--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত বনাম পাকিস্তানৰ মেচ মানেই ক্ৰিকেট বিশ্বত এক অনামী উত্তেজনা। কেৱল দেশ দুখনৰ ভিতৰতেই নহয়, এই উত্তেজনাই স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বকে। কিন্তু আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। মূলত: ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ পৰা আঁতৰি আছে দুই চুবুৰীয়া ক্ৰিকেট শক্তি। এনে সময়তে বিশ্বৰ অগনণ ক্ৰিকেটপ্ৰেমীৰ উপভোগ্য হোৱাকৈ ইংলেণ্ডৰ ক্ৰিকেট বৰ্ডে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডলৈ দেশ দুখনৰ মাজত পুনৰ দ্বিপাক্ষিক শৃংখলা আৰম্ভ কৰাৰ বাবে এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে। 
দুয়োখন দেশৰ মাজত এক নিৰপেক্ষ স্থান হিচাপে ইংলেণ্ডতে দ্বিপাক্ষিক টেষ্ট শৃংখলা আয়োজনৰ প্ৰস্তাৱ দিছে ইংলেণ্ডৰ ক্ৰিকেট ব'ৰ্ডে। দেশখনৰ আগশাৰীৰ সংবাদ সংস্থা 'টেলিগ্ৰাফ'-এ প্ৰকাশ কৰা অনুসৰি ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ উপাধ্যক্ষ মাৰ্টিন ডাৰ্লোৱে চলিত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চলিত টুৱেণ্টি-২০ শৃংখলাৰ সময়ত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ সৈতে এই বিষয়ত আলোচনা কৰিছে আৰু ভৱিষ্যতে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ আয়োজনৰ স্থান হিচাপে ইংলেণ্ডৰ খেলপথাৰ আগবঢ়াইছে।  

কিন্তু ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। বিচিচিআইৰ এক সূত্ৰই এই প্ৰস্তাৱৰ সন্দৰ্ভত মন্তব্য কৰি অদূৰ ভৱিষ্যতেও এনে হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য বুলি  উল্লেখ কৰে। এই বিষয়ত ভাৰতৰ স্থিতিৰ বিষয়ে বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে পাকিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা সন্দৰ্ভত বিচিচিআইয়ে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। ভাৰত চৰকাৰেহে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বিষয়াগৰাকীয়ে সোঁৱৰাই দিয়ে। 

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে আগবঢ়োৱা এই প্ৰস্তাৱৰ কাৰণ সন্দৰ্ভত টেলিগ্ৰাফত উল্লেখ কৰে যে ভাৰত-পাকিস্তানৰ খেলে ইংলেণ্ডত যথেষ্ট ক্ৰিকেট অনুৰাগীক আকৰ্ষিত কৰিব। দেশখনত দুখনৰ মাজৰ ক্ৰিকেট মেচৰ দ্বাৰা বৃহৎ পৰিমাণৰ ৰাজহ লাভৰ সম্ভাৱনাৰ বিষয়েও প্ৰতিবেদনটোত ইঙ্গিত বহন কৰিছে। অৱশ্যে ট্ৰেলিগ্ৰাফে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এই প্ৰস্তাৱ পাকিস্তান ক্ৰিকেট  ব’ৰ্ডেও নাকচ কৰিছে বুলি স্পষ্ট কৰি দিয়ে। 

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে অন্তিমবাৰৰ বাবে ২০১২ চনত সীমিত অভাৰৰ দ্বিপাক্ষিক শৃংখলাত ভাগ লৈছিল। আনহাতে ২০০৭ চনতে দুয়োখন দেশে অন্তিমটো টেষ্ট শৃংখলাত অৱতীৰ্ণ হৈছিল। লক্ষ্যণীয়ভাৱে কিছুদিন পূৰ্বে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰামিজ ৰাজাইও ভাৰত, পাকিস্তান,  অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক সামৰি এক চাৰিদেশীয় টি-২০ প্ৰতিযোগিতাৰ পোষকতা কৰিছিল। অৱশ্যে ৰাজাৰ এই প্ৰস্তাৱো বিচিচিআই- এ নাকচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক