--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনক আৰ্থিক সংকটৰ দূৰ কৰিব ঋষি সুনাকে। বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছৰ ভুলসমূহ শুধৰাবলৈ চেষ্টা কৰিব নতুন প্ৰধানমন্ত্ৰীয়ে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দিয়া প্ৰথমটো ৰাজহুৱা ভাষণত এই প্ৰতিশ্ৰুতি দিয়ে।

ভাষণটোত তেওঁ কয় যে আৰ্থিক সংকটৰ পৰা উদ্ধাৰ লাভ কৰিবলৈ ব্ৰিটেইনবাসীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব লাগিব।

''বৰ্তমান আমাৰ দেশখন ভয়াৱহ আৰ্থিক সংকটৰ মুখামুখি। ক’ভিড পৰিস্থিতিয়ে এতিয়াও দেশখনক ডুবাই ৰাখিছে।’’- সুনকে কয়।

তেওঁ এইক্ষেত্ৰত ইউক্ৰেইন যুদ্ধৰ প্ৰসংগো টানি আনে। কয় যে ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি শক্তিখণ্ডৰ বজাৰত অস্থিৰতা আনিছে।

বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছক প্রশংসা কৰি কয় যে তেওঁ দেশখন আগুৱাই নিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছু ত্ৰুটি ৰৈ গ’ল, সেইসমূহৰ উদ্দেশ্য বেয়া নাছিল।

''মই সেই ভুল-ত্ৰুটিসমূহ শুধৰাবলৈ মোৰ দলৰ নেতা, আপোনালোকৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছো।’’- সুনকে কয়।

''মই অৰ্থনৈতিক স্থিৰতা আৰু চৰকাৰৰ কাৰ্যপ্ৰণালীৰ বিশ্বাসযোগ্যতাক গুৰুত্ব দিম।’’- সুনকে কয়- ''মই আমাৰ দেশখনক কথাৰে নহয়, কামেৰে এক কৰি ৰাখিম।’’

উল্লেখ্য যে চলিত বৰ্ষত ব্ৰিটেইনত ভয়াৱহ আৰ্থিক সংকটৰ বাবে দুজনকৈ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে। ঋষি সুনকে তৃতীয়জন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক