--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পৃথক হ’ল নেকি কাশ্মীৰ? নতুন এখন দেশ হিচাপে পৰিচিতি লাভ কৰিলে নেকি কাশ্মীৰে? হয়, এই সম্পৰ্কে এটি নতুন বাতৰি লাভ কৰা গৈছে।

বিহাৰৰ এখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকতত কাশ্মীৰক ভাৰতৰ পৰা পৃথক এখন সুকীয়া দেশ হিচাপে দেখুওৱা হৈছে। বিহাৰ চৰকাৰৰ শিক্ষা বিভাগৰ উক্ত পৰীক্ষাটোত সোধা হৈছে যে- “যিদৰে চীনৰ লোকসকলক চাইনীজ বুলি কোৱা হয়, সেইদৰে নেপাল, ইংলেণ্ড, কাশ্মীৰ আৰু ভাৰতৰ লোকসকলক কি বুলি কোৱা হয়?”

প্ৰশ্নটোত উল্লেখ কৰা দেশকেইখনৰ স’তে কাশ্মীৰকো অন্তৰ্ভূক্ত কৰাত বিতৰ্কৰ সূচনা হৈছে। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক এগৰাকীয়ে ইয়াক শিক্ষা বিভাগৰ এটা সামান্য ভুল বুলি আখ্যা দিছে।

আনহাতে, বিষয়টো লৈ বিভাগীয় কৰ্তৃপক্ষই কোনো মন্তব্য কৰা নাই। কিন্তু স্থানীয় বিজেপি নেতাসকলে ইয়াক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে। বিষয়টো তেওঁলোকে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰো দৃষ্টিগোচৰ কৰিছে।

বিহাৰ বিজেপিৰ সভাপতি সঞ্জয় জয়চৱালে সামাজিক মাধ্যমত প্ৰশ্নকাকতখনৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে বিহাৰ চৰকাৰে কাশ্মীৰক ভাৰতৰ অংগ হিচাপে নাভাবে। ইয়াৰ দ্বাৰা নীতিশ কুমাৰৰ ভাৰতবিৰোধী দৃষ্টিভংগী প্ৰকট হৈছে বুলিও তেওঁ কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু