৰ পৃষ্ঠত খুন্দা মাৰি বিধবস্ত হৈ পৰে৷ 

ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা-২৫য়ে অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই বিফল হোৱাৰ পাছতেই বিশ্বতে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে এই অভিযানত কাম কৰা এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীৰ হতাশা আৰু দুখত স্বাস্থ্যৰ অৱনতি ঘটে। মস্কোৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হৈছে। বিজ্ঞানীগৰাকীৰ নাম মিখাইল মাৰোভ।

'লুনা-২৫' বিফল হোৱাৰ পিছতে বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। শনিবাৰে ৯০ বছৰীয়া মিখাইল মাৰোভক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত বিজ্ঞানীজনে চিকিৎসালয়ৰ কক্ষৰ পৰাই সাংবাদিকৰ আগত কয় যে- 'মই লুনা-২৫ৰ বিষয়ে কেনেকৈ চিন্তা নকৰাকৈ থাকিব পাৰোঁ, সেয়া জীৱনৰ বাবে ডাঙৰ বিষয় হৈ পৰিছে।'

তেওঁৰ ভাষ্যৰ পৰাই স্পষ্ট হ'ব পাৰি যে, লুনা-২৫ৰ বিফলতাক সহজভাবে ল'ব পৰা নাই মিখাইল মাৰোভে। তদুপৰি সাংবাদিকৰ আগত অৱগত কৰা অনুসৰি, 'লুনা-২৫' বিফল হোৱাৰ সময়খিনিত ইমানেই ভয়ংকৰ বিধ্বংসী আছিল যে সেই বিধ্বংসী চাপে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। উল্লেখ্যযোগ্য যে, পূৰ্বে ছোভিয়েট ইউনিয়নৰ মহাকাশ অভিযানত কাম কৰা বিজ্ঞানীজনে 'লুনা-২৫' অভিযানক তেওঁৰ জীৱনৰ কামৰ সমাপ্তি বুলি অভিহিত কৰিছিল। সেয়ে এই অভিযানৰ বিফলতাক তেওঁ সহজভাবে ল'ব পৰা নাই বুলি মন্তব্য একাংশৰ।

ৰাছিয়াৰ এই অভিযান ব্যৰ্থ হোৱাৰ ফলত কেৱল দেশখনৰে নহয়, সমগ্ৰ বিশ্বৰে বৃহৎ লোকচান হৈছে৷ চৰকাৰীভাৱে এই অভিযানৰ বাজেট প্ৰকাশ কৰা নাই, কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে লুনা-২৫ অভিযানটোত প্ৰায় ১৬৬৩ কোটি টকা ব্যয় কৰিছিল৷

উল্লেখ্য যে সমগ্ৰ বিশ্বৰে মহাকাশ গৱেষণা সংস্থাসমূহে চন্দ্ৰৰ সৈতে জড়িত অভিযান চলাই আছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ