--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঋষি সুনকে ব্ৰিটেইনৰ ৫৭সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ভাৰতত আনন্দৰ সীমা নোহোৱা হৈছে। দিৱালীৰ দিনা সেয়ে সামাজিক মাধ্যমত সুনকক লৈ বিভিন্ন ট্ৰেণ্ডিং হোৱা দেখা গ’ল। এইখিনিতে জানো আহক ঋষি সুনকৰ বিষয়ে নজনা কিছু তথ্য।

পোনপ্ৰথমেই দিবলগা তথ্যটো হৈছে ঋষি সুনক প্ৰকৃততে 'ভাৰতীয়’ নহয়। বৰঞ্চ ভাৰতীয় মূলৰহে। ভাৰতে স্বাধিনতা লাভ কৰাৰ পূৰ্বেই তেওঁৰ উপৰিপুৰুষে দেশ এৰি গৈছিল। তেতিয়া ভাৰত আৰু পাকিস্তান বিভক্ত হোৱা নাছিল।

কিন্তু ভাৰত আৰু পাকিস্তান বিভক্ত হোৱাৰ বাবে ঋষি সুনকক ভাৰতীয় মূলৰ বোলাতকৈ পাকিস্তানৰ মূলৰ বুলি কোৱাহে ভাল হ’ব। তেওঁৰ উপৰিপুৰুষ পাকিস্তানৰ লাহোৰৰ সমীপৱৰ্তী গুজ্ৰনৱালাৰ বাসিন্দা আছিল।

জানিব পৰা মতে, ১৯৩৫ চনত তেওঁৰ ককাক ৰামদাস সুনাক আৰু আইতাক সুহাগ ৰাণী সুনকে সপৰিবাৰে কেনিয়াৰ নাইৰোবিলৈ প্ৰব্ৰজন কৰে। তাত ৰামদাসে এজন কেৰাণীৰ কামত নিযুক্ত হয়।

১৯৪৯ চনত ঋষি সুনকৰ দেউতাক যশবীৰ সুনকৰ জন্ম হয়। ১৯৬৬ চনত যশবীৰে ইংলেণ্ডৰ লিভাৰপুললৈ প্ৰব্ৰুজন কৰে। তাতে ঊষা বেৰী নামৰ আন এগৰাকী ভাৰতীয় মূলৰ যুৱতীৰে তেওঁ বিবাহপাশত আৱদ্ধ হয়

ঋষি সুনকৰ জন্ম হয় ১৯৮০ চনত, ইংলেণ্ডৰ চাউডাম্পটনত। সেয়ে তেওঁ এগৰাকী ব্ৰিটিছ নাগৰিক। অধ্যয়ন কৰে ব্ৰিটেইনৰে ৱিনচেষ্টাৰ কলেজ আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত। 

ঋষি সুনক ব্ৰিটেইনৰ এগৰাকী আগশাৰীৰ চহকী ব্যক্তি। আনকি ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়তকৈও তেওঁ দুগুণ ধনী। জানিব পৰামতে, সুনক আৰু তেওঁৰ পত্নী আক্ষাতা মূৰ্তিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৩০ মিলিয়ন ইউৰো। আনহাতে, কিং চাৰ্লছ আৰু চাৰ্লছৰ পত্নী কেমিলাৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৫০ মিলিয়ন ইউৰোৰ ভিতৰত।

কেৱল ব্ৰিটেইনেই নহয়, বিশ্বজুৰি সুনক আৰু আক্ষাতাৰ সম্পত্তি আছে। আক্ষাতা মূৰ্তি ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি তথা ইনফ’চিছৰ সহঃপ্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তি আৰু লেখিকা সুধা মূৰ্তিৰ কন্যা। নাৰায়ণ মূৰ্তিৰ কন্যা হোৱাৰ সূত্ৰে ইনফ’চিচৰ এটা অংশ আক্ষাতাৰো আছে।

কোকা-কোলা পান কৰি ভাল পায় সুনকে। নিজকে এবাৰ 'ক’ক এডিক্ট’ বুলি কৈছিল তেওঁ। কৈছিল যে 'মেক্সিকান ক’ক’ তেওঁৰ প্ৰিয়।

এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক হিচাপে তেওঁ প্ৰথমগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে। কৃষ্ণাংগ বৰ্ণৰো তেওঁ প্ৰথমজন ব্ৰিটিছ প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।

তদুপৰি যোৱা ২০০ বছৰৰ ভিতৰত ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপেও তেওঁ পৰিগণিত হৈছে। সুনকৰ বয়স মাত্ৰ ৪২। ইয়াৰ পূৰ্বে ১৭৮৩ চনৰ পৰা ১৮০৪ চনলৈকে কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে আছিল ৱিলিয়াম পিট দ্যা ইয়ংগাৰ।

দেশখনৰ প্ৰধানমন্ত্ৰী পদবীও তেওঁ অতি সোনকালেই লাভ কৰিছে। ২০১৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হয় আৰু সাত বছৰৰ পাছতে দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ পূৰ্বে ডেভিড কেমেৰুণে ২০০১ চনত প্ৰথমবাৰ সাংসদ নিৰ্বাচিত হোৱাৰ ৯ বছৰৰ পাছত এই পদত অধিষ্ঠিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক