--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পৃথক হ’ল নেকি কাশ্মীৰ? নতুন এখন দেশ হিচাপে পৰিচিতি লাভ কৰিলে নেকি কাশ্মীৰে? হয়, এই সম্পৰ্কে এটি নতুন বাতৰি লাভ কৰা গৈছে।

বিহাৰৰ এখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকতত কাশ্মীৰক ভাৰতৰ পৰা পৃথক এখন সুকীয়া দেশ হিচাপে দেখুওৱা হৈছে। বিহাৰ চৰকাৰৰ শিক্ষা বিভাগৰ উক্ত পৰীক্ষাটোত সোধা হৈছে যে- “যিদৰে চীনৰ লোকসকলক চাইনীজ বুলি কোৱা হয়, সেইদৰে নেপাল, ইংলেণ্ড, কাশ্মীৰ আৰু ভাৰতৰ লোকসকলক কি বুলি কোৱা হয়?”

প্ৰশ্নটোত উল্লেখ কৰা দেশকেইখনৰ স’তে কাশ্মীৰকো অন্তৰ্ভূক্ত কৰাত বিতৰ্কৰ সূচনা হৈছে। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক এগৰাকীয়ে ইয়াক শিক্ষা বিভাগৰ এটা সামান্য ভুল বুলি আখ্যা দিছে।

আনহাতে, বিষয়টো লৈ বিভাগীয় কৰ্তৃপক্ষই কোনো মন্তব্য কৰা নাই। কিন্তু স্থানীয় বিজেপি নেতাসকলে ইয়াক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে। বিষয়টো তেওঁলোকে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰো দৃষ্টিগোচৰ কৰিছে।

বিহাৰ বিজেপিৰ সভাপতি সঞ্জয় জয়চৱালে সামাজিক মাধ্যমত প্ৰশ্নকাকতখনৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে বিহাৰ চৰকাৰে কাশ্মীৰক ভাৰতৰ অংগ হিচাপে নাভাবে। ইয়াৰ দ্বাৰা নীতিশ কুমাৰৰ ভাৰতবিৰোধী দৃষ্টিভংগী প্ৰকট হৈছে বুলিও তেওঁ কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক