--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই ৪৭ বছৰৰ পাছত চন্দ্ৰত চলোৱা অভিযান ব্যৰ্থ হয়৷ দেশখনে প্ৰেৰণ কৰা  লুনা-২৫ যানখন চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত বিধবস্ত হৈ পৰে৷ ইয়াৰ ফলত জোনবাইৰ দক্ষিণ মেৰুত অভিযান চলোৱাৰ ৰাছিয়াৰ পৰিকল্পনাও বিধবস্ত হৈ পৰে৷ চন্দ্ৰৰ দক্ষিণ মেৰুত এবছৰ অভিযান চলোৱাৰ লক্ষ্যৰে ৰাছিয়াই যানখনৰ ডিজাইন কৰিছিল৷ কিন্তু অৱতৰণৰ আগৰ পৰ্যায়ৰ কক্ষপথলৈ যোৱাৰ সময়ত যানখনত বিজুতিয়ে দেখা দিয়ে আৰু চন্দ্ৰ পৃষ্ঠত খুন্দা মাৰি বিধবস্ত হৈ পৰে৷ 

ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা-২৫য়ে অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই বিফল হোৱাৰ পাছতেই বিশ্বতে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে এই অভিযানত কাম কৰা এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীৰ হতাশা আৰু দুখত স্বাস্থ্যৰ অৱনতি ঘটে। মস্কোৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হৈছে। বিজ্ঞানীগৰাকীৰ নাম মিখাইল মাৰোভ।

'লুনা-২৫' বিফল হোৱাৰ পিছতে বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। শনিবাৰে ৯০ বছৰীয়া মিখাইল মাৰোভক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত বিজ্ঞানীজনে চিকিৎসালয়ৰ কক্ষৰ পৰাই সাংবাদিকৰ আগত কয় যে- 'মই লুনা-২৫ৰ বিষয়ে কেনেকৈ চিন্তা নকৰাকৈ থাকিব পাৰোঁ, সেয়া জীৱনৰ বাবে ডাঙৰ বিষয় হৈ পৰিছে।'

তেওঁৰ ভাষ্যৰ পৰাই স্পষ্ট হ'ব পাৰি যে, লুনা-২৫ৰ বিফলতাক সহজভাবে ল'ব পৰা নাই মিখাইল মাৰোভে। তদুপৰি সাংবাদিকৰ আগত অৱগত কৰা অনুসৰি, 'লুনা-২৫' বিফল হোৱাৰ সময়খিনিত ইমানেই ভয়ংকৰ বিধ্বংসী আছিল যে সেই বিধ্বংসী চাপে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। উল্লেখ্যযোগ্য যে, পূৰ্বে ছোভিয়েট ইউনিয়নৰ মহাকাশ অভিযানত কাম কৰা বিজ্ঞানীজনে 'লুনা-২৫' অভিযানক তেওঁৰ জীৱনৰ কামৰ সমাপ্তি বুলি অভিহিত কৰিছিল। সেয়ে এই অভিযানৰ বিফলতাক তেওঁ সহজভাবে ল'ব পৰা নাই বুলি মন্তব্য একাংশৰ।

ৰাছিয়াৰ এই অভিযান ব্যৰ্থ হোৱাৰ ফলত কেৱল দেশখনৰে নহয়, সমগ্ৰ বিশ্বৰে বৃহৎ লোকচান হৈছে৷ চৰকাৰীভাৱে এই অভিযানৰ বাজেট প্ৰকাশ কৰা নাই, কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে লুনা-২৫ অভিযানটোত প্ৰায় ১৬৬৩ কোটি টকা ব্যয় কৰিছিল৷

উল্লেখ্য যে সমগ্ৰ বিশ্বৰে মহাকাশ গৱেষণা সংস্থাসমূহে চন্দ্ৰৰ সৈতে জড়িত অভিযান চলাই আছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস