--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনক আৰ্থিক সংকটৰ দূৰ কৰিব ঋষি সুনাকে। বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছৰ ভুলসমূহ শুধৰাবলৈ চেষ্টা কৰিব নতুন প্ৰধানমন্ত্ৰীয়ে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দিয়া প্ৰথমটো ৰাজহুৱা ভাষণত এই প্ৰতিশ্ৰুতি দিয়ে।

ভাষণটোত তেওঁ কয় যে আৰ্থিক সংকটৰ পৰা উদ্ধাৰ লাভ কৰিবলৈ ব্ৰিটেইনবাসীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লব লাগিব।

''বৰ্তমান আমাৰ দেশখন ভয়াৱহ আৰ্থিক সংকটৰ মুখামুখি। কভিড পৰিস্থিতিয়ে এতিয়াও দেশখনক ডুবাই ৰাখিছে।’’- সুনকে কয়।

তেওঁ এইক্ষেত্ৰত ইউক্ৰেইন যুদ্ধৰ প্ৰসংগো টানি আনে। কয় যে ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি শক্তিখণ্ডৰ বজাৰত অস্থিৰতা আনিছে।

বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছক প্রশংসা কৰি কয় যে তেওঁ দেশখন আগুৱাই নিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছু ত্ৰুটি ৰৈ গ, সেইসমূহৰ উদ্দেশ্য বেয়া নাছিল।

''মই সেই ভুল-ত্ৰুটিসমূহ শুধৰাবলৈ মোৰ দলৰ নেতা, আপোনালোকৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছো।’’- সুনকে কয়।

''মই অৰ্থনৈতিক স্থিৰতা আৰু চৰকাৰৰ কাৰ্যপ্ৰণালীৰ বিশ্বাসযোগ্যতাক গুৰুত্ব দিম।’’- সুনকে কয়- ''মই আমাৰ দেশখনক কথাৰে নহয়, কামেৰে এক কৰি ৰাখিম।’’

উল্লেখ্য যে চলিত বৰ্ষত ব্ৰিটেইনত ভয়াৱহ আৰ্থিক সংকটৰ বাবে দুজনকৈ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে। ঋষি সুনকে তৃতীয়জন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন